অসন্মান সহ্য নকৰে অসম জাতীয় পৰিষদেঃ নাথাকে বিৰোধী ঐক্যত...

বিহালী উপ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতৰ পাছতে সিদ্ধান্ত
অসন্মান সহ্য নকৰে অসম জাতীয় পৰিষদেঃ নাথাকে বিৰোধী ঐক্যত...
অসন্মান সহ্য নকৰে অসম জাতীয় পৰিষদেঃ নাথাকে বিৰোধী ঐক্যত...
Published on
Updated on

ডিজিটেল ডেস্কঃ ভংগ হ'ব অসম সন্মিলিত মৰ্চা ! বিৰোধী ঐক্যৰ উমৈহতীয়া মঞ্চ অসম সন্মিলিত মৰ্চাৰ পৰা ওলাই আহিব অসম জাতীয় পৰিষদ। আজি দিনৰ ১১-৩০ বজাত আছে দলটোৰ কৰ্ণধাৰ বৈঠক। এই বৈঠকৰ পাছতে দলটোৱে গ্ৰহণ কৰিব চূড়ান্ত সিদ্ধান্ত।

উল্লেখ্য যে, ৰাজ্যত বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থতে বিৰোধী একত্ৰিত হৈছিল। তেওঁলোকে পাঁচ সমষ্টিৰ উপ নিৰ্বাচনত ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা আছিল যদিও কংগ্ৰেছে বিৰোধী দলসমূহক গুৰুত্বহীন কৰাই নহয় অসন্মানো কৰিলে।

পাঁচটা সমষ্টিৰ ভিতৰত একমাত্ৰ বিহালী সমষ্টিত বিৰোধীয়ে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি এই বিষয়ে এ আই চি চি কো অৱগত কৰিছিল অসম সন্মিলিত মৰ্চাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছেও। সেই অনুসