'দেশৰ জনতাৰ স্বাস্থ্যৰে হেতালি খেলি NDA চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰিছে'- ভূপেন বৰা

নীট-ইউজি নেট পৰীক্ষাত হোৱা অনিয়মৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ
'দেশৰ জনতাৰ স্বাস্থ্যৰে হেতালি খেলি NDA চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰিছে'- ভূপেন বৰা
'দেশৰ জনতাৰ স্বাস্থ্যৰে হেতালি খেলি NDA চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰিছে'- ভূপেন বৰা
Published on
Updated on

ডিজিটেল সংবাদ গুৱাহাটীঃ সৰ্বভাৰতীয় পৰ্যায়ৰ নীট আৰু ইউজিচি নেট পৰীক্ষাত হোৱা ব্যাপক খেলিমেলি আৰু কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰ ৰাজীৱ ভৱনতো আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই নীট পৰীক্ষাৰ ফলাফল লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ দিনাই অৰ্থাৎ ৪ জুনত কিয় প্ৰকাশ কৰিবলগীয়া হ’ল বুলিও প্ৰশ্ন কৰে।

বৰাই কয় যে, ৪ জুনত নীটৰ দৰে সৰ্বভাৰতীয় পৰীক্ষাৰ ফলাফল ঘোষণা কৰি বিজেপি চৰকাৰে অনিয়ম লুকুৱাই ৰাখিবলৈ অপচেষ্টা চলাইছিল। চিকিৎসকসকল হৈছে আমাৰ দেশৰ সম্পদ। দেশবাসীৰ সুস্বাস্থ্য চিকিৎসকসকলৰ ওপৰতেই নিৰ্ভৰ কৰে। তৎসত্বেও এনডিএ চৰকাৰে দেশৰ ৫৫ হাজাৰ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী বাছনি কৰা পৰীক্ষাত অনিয়ম সংঘটিত কৰিছে। ইয়াৰ অৰ্থ এয়াই যে চৰকাৰখনে দেশৰ জনতাৰ স্বাস্থ্যৰ সৈতে হেতালি খেলিছে। দেশৰ জনতাৰ সৈতে হেতালি খেলা কাৰ্য মানেই হৈছে ৰাষ্ট্ৰদ্ৰোহ। মোদীৰ এনডিএ চৰকাৰখনে ৰাষ্ট্ৰদ্ৰোহিতাৰ দৰে কাৰ্যত লিপ্ত হৈছে।

বিহাৰ, গুজৰাট আৰু হাৰিয়ানাত হোৱা গ্ৰেপ্তাৰৰ পৰা পৰিকল্পিতভাৱে যে নীটত দুৰ্নীতি কৰিছিল সেয়া স্পষ্ট হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰি বৰাই পুনৰ কয় যে বিজেপি শাসিত ৰাজ্যসমূহত এই পৰীক্ষাৰ নামত দুৰ্নীতি সংঘটিত হৈছে। উচ্চতম ন্যায়ালয়েও এই অভিযোগসমূহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে আৰু বিজেপিৰ আমোলত সংঘটিত এনে অনিয়মে সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটোৰ প্ৰতিয়েই বিশ্বাসযোগ্যতা হেৰুৱাইছে আৰু অগণন নিষ্ঠাবান ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ বিপন্ন কৰি তুলিছে।

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰি দিয়া বুলি দাবী কৰা মোদীয়ে কিয় নীটৰ দৰে গুৰুত্বপূৰ্ণ সৰ্বভাৰতীয় পৰীক্ষাটোও ভালকৈ পাতিব নোৱাৰিলে বুলিও প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। উল্লেখ্য যে, ৫ মে'ত ৪,৭৫০ টা কেন্দ্ৰত অনুষ্ঠিত হোৱা এই পৰীক্ষাত প্ৰায় ২৪ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। দুৰ্নীতি গাপ দিয়াৰ বাবে বিজেপিৰ কথা অনুসৰিয়েই নেশ্যনেল টেষ্টিং এজেন্সি চমুকৈ এনটিএয়ে ফলাফলৰ নিৰ্ধাৰিত দিন ১৪ জুনৰ পৰিৱৰ্তে ১০ দিন আগতেই ফলাফল ঘোষণা কৰিছিল বুলিও তেওঁ অভিযোগ কৰে।

সভাপতি বৰাই এই দুৰ্নীতিৰ তদন্ত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত কৰাৰ বাবে দাবী জনায়। এই প্ৰতিবাদী কাৰ্যসূচীত বিধায়ক ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস, অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি ববিতা শৰ্মাকে আদি কৰি কেবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই ভাষণ প্ৰদান কৰি লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিবলৈ শাসকীয় এনডিএ চৰকাৰে ক’ৰ পৰা অধিকাৰ পালে বুলি তীব্ৰ সমালোচনা কৰে।

'দেশৰ জনতাৰ স্বাস্থ্যৰে হেতালি খেলি NDA চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ কাম কৰিছে'- ভূপেন বৰা
ডিচেম্বৰত শিলন্যাস হ'ব কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ ! মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে প্ৰস্তাৱিত ভূমি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in