ডিজিটেল ডেস্কঃ আজি ৰাজ্যজুৰি মুকলি কৰা হৈছে অৰুণোদয় ৩.০। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্ছুৱেলী প্ৰতিটো সমষ্টি ভিত্তিতে এই আঁচনিখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
দিছপুৰ লোকসেৱা ভৱনৰ পৰা ভাৰ্ছুৱেলী এই আঁচনি উদ্বোধন কৰাৰ লগতে তেওঁ সংবাদ মেলো সম্বোধন কৰে। ইয়াতেই তেওঁ অৰুণোদয় আঁচনিখনৰ বিভিন্ন দিশৰ কথা উল্লেখ কৰে।
অৰুণোদয়-৩.০ আঁচনিখন অৰুণোদয় ২.০ আৰু অৰুণোদয় আঁচনিৰ পৰা কিদৰে পৃথক হ'ব, কোনসকল লোকে এই আঁচনি লাভ কৰিব, কাৰ কাৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব এই সকলো বিষয়ে তেওঁ অৱগত কৰে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই নতুনকৈ অৰুণোদয় আঁচনিখনত ১২ লাখ ৬০ হাজাৰ অতিৰিক্ত হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হ'ব বুলি আজি ঘোষণা কৰিছে। এই আঁচনিখনৰ বাবে এতিয়াৰে পৰা ৰেচন কাৰ্ডো বাধ্যতামূলক হ'ব। সেয়ে আজিৰ এই অনুষ্ঠানতে নতুনকৈ ৰেচন কাৰ্ড দিয়াৰো ব্যৱস্থা কৰা হৈছে। আজি খাদ্য সুৰক্ষা আইনৰ অধীনত ১৯.৯২,১৬৭ গৰাকী নতুন হিতাধিকাৰী সংযোজন কৰা হয়।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, অসম চৰকাৰৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ দিন আৰু ব্যক্তিগভাৱে মই অত্যন্ত সুখী। আজিৰে পৰা আমি অৰুণোদয়-৩.০ আঁচনিখন ৰাজ্যৰ বাবে সমৰ্পণ কৰাৰ বিৰল সৌভাগ্য লাভ কৰিছো।
২০২০-২১ চনত অসমৰ বিত্তমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ৰাজ্যৰ বাজেটত 'অষ্টাদশ মুকুতাৰ উন্নয়নৰ মালা' হিচাপে প্ৰতিবছৰে আমি ১৮ খন আঁচনি ৰূপয়াণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো। সেই সময়তে এই ১৮ খন আঁচনিৰ এক অন্যতম অংগ হিচাপে 'অৰুণোদয়' আঁচনিখনৰ বিষয়েও ঘোষণা কৰিছিলো।
আত্ম নিৰ্ভৰশীলতা, আত্ম বিশ্বাস আৰু সুদৃঢ় লক্ষ্যৰে অসমক পুনৰউত্থানৰ কথা সৰোগত কৰিয়েই আমি অৰুণোদয় আঁচনিখন আৰম্ভ কৰিছিলো। এই আঁচনিখন অষ্টাদশ মুকুতাৰ উন্নয়ন মালাৰ সবাটোকৈ আকৰ্ষণীয় আঁচনি। পবিত্ৰ সদনৰ মজিয়াত ঘোষণা কৰা সকলো আঁচনিৰ ভিতৰত এই আঁচনিখনেই সবাটোকৈ শক্তিশালী আঁচনি হ'ব বুলি সদনৰ মজিয়াত বৰ্ণনা কৰিছিলো।
