ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীৰ ১.১৫ কোটি জনসংখ্যাৰ এক বৃহৎ সংখ্যক লোকেই জড়িত দৈনিক নূন্যতম মজুৰীৰ বিনিময়ত শ্ৰমদান কৰা কাৰ্যৰ সৈতে । এই লোক সকলৰ কোনোবা হয়তো কোনো ৰিক্সা চালক, কোনো ঠেলা চালক, কোনো জড়িত নিৰ্মাণ কাৰ্যৰ সৈতে । এই লোকসকলে দিনটোৰ ৰাজহাড় ভগা পৰিশ্ৰমৰ অন্তত লাভ কৰে এক নূন্যতম মজুৰি । এই মজুৰিৰ জৰিয়তেই ৰুগীয়া পিতৃ-মাতৃৰ পৰিচৰ্যা, সন্তানৰ শিক্ষাৰ ব্যৱস্থা কৰিব লগীয়া হয় শ্ৰমিক সকলে ।
ইয়াৰ ওপৰিও শ্ৰমিকসকলৰ অধিকাংশই অইন জিলাৰ অথবা বহি:ৰাজ্যৰ । তেনেস্থলত মহানগৰীত থকা-খোৱাৰ ব্যৱস্থাতেই শেষ হয় আৰ্জনৰ সিংহভাগ । এই লোকসকলৰ চিৎকাৰ, হুমুনিয়াহ, হতাশাই কোনো দিনেই স্পৰ্শ কৰিব পৰা নাই প্ৰথম শ্ৰেণীৰ নাগৰিক আাৰু প্ৰশাসনক । স্পৰ্শ কৰিবই বা কিয় ? কোটি টকীয়া বিলাসী বাহনত ভ্ৰমণ কৰা জনে জানো বুজিব জুলাইৰ প্ৰচণ্ড ৰ'দত অথবা ডিছেম্বৰৰ হাড় কপোৱা জাৰত কেৱল কেইটমান টকা ঘটিবলৈ ৰাজপথলৈ অহা লোকসকলৰ বিননি ?
তৃতীয় বিশ্বৰ দেশ সমূহ পৰিচালনা কৰাত এই শ্ৰমিক সকলৰ অৱদান যথেষ্ট । কিন্তু ইয়াৰ আৰতেই লুকাই আছে আন এক ভয়ংকৰ তথ্য ।
উপাৰ্জনৰ নিৰ্ধাৰিত সীমাই আজিও সূচনা কৰে নেকি নাগৰিকৰ শ্ৰেণী বিভাজনৰ ? বিলাসী বাহনৰ গৰাকীজন প্ৰথম শ্ৰেণীৰ নাগৰিক আৰু ৰিক্সা চালক এজন তৃতীয় শ্ৰেণীৰ নাগৰিক নেকি আজিৰ সমাজত ? আৰু এই চিন্তাধাৰায়েই যেন আজিও বাহাল ৰাখিছে উত্তৰ আধুনিক দাসত্ব প্ৰথাক । উত্তৰ আধুনিক দাসত্ব প্ৰথাত আজিও সমগ্ৰ বিশ্বতেই বন্দী প্ৰায় ৫০ কোটিৰো অধিক লোক । ইয়াৰেই এটা ৰূপত দাসত্ব প্ৰথা জীৱিত আছে গুৱাহাটী মহানগৰীত ৰিক্সা চালক সকলৰ মাজত ।
২০-৩০ টকাৰ বিনিময়ত যাত্ৰীসকলক গন্তব্যস্থানলৈ পেডেল মাৰি কঢ়িয়াই নিয়ে এই ৰিক্সা চালক সমূহে । প্ৰয়োজনত একাধিক যাত্ৰীও কঢ়িয়াব লগীয়া হয় চালক সকলে । কিন্তু কেৱল জানো যাত্ৰী সকলৰ ওজনেই সৰ্বস্ব চালক কেইজনৰ বাবে ? ইয়াৰ ওপৰিও প্ৰত্যেকজন চালকৰ ওপৰত ন্যস্ত আশা, ভৰষা, দ্বায়িত্বৰ গধুৰ বোজাটোও কঢ়িয়াই নিয়া হয় প্ৰত্যেকটো যাত্ৰাতেই ।
