গুৱাহাটী ডাবল মাৰ্ডাৰঃ  আৰক্ষীয়ে পূৰ্ণাংগ চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰা বাবে জামিন লাভ অৰূপ ডেকাৰ

গুৱাহাটী ডাবল মাৰ্ডাৰঃ আৰক্ষীয়ে পূৰ্ণাংগ চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰা বাবে জামিন লাভ অৰূপ ডেকাৰ

Published on

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ নুনমাটিৰ ডাবৰ মাৰ্ডাৰৰ অভিযুক্ত অৰূপ ডেকাৰ জামিন লাভ। আৰক্ষীয়ে পূৰ্ণাংগ চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰাৰ বাবেই জামিন লাভ কৰে অৰূপ ডেকাই। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন। শংকৰী দে’ আৰু অমৰজ্যোতি দে’ৰ হত্যাকাণ্ডৰ ঘটনাৰ অভিযোগত কাৰাবন্দী হৈ আছিল অৰূপ।

দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছিল গুৱাহাটীৰ ডাৱল মাৰ্ডাৰে। বন্দনা কলিতা নামৰ এগৰাকী বোৱাৰীয়ে নিজ স্বামী আৰু শাহুক কাটি টুকুৰা টুকুৰ কৰি মেঘালয়ৰ বিভিন্ন স্থানত পেলাই দিছিল।

এই ক্ষেত্ৰত তেওঁক সহায় কৰিছিল অৰূপ ডেকা আৰু ধনটিয়ে। অভিযোগ অনুসৰি ১৬ আগষ্ট ২০২২ ত গুৱাহাটীৰ নাৰেংগীত সংঘটিত হৈছিল হত্যাকাণ্ড। অতি সন্তৰ্পনে বন্দনাই অমৰজ্যোতিক মূৰত মৰিয়াই হত্যাৰ চেষ্টা চলাইছিল।

মূৰৰ আঘাটত অমৰজ্যোতিৰ প্ৰাণ যোৱা নাছিল । নিষ্ঠুৰ মহিলা গৰাকীয়ে ধনজিৎ কলিতাৰ সহযোগত এক প্ৰকাৰৰ জীৱন্তেই কাটিছিল অমৰিজ্যোতিক। হাত-মূৰ কাটি ভৰাই থৈছিল ঘৰটোৰ ফ্ৰীজত।

তাৰ দুদিনৰ পাছত শংকৰী দে' নামৰ মহিলা গৰাকীক ডিঙি চেপি হত্যা কৰিলে আন এক স্থানত। তৃতীয় দিনা অৰূপ ডেকা নামৰ বন্ধু জনৰ সহযোগত তেওঁ এ এছ ০১ জে চি ৫৭৯৫ নম্বৰৰ একচেন্ট গাড়ীৰে তিনিও ফুৰিবলৈ ওলাই গৈ স্বামী আৰু শাহুয়েকৰ মৃতদেহৰ টুকুৰাবোৰ সমূহ বিভিন্ন স্থানত পেলাই থৈ আহিছিল।

এই অভিযোগত এতিয়াও কাৰাগাৰৰ ভিতৰত আছে বন্দনা কলিতা। আৰক্ষীয়ে ইতিমধ্যে ১৪০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছে যদিও পূৰ্ণাংগ চাৰ্জশ্বীট দাখিল কৰিবলৈ সক্ষম হোৱা নাই। যাৰ বাবে জেলৰ পৰা মুকলি তললৈ আহিব অৰূপ ডেকা।

এই কাণ্ডই পুনৰ এবাৰ স্মাৰ্ট আৰক্ষীৰ ফোঁপোলা স্বৰূপ উদঙাই পেলাইছে। হত্যাকাণ্ডৰ এবছৰ হোৱাৰ পাছতো এই পৰ্যন্ত আৰক্ষীয়ে দাখিল কৰিব পৰা নাই চাৰ্জশ্বীট।

গুৱাহাটী ডাবল মাৰ্ডাৰঃ  আৰক্ষীয়ে পূৰ্ণাংগ চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰা বাবে জামিন লাভ অৰূপ ডেকাৰ
ইজৰাইলক মুকলি প্ৰত্যাহ্বান ইৰাণৰ! আন এক যুদ্ধৰ আশংকা
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in