আৰম্ভণিতে প্ৰথম অৱস্থাত এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে ৮৩০ টকা দৰিদ্ৰ জনৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিছিলো। আজিৰ এই মুহূৰ্তত ২৪.৬০ লাখ পৰিয়ালে প্ৰত্যক মাহৰ ১০ তাৰিখে ১২৫০ টকাকৈ নিজৰ বেংক একাউণ্টত অৰুণোদয়ৰ ধন পাবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই হাতত লোৱা জনধন একাউণ্টৰ বাবেই আজি আমি প্ৰত্যক মাহত ২৪.৬০ লাখ পৰিয়াললৈ অৰুণোদয় আঁচনিৰ ধন হস্তান্তৰ কৰিবলৈ পাৰিছো।
অৰুণোদয় আঁচনিখনত প্ৰথম অৱস্থাত চৰকাৰে কিয় ৮৩০ টকা নিৰ্ধাৰণ কৰিছিল সেই ব্যাখ্যা দি হিমন্ত বিশ্ব শৰ্মাই কয়, ''২০২১ চনৰ আৰম্ভণিতে ভাবিছিলো ৮৩০ টকাৰ ৪০০ টকা প্ৰতিটো পৰিয়ালে ঘৰত প্ৰয়োজন হোৱা মেডিচিন, বিশেষকৈ যিখন ঘৰত বৃদ্ধ আই মাতৃ থাকে, অসুস্থ ল'ৰা-ছোৱালী থাকে তেওঁলোকে নিৰ্দিষ্টকৈ কিছু টকা ঔষধ ক্ৰয় কৰাত খৰচ কৰিব লাগে। আমি ভাবিছিলো ৮৩০ টকাৰ ৪০০ টকা স্বাস্থ্য জনিত খৰচৰ বাবে ৰাইজক আগবঢ়াম। ২০০ টকা আমি প্ৰত্যকটো পৰিয়ালে যাতে ৪ কিলোগ্ৰাম ডালি কিনিব পাৰে তাৰ বাবে ৫০ শতাংশ ৰাজসাহায্য, ৮০ টকা ঘৰখনৰ বাবে ৪ কেজি চেনী ক্ৰয় কৰাৰ বাবে ৫০ শতাংশ ৰাজসাহায্য, ১৫০ টকা ফলমূল আৰু শাক,পাচলি ক্ৰয় কৰাৰ বাবে আগবঢ়াইছিলো। অৰ্থাৎ অৰুণোদয় পৰিয়ালে যেতিয়া ৪ কেজি ডালি কিনে তেতিয়া আমি তেওঁলোকক ৫০ শতাংশ ৰাজসাহায্য দিওঁ।''
তেওঁ অৰুণোদয় আঁচনিৰ ধন পৰৱৰ্তী সময়ত বৃদ্ধি কৰাৰ প্ৰসংগত কয়, ''কোভিড অহাৰ সময়ত আমি চিন্তা কৰিলো ৰাইজৰ বিভিন্ন ধৰণৰ খৰচ বাঢ়িছে। আমি ১৭০ টকা অতিৰিক্ত কোভিডপুষ্ট পৰিবেশত ৰাইজক দিবলৈ আৰম্ভ কৰিলো। কোভিডৰ পাছতো আমি ৰাইজক দিয়া এই ১৭০ টকা প্ৰত্যাহাৰ কৰা নাই। এতিয়ালৈকে এই ১৭০ টকা নিৰন্তৰভাৱে ৰাইজে পাই আছে।''
তেওঁ কয়, ২০২২ চনত ৰাইজৰ মাজৰ পৰা অভিযোগ আহিল বিদ্যুতৰ খৰচ বাঢ়িল। তেতিয়া আমি হিচাপ কৰিলো, এটা দৰিদ্ৰ পৰিয়ালে বিদ্যুতৰ বাবে কিমান টকা খৰচ কৰে। আমি পালো তেওঁলোকে ৫০০ টকা বিদ্যুতৰ মাচুল দিয়াত খৰচ কৰে।
আমি যদি ২৫০ টকা ইলেক্ট্ৰিচিটি ব'ৰ্ডক পোনপটিয়াকৈ দি দিলো হয় তেন্তে তেওঁলোকে এই পৰিয়ালসমূহক ৰাজসাহায্য দিব পাৰিলে হয়। আমি চিন্তা কৰিলো প্ৰতিটো পৰিয়ালৰ ৫০০ টকা প্ৰয়োজন নহয়। কাৰোবাৰ ২০০, কাৰোবাৰ ৩০০ আৰু কাৰোবাৰ ৪০০ টকা বিদ্যুতৰ নামত খৰচ হয়।
গতিকে আমি চিন্তা কৰিলো ৰাইজে যাতে প্ৰতি মাহে বিদ্যুতৰ নামত যি খৰচ কৰে তাৰ বাবে চৰকাৰে ২৫০ টকা প্ৰতি মাহে দিয়াৰ ব্যৱস্থা কৰিব পাৰো। তেনেকৈ ৮৫০ টকাৰ অৰুণোদয় প্ৰথমে ১০০০ টকা আৰু তাৰ পাছত ১২৫০ টকালৈ বৃদ্ধি পালে।
অৰুণোদয়.৩ কি?
