৮ আগষ্টৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব অৰুণাচল ৰঙ্গ মহোৎসৱ

 ৮ আগষ্টৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব অৰুণাচল ৰঙ্গ মহোৎসৱ
Published on
Updated on

ডিজিটেল ডেস্কঃ অহা ৮ আগষ্টৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব অৰুণাচল ৰঙ্গ মহোসৎৱ।অৰুণাচল চৰকাৰৰ উদ্যোগত আজাদী কা অমৃত মহোসৎৱৰ লগত সংগতি ৰাখি এই নাট মহোসৎৱৰ আয়োজন কৰা হৈছে।

এই সন্দৰ্ভত শনিবাৰে গুৱাহাটী প্ৰেচ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰে অৰুণাচল ৰঙ্গ মহোসৎৱৰ আয়োজক সমিতিয়ে। এই সংবাদমেলত উপস্থিত থাকে নাট সমাৰোহৰ প্ৰকল্প সচিব ৰিকেন নঙলে,ভাৰপ্ৰাপ্ত জনসংযোগ বিষয়া টেংগমা কেলিন, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ গৱেষক নেফা ওৱাংছা আৰু নাট মহোৎসৱৰ গুৱাহাটীৰ সমন্বয়ক তথা বিশিষ্ট অভিনেতা জ্যোতিনাৰায়ন নাথ।

এই নাট মহোসৎৱখন আয়োজনৰ উদ্যোগ গ্ৰহণ কৰাৰ বাবে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, উপ মুখ্যমন্ত্ৰী শ্বৌনা মেইন আৰু অধ্যক্ষ পি ডি চনাক বিশেষভাৱে শলাগ লৈ প্ৰকল্প সচিব ৰিকেন নঙলেই।

 অৰুণাচল চৰকাৰ আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত অৰুণাচল প্ৰদেশত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে এই নাট মহোৎসৱৰ। যোৱা ১৮ জুলাইৰ পৰা আৰম্ভ হোৱা এই নাট মহোতসৱ ১১ আগষ্টলৈ দেশৰ চাৰিখন চহৰত আয়োজন কৰা হৈছে।দেশৰ স্বাধীনতা আন্দোলনত ব্ৰটিছৰ বিৰুদ্ধে যুঁজ দিয়া অৰুণাচল প্ৰদেশৰ  অখ্যাত সেনানীসকলৰ বীৰগাঁঠাৰ ভিত্তিত ৰচিত চাৰিখন নাটক এই নাট মহোসৎৱত প্ৰদৰ্শিত হৈ আছে।

১০ জুলাইৰ পৰা ২১ জুলাইলৈ গান্ধী স্মৃতি আৰু দৰ্শন সমিতিৰ সহযোগত দেশৰ ৰাজধানী চহৰ দিল্লীত, ২৫ জুলাইৰ পৰা ২৮ জুলাইলৈ পি এল দেশপাণ্ডে মহাৰাষ্ট্ৰ কলা একাডেমীৰ সহযোগত মুম্বাইত, ২ জুলাইৰ পৰা ৫ জুলাইলৈ কলকাতা চহৰত ইতিম্যেই এই নাটসমূহ প্ৰদৰ্শিত হৈছে। অহা ৮ আগষ্ট শ্ৰীমন্ত শংকৰদেৱ সমাজৰ সহযোগত গুৱাহাটীৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ আৰু ৯ আগষ্ট পৰা ১১আগষ্ট  শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ এই নাট চাৰিখন প্ৰৰ্দশন কৰা হব। ৮ আগষ্টত সন্ধিয়া ৬.৩০ বজাৰ পৰা শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হব নাট নিনো ৮০!। ৯, ১০ আৰু ১১ আগষ্টত সন্ধিয়া ৬.৩০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হ'বলগীয়া নাটসমূহ হ'ল ক্ৰমে পজু মিমাক, চৌওফা-প্লাং-লু আৰু অৰুণাচল- এক চফৰ নামা।

ইতিহাসৰ পাতত সন্নিৱিষ্ট নোহোৱা অৰুনাচল প্ৰদেশৰ অখ্যাত নায়কসকলৰ কাহিনী সমগ্ৰদেশতেই প্ৰচাৰৰ উদ্দেশ্যৰেই এই নাট মহোৎসৱৰ আয়োজন কৰা হৈছে বুলি সংবাদমেলত উল্লেখ কৰে  নাট মহোৎসৱৰ প্ৰকল্প সচিব ৰিকেন নঙলেই। অৰুণাচল প্ৰদেশৰ সাংস্কৃতিক পটভূমিত ৰচিত এই নাট কেইখন হিন্দী ভাষাত প্ৰদৰ্শন কৰা হ'ব। এই নাটসমূহ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদৰ্শন কৰা হ'ব বুলিও সংবাদমেলত উল্লেখ কৰে এই নাট মহোৎসৱৰ গুৱাহাটীৰ সমন্বয়ক তথা বিশিষ্ট অভিনেতা জ্যোতিনাৰায়ন নাথে।

এই নাট মহোৎসৱলৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰী আৰু সাংস্কৃতিক মন্ত্ৰণালয়ৰ বিষয়াসকলো উপস্থিত থাকিব বুলি সংবাদমেলত জনাই। ইয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাকো এই নাট সমাৰোহত আমন্ত্ৰণ জনোৱা বুলিও জনাই।

 ৮ আগষ্টৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব অৰুণাচল ৰঙ্গ মহোৎসৱ
গৰু গাড়ীৰ পৰা ধন লৈ খেদা খালে চাকৰিৰ পৰা, OC হেমন্ত কলিতা নিলম্বন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in