এখন-দুখন নহয়! একেদিনাই ১৬খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ অশোক সিংহলৰ...

এখন-দুখন নহয়! একেদিনাই ১৬খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ অশোক সিংহলৰ...

author-image
Asomiya Pratidin
New Update
এখন-দুখন নহয়! একেদিনাই ১৬খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ অশোক সিংহলৰ...

ডিজিটেল সংবাদ, চিৰাং: ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকি থকাৰ সময়তে ভোট যুঁজত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী সকলৰ হৈ শাসক-বিৰোধী দলৰ নেতা সকলে ব্যাপক তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে। আজি ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ এনডিএ মিত্ৰজোঁটৰ তত্ত্বাবধায়কৰ দায়িত্বত থকা ৰাজ্যৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে পুৱাৰ পৰা নিশালৈকে চিদলী বিধানসভা সমষ্টিৰ কোকৰাঝাৰ জিলাৰ গাঁৱে ভূঞে সোমাই মাৰাথন নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত হৈ থকা পৰিলক্ষিত হয় ।

আজিৰ দিনটোত কেবিনেট মন্ত্ৰী অশোক সিংহলে এখন দুখন নহয় ১৬খনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এনডিএ মিত্ৰজোঁটৰ ইউপিপিএল ৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলায়। মন্ত্ৰী সিংহলে পুৱাৰ পৰা চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ বামুনীগাঁও,পুঠিয়াগাঁও,বাৰাগড়,চৰাইখোলা প্ৰথম আৰু দ্বিতীয় খণ্ড, হৰিপাহাৰপুৰ, কামাৰপাৰা, ছহৰপুৰত দুপৰীয়া লৈকে নিৰ্বাচনী প্ৰচাৰ চলায়।

তাৰ পিছত ছালাকাটিৰ যুৱ মৰ্চাৰ সভাপতিৰ বাসগৃহত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি ক্ষন্তেক সময় জিৰণি লৈ দলীয় নেতাকৰ্মী সকলৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে। পুনৰ ছালাকাটি এলেকাৰ গৌৰাংটাৰী লালমাটি, গৌৰাংটাৰী, কাঠলগুৰী, শিলকাটাৰী, নয়াছৰা প্ৰথম, দ্বিতীয় আৰু তৃতীয় খণ্ড আৰু নিশা বান্দৰছৰা গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায়।

নিৰ্বাচনী সভাত মন্ত্ৰীগৰাকীয়ে ৰাইজক উদ্দেশ্যি কয় যে, আপোনালোকে এইবেলি ভোট দিবলৈ গৈ ইভিএম মেচিনত আপোনালোকৰ প্ৰিয় পদুম ফুলৰ প্ৰতীক চিহ্ন বিচাৰি নেপাব কাৰণ এইবেলি চিদলী সমষ্টিৰ উপনিৰ্বাচনত আমাৰ এনডিএ মিত্ৰজোঁটৰ ট্ৰেক্টৰৰ ছবি দেখিবলৈ পাব। ১৩ নবেম্বৰৰ দিনা আপোনালোকে ট্ৰেক্টৰৰ ছবিত ভোটদান কৰিলেই আমাৰ দলক ভোট দিয়া হব।

বিটিআৰ অঞ্চলত স্থায়ী আৰু ক্ষীপ্ৰ গতিত উন্নয়নৰ বাবে ভোটাৰ ৰাইজক ট্ৰেক্টৰৰ ছবিত ভোটদান কৰিবলৈ আহ্বান জনাযই মন্ত্ৰী সিংহলে। দিনটোৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰৰ অন্তত ৰাজ্যৰ কেবিনেট মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, চিদলী সমষ্টিৰ অন্তৰ্গত গাঁৱে ভুৱে প্ৰচাৰ সভা অনুষ্ঠিত কৰাৰ সময়ত ভোটাৰ ৰাইজে যিদৰে সঁহাৰি জনাইছে ইয়াৰ পৰা সহজেই অনুমান কৰিব পাৰি যে চিদলী সমষ্টিত আমাৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ বিজয় এশ শতাংশ নিশ্চিত আৰু বিপুল ভোটৰ ব্যৱধানত আমি জিকিবলৈ গৈ আছো।

Also Read: গহপুৰত জন্মদাতা পিতৃয়ে হত্যা কৰিলে ৮ বছৰীয়া পুত্ৰক...

ashok singhal