ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ উলুৱনীত বুধবাৰে সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। উল্লেখ্য যে, মৰাপাট পৰিবাহী ট্ৰাকত অতৰ্কিতে জুইৰ লেলিহান শিখাই আৱৰি ধৰে৷ পথৰ কাষৰ বৈদ্যুতিক তাঁৰত মৰাপাট ভৰ্তি ট্ৰাকখন লাগি শ্বৰ্ট-চাৰ্কিত হৈ জুইৰ সূত্ৰপাত হয় ।
আমবাগানৰ পৰা উলুৱনীৰ জে চি আইৰ মৰাপাট গুডামলৈ এ এছ ০১ ৱাই ০১৩১ নম্বৰৰ ট্ৰাকখনে কঢ়িয়াই আনিছিল প্ৰায় ১২ টন মৰাপাট। জে চি আইৰ ৰ গুডাম পোৱাৰ পূৰ্বেই অগ্নিসংযোগ হয় মৰাপাট পৰিবাহী ট্ৰাকখনত।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপিত কৰে জুই। উক্ত অনাকাংক্ষিত ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা ট্ৰাকৰ চালক-হেণ্ডিমেনৰ।
Also Read: মঙলদৈত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ বিক্ষোভ কাৰ্য্যসূচী