অৰুণোদয় ৩.০ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, লোকসভা নিৰ্বাচনৰ সময়ত আমি ৰাইজৰ ঘৰে ঘৰে এক সমীক্ষা পত্ৰ দিছিলো। কোনে কোনে অৰুণোদয় আঁচনি পোৱা নাই, কাক কাক নিযুত মইনা আঁচনি লাগিব আৰু কাৰ ঘৰৰ মুৰব্বী ব্যক্তিজনক জীৱন বীমা কৰি দিয়াৰ প্ৰয়োজনীয়তা আছে সেই বিষয়ে সমীক্ষা চলাইছিলো।
আমাৰ এই কাৰ্যক বহুতেই সমালোচনা কৰিছিল। আমাৰ মনত এটা ধাৰণা আছিল যদি আমি গম নাপাও কিমান মানুহে কোন আঁচনি এতিয়াও পোৱা নাই কেনেকৈ আঁচনি প্ৰস্তুত কৰিম? চৰকাৰে কৰা সমীক্ষাত সকলোৱে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা ভুল দেখা পাই। যদি ঘৰে ঘৰে গৈ এটা নিৰ্বাচনক ৰাজনীতি হিচাপে নাৰাখি, নিৰ্বাচনক যাতে সমাজ সেৱালৈ ৰূপান্তৰ কৰো তেতিয়াহ'লে আমি সমাজক আগবঢ়াই লৈ যোৱাৰ সুযোগ পাম। সেইদৰে আমি ৰাইজৰ মাজত জৰীপ আৰম্ভ কৰিলো।
ৰাইজৰ লগত কথা পাতোতে আমি অনুভৱ কৰিলো প্ৰায় ১০ লাখ পৰিয়ালে অৰুণোদয় আঁচনি বিচাৰে কিন্তু তেওঁলোকে পোৱা নাই। অৰুণোদয়-৩.০ ৰ জৰিয়তে যদিও আমি ১০ লাখ মানুহৰ প্ৰপত্ৰ পাইছিলো, আমি ধৰি লৈছিলো হয়তো আমাক ৰাজনৈতিক ভাৱে সমৰ্থন নকৰা কিছু পৰিয়ালে অৰুণোদয়ৰ প্ৰপত্ৰ পূৰণ কৰা নাই। সেয়েহে আমি প্ৰত্যকটো সমষ্টিতে গড়ে ১০ হাজাৰ অৰ্থাৎ, ১২ লাখ ৬০ হাজাৰ পৰিয়ালক অৰুণোদয়-৩.০ আঁচনিৰ সুবিধা দিয়াৰ ব্যৱস্থা কৰিছো।
অৰুণোদয়-২.০ আৰু আৰু অৰুণোদয়-৩.০ ত প্ৰতিটো সমষ্টিত অতিৰিক্তভাৱে গড়ে ১০ হাজাৰকৈ লোকক এই আঁচনিৰ সুবিধা দিম। এইসকলো অৰুণোদয়ৰ লগত আধাৰ লিংক কৰিব লাগিব। ইয়াৰ বাবে অৱশ্যে হিতাধকাৰীয়ে হাবাথুৰি খাব নালাগে। অসমৰ ৰেচন কাৰ্ড থকা পৰিয়ালৰ লোকসকলকৰ আধাৰৰ লগত ৰেচন কাৰ্ড সংযোজিত কৰি থোৱা আছে। সেয়ে এইবাৰ অৰুণোদয়-৩.০ আঁচনি ৰেচন কাৰ্ডৰ লগত জড়িত কৰিব বিচৰা হৈছে।
অৰ্থাৎ ৰেচন কাৰ্ডৰ নম্বৰ থাকিলেহে অৰুণোদয় লাভ কৰিব। কাৰোবাৰ ৰেচন কাৰ্ড নাথাকিব পাৰে। সেয়ে ৰেচন কাৰ্ড নথকা ১৯,৯২,১৬৭ জন ব্যক্তিক আজি ৰেচন কাৰ্ড দিয়াৰো কাম হাতত লোৱা হৈছে। এই ৰেচন কাৰ্ড দিয়াৰ পিছত অসমত ৰেচন কাৰ্ড পোৱা ব্যক্তি সংখ্যাই প্ৰায় ২ কোটি ৬০ লাখলৈ বৃদ্ধি পাব।
যিসকলে অৰুণোদয় ৩.০ ত আবেদন কৰিব কিন্তু ৰেচন কাৰ্ড নাই তেওঁলোকে প্ৰথমে ৰেচন কাৰ্ডখন ল'ব লাগিব। ৰেচন কাৰ্ড লোৱাৰ পিছতহে অৰুণোদয় ল'ব। ।
ৰেচন কাৰ্ড কেনেকৈ পাব?
