ডিজিটেল সংবাদ, বিলাসীপাৰা: বান সৃষ্টিকাৰী বান্ধ বোৰ ভাঙি পেলাব লাগে। পৃথিৱীৰ বহুতো দেশে জনসাধাৰণক অনিষ্ট কৰা বান্ধ ভাঙি পেলাইছে। অসমতো বানপানী সমস্যাক ভয়াবহ কৰি তুলিছে ভূটান, অৰুণাচল,মেঘালয় আদিৰ বান্ধ বোৰৰ পৰা এৰি দিয়া পানীয়ে।
ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দলৈ অসমৰ অবৰ্ণনীয় বান পৰিস্থিতিৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰি এনে বান সৃষ্টি কৰা বান্ধবোৰ ভাঙি পেলোৱাৰ অনুৰোধ জনাইছেঅৰণ্য সুৰক্ষা সমিতি অসমে । অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান ড° হৰিচৰণ দাসে প্ৰেৰণ কৰা এখন ই মেইলত এই অনুৰোধ জনাই অসমৰ বানপানীৰ পৰিস্থিতি অধ্যয়নৰ বাবে অসম ভ্ৰমণ কৰিবলৈকো ৰাষ্ট্ৰপতি গৰাকীক আহ্বান জনোৱা হৈছে ।
অসমত সংঘটিত হৈ থকা অবৰ্ণনীয় বান পৰিস্থিতিৰ সন্দৰ্ভত মনোযোগ আকৰ্ষণ কৰি ই-চিঠি খনত উল্লেখ কৰা হৈছে যে জুন মাহৰ তৃতীয় সপ্তাহৰ পৰাই ৰাজ্য খনত বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অসমৰ ৩৩খন জিলাৰ ২২লাখ লোকে আশ্ৰয় শিবিৰত আশ্ৰয় লৈ জীৱন কটাব লগা হৈছে।অসমৰ এক-তৃতীয়াংশ ৰাইজে বানপানীত আক্ৰান্ত হৈছে আৰু অসমৰ সাতখন ৰাষ্ট্ৰীয় উদ্যান,ওঠৰ খন অভয়াৰণ্যৰ অগণিত সংখ্যক বন্যপ্ৰাণীৰ মৃত্যু হৈছে।
হৈ থকা বানত অসমৰ আনুমানিক ক্ষতিৰ পৰিমাণ কমেও পোন্ধৰ লাখ কোটি টকাৰ হ'ব বুলি উল্লেখ কৰি চিঠিখনত বানাক্ৰান্ত সকলক পৰ্যাপ্ত সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে ব্যৱস্থা ল'বলৈ দাবী জনাই লিখা হৈছে যে অসমৰ বিৰল আৰু বৰ্ণাঢ্য জৈৱ সম্পদৰ লগতে বহু অজৈৱ সম্পদো বানে ধ্বংস কৰিছে । বিশেষকৈ খহনীয়াৰ গৰাহত পৰি হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। শস্য পথাৰ,পশুধন আদিৰ ব্যাপক ক্ষতিসাধন হৈছে আৰু বানাক্ৰান্ত ৰাইজৰ অৱস্থাই অতি শোচনীয় ৰূপ লৈছে। চিঠিখনত ৰাষ্ট্ৰপতি গৰাকীক অসমৰ ৰাইজৰ জীৱন, সম্পত্তি আৰু অসমৰ জৈৱ তথা অজৈৱ সম্পদ সমূহক বানৰ বিভীষিকাৰ পৰা ৰক্ষা কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে।
আৰু পঢ়ক: পৰীক্ষালৈ তিনি দিন থকা অৱস্থাতে দুৰ্ঘটনাত মৃত্যু মাজুলীৰ ৰাহুলৰ…