APSC কেলেংকাৰী: ৯ জনৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ বিশেষ ন্যায়াধীশ আদালতৰ
APSC কেলেংকাৰী: ৯ জনৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ বিশেষ ন্যায়াধীশ আদালতৰ

APSC কেলেংকাৰী: ৯ জনৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ বিশেষ ন্যায়াধীশ আদালতৰ

বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম আছিল এই ৯ গৰাকী বিষয়াৰ
Published on

ডিজিটেল ডেস্কঃ অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ জড়িত ৯ জনৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰিলে বিশেষ ন্যায়াধীশ আদালতে। বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম উল্লেখ থকা এই ৯ গৰাকী ৰাজপত্ৰিত বিষয়া ক্ৰমে এ পি এছ নৱনীতা শৰ্মা, এ চি এছ নন্দিতা হাজৰিকা, এ পি এছ অসমীয়া কলিতা, এ চি এছ ত্ৰিদীপ ৰয়, এ চি এছ অমৃত ৰাজ চৌধুৰী, এ চি এছ জগদীশ ব্ৰহ্ম, এ চি এছ বিক্ৰম আদিত্য বৰা আৰু স্বৰূপ কুমাৰ ভট্টাচাৰ্য। ইয়াৰে স্বৰূপ কুমাৰ ভট্টাচাৰ্যই এ পি এছত প্ৰথম স্থান দখল কৰিও চাকৰিত যোগদান কৰা নাছিল।

লক্ষ্যণীয় ভাৱে বিপ্লৱ শৰ্মা আয়োগে ২০১৩ আৰু ২০১৪ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীত জড়িত মুঠ ৩৯ গৰাকী বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিছিল। এই তদন্তৰ অন্তত আয়োগে নিজৰ প্ৰতিবেদন দাখিল কৰিলে যদিও সেই প্ৰতিবেদনৰ ভিত্তিত সকলোৰে বিৰুদ্ধে তদন্ত হোৱা পৰিলক্ষিত নহ'ল।

অসম চৰকাৰে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত তদন্ত কৰিবলৈ প্ৰতীক থুবেৰ নেতৃত্বত গঠন কৰি দিছিল বিশেষ তদন্তকাৰী গোট। এই তদন্তকাৰী গোটে প্ৰথমে মাত্ৰ ৫ গৰাকী ৰাজপত্ৰিত বিষয়াকহে গ্ৰেপ্তাৰ কৰে। তেওঁলোক ক্ৰমে সুকন্যা দাস, ৱাহিদা বেগম, ৰাকেশ দাস, ঐশ্বৰ্য জীৱন বৰুৱা, শ্বাহজাহান সৰকাৰ। এই আটাইকেইজনৰ বিৰুদ্ধে ন্যায়ালয়ত চাৰ্জশ্বীটো দাখিল কৰিছে।

কিন্তু আয়োগৰ এনে গুৰুত্বহীনতাক সমালোচনা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত পুনৰ উপেন কলিতাক এই বিশেষ তদন্তকাৰী গোটৰ দায়িত্ব দিয়ে। উপেন কলিতা নেতৃত্বধীন বিশেষ তদন্তকাৰী গোটে মুঠ ২৩জন ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ আদালতত চাৰ্জশ্বীট দাখিল কৰে। কিন্তু লক্ষ্যণীয়ভাৱে এইগৰাকী বিষয়াৰ নেতৃত্বাধীন বিশেষ তদন্তকাৰী গোটে দাখিল কৰা চাৰ্জশ্বীটৰ পৰা বাদ পৰিল বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম থকা ১৪ গৰাকী বিষয়াৰ।

এই ১৪ গৰাকী বিষয়াৰ ভিতৰত ৯জনৰ বিৰুদ্ধে মঙলবাৰে অভিযোগ গ্ৰহণ কৰে ড০ মানস বৰুৱাৰ বিশেষ ন্যায়াধীশৰ আদালতে। এতিয়াও তদন্ত প্ৰক্ৰিয়াৰ পৰা বাহিৰত আছে ৫ গৰাকী ৰাজপত্ৰিত বিষয়া। এই বিষয়াকেইগৰাকী হ’ল ভণিতা নাথ, গণপতি ৰয়, বেদাংগ ভূষণ শইকীয়া, মানসজ্যোতি দাস আৰু মানৱী দাস।

APSC কেলেংকাৰী: ৯ জনৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ বিশেষ ন্যায়াধীশ আদালতৰ
ADRE প্ৰশ্নকাকত ভাইৰেলঃ এই পৰ্যন্ত ৮ জনক গ্ৰেপ্তাৰ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in