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে, যি পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ৪ লাখতকৈ কম আৰু চৰকাৰী চাকৰি তেওঁলোকৰ পৰিয়ালত নাই তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিব। প্ৰথমে অৰুণোদয় তাৰ পাছত অৰুণোদয়-২.০ লাভ কৰি থকা হিতাধিকাৰীসকলেও অৰুণোদয়-৩.০ পাবৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব।
অৰুণোদয় লাভ কৰি থকা যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে প্ৰথমে ৰেচন কাৰ্ডখন লৈ ল'ব লাগিব। যিসকলৰ পৰিয়ালত চাকৰি হ'ল তেওঁলোকে এইবাৰ এই আঁচনি নাপাব। যিসকলৰ ঘৰত চাৰি চকীয়া বাহন আহিল তেওঁলোকেও এই আঁচনি নাপাব।
অৰুণোদয়-৩.০ ত পূৰ্বৰ দুয়োখন অৰুণোদয় আঁচনি মিলাই ৩৭ লাখ ২০ হাজাৰ পৰিয়াল অন্তুৰ্ভুক্ত হ'ব। ১২৬ টা বিধানসভা সমষ্টিতে গড়ে অতি কমেও ৩০ হাজাৰ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব।
জিলা পৰ্যায়ৰ কমিটীয়ে সমষ্টি ভিত্তিত জনসংখ্যা অনুসৰি হিতাধিকাৰীৰ সংখ্যা নিৰ্ধাৰণ কৰিব। তাৰ পিছত প্ৰত্যকটো ভোট কেন্দ্ৰ ভিত্তিত সমানুপাতিক ভাৱে অৰুণোদয় আঁচনি বিতৰণ কৰিব।
কোনে কোনে পাব অৰুণোদয়-৩.০?
-
অৰুণোদয়-৩.০ আঁচনিৰ সুবিধ পাবৰ বাবে ৰেচন কাৰ্ড থাকিবই লাগিব।
-
যাৰ ৰেচন কাৰ্ড নাই তেওঁলোকে প্ৰথমে ৰেচন কাৰ্ড আবেদন কৰি লৈ ল'ব লাগিব।
-
যি দৰিদ্ৰ পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় পাব।
-
কোনোবা দৰিদ্ৰ পৰিয়ালত যদি ৪৫ বছৰ উৰ্ধৰ কোনো অবিবাহিত মহিলা আছে সেই পৰিয়ালেও অৰুণোদয় পাব লাগে।
-
কোনোবা দৰিদ্ৰ পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালেও পাব।
-
কোনোবা দৰিদ্ৰ পৰিয়ালত যদি স্বামীয়ে আইন মতে বিবাহ বিচ্ছেদ দিয়া নাই কিন্তু পত্নীক এৰি থৈ গল সেই পৰিয়ালেও পাব।
-
কাৰোবাৰ ঘৰত যদি তৃতীয় লীংগৰ সদস্য থাকে সেই পৰিয়ালেও অৰুণোদয় পাব।
-
কোনো পৰিয়ালত যদি দিব্যাংগ ব্যক্তি আছে সেই পৰিয়ালেও এই আঁচনি পাব।
-
চৰকাৰী বৃদ্ধাশ্ৰমত থকা আইতাসকলকো অৰুণোদয় দিয়া কথা উল্লেখ কৰিছে ড০ শৰ্মাই।
-
যি পৰিয়ালত এইডছ, কুষ্ঠ, ঠেলাছেমিয়া, অতিজিম আদি ৰোগী আছে সেই পৰিয়ালেও অৰুণোদয় পাব লাগে।
-
কোনোবা মহিলাই যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰি আছে সেই মহিলাকো বিচাৰি এই আঁচনি দিবলৈ জিলা আয়ুক্তক নিৰ্দেশ।
-
এইখিনি লোকে অৰুণোদয় আঁচনি লাভ কৰাৰ পাছত যিসমূহ পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখতকৈ কম তেওঁলোকে এই আঁচনিখনৰ সুবিধা লাভ কৰিব।
কোনে কোনে অৰুণোদয়-৩.০ নাপাব-
-
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কোৱা মতে মন্ত্ৰী, বিধায়ক, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়কৰ পৰিয়ালে অৰুণোদয় আঁচনি লাভ নকৰিব।
-
পঞ্চায়তীৰাজৰ বৰ্তমানৰ সদস্য বা কোনোবা যদি অহা নিৰ্বাচনত সদস্য, সভাপতি আদি পদত জয়ী হয় তেওঁলোকে অৰুণোদয়-৩.০ আঁচনি এৰিব লাগিব।
-
চৰকাৰী চাকৰিয়াল, পেছাদাৰী ব্যক্তি, শিক্ষক, পেঞ্চনাৰ, অংগনবাদী, আশা কৰ্মীয়েও অৰুণোদয় আঁচনি লাভ নকৰিব।
-
চৰকাৰৰ পৰা উপাৰ্জন কৰা কোনো ব্যক্তিয়ে অৰুণোদয় আঁচনি লাভ নকৰিব।
-
তাৰোপৰি ঠিকাদাৰ, চাৰিচকীয়া বাহনৰ গৰাকী, ১৫ বিঘাতকৈ অধিক ভূমিৰ গৰাকীয়েও এই আঁচনি লাভ নকৰিব।
Also Read: India Canada Crisis: ধন বলেৰে কানাডাৰ ৰাজনীতিত হস্তক্ষেপ কৰিছে ভাৰতে!