তেনে এক সময়তেই পৰিৱৰ্তনৰ যুগত ৰিক্সা চালক সকললৈ আহিছিল সকাহ । পেডেল মৰাৰ পৰিৱৰ্তে মটৰ চালিত ৰিক্সাত কঢ়িয়াই নিব পৰা যাব যাত্ৰী সকলক । প্ৰায় ৪০ ৰ পৰা ৮৭ হাজাৰ টকাত উপলব্ধ এই ৰিক্সা সমূহে পূৰ্বৰ বেগতকৈ কিছু খৰকৈ গতি কৰাৰ বাবে দৈনিক যাত্ৰী কঢ়িয়াই নিয়া সংখ্যাও বৃদ্ধি পালে ৰিক্সা চালক সকলৰ । যাৰ বাবে ধন ধাৰলৈ লৈ হ'লেও চালক সকলে ক্ৰয় কৰিলে এই ৰিক্সা ।
কিন্তু সমগ্ৰ ঘটনাৰ দৃশ্যপট সলনি কৰিবলৈ প্ৰয়োজন ন'হল দীৰ্ঘদিনৰ । চলিত বৰ্ষৰ ২০ নৱেম্বৰত গুৱাহাটী মহানগৰীৰ পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সংবাদ মাধ্যমৰ সন্মুখত দিয়া এক ভাষ্য অনুসৰি মটৰ চালিত ৰিক্সা সমূহে পূৰ্বৰ এচ এম ভি (SMV)ৰ আওতাৰ সলনি বেগী শ্ৰেণীৰ মটৰলৈ পঞ্জীয়ন হ'ল । যাৰ ফলত বৃদ্ধি পালে মহানগৰীত সংঘটিত দুৰ্ঘটনাৰ সংখ্যা । আৰু এই বৰ্ধিত সংখ্যাৰ আলমতেই মেয়ৰ গৰাকীয়ে নিষেধাজ্ঞা আৰোপ কৰিলে মটৰ সংযোগী ৰিক্সা সমূহত । কিন্তু ইয়াতেই জানো শেষ এই ঘটনা ?
মহানগৰীত বৰ্তমান মটৰ চালিত ৰিক্সাৰ সংখ্যা ২০০ তকৈও অধিক । তেনেস্থলত এদিনতেই জানো ক্ৰয় কৰা হৈছিল ২০০ খন মটৰ সংযোগী ৰিক্সা ? ৰাজপথত নিশ্চয়কৈ পৰিলক্ষিত হৈছিল এনে ৰিক্সা সমূহৰ প্ৰৱেশ । এই গড্ডলিকা প্ৰৱাহ ৰোধ কৰিবলৈ প্ৰশাসনে পূৰ্বতেই কিয় নল'লে কোনো সিদ্ধান্ত ? ৰিক্সা খনৰ বাবদ গড়ে ৫০ হাজাৰ টকা বুলি ধৰিলেও প্ৰায় ১ কোটি টকাৰ ব্যৱসায় কৰিলে ৰিক্সা সমূহ বিক্ৰী কৰা প্ৰতিষ্ঠান সমূহে । এই প্ৰতিষ্ঠান সমূহৰ ওপৰত অনুজ্ঞা পত্ৰ নথকা বাহন বিক্ৰী কৰাৰ ক্ষেত্ৰত লোৱা হ'ব নে কোনো সিদ্ধান্ত ? নে মহম্মদ বিন টোগলকৰ আদৰ্শ অনুকৰণ কৰি হঠকাৰী সিদ্ধান্ততেই যৱণিকা পৰিব এই সমগ্ৰ ঘটনাৰাজিৰ ?
আৰু পঢ়ক : দিনবোৰ সলনি হ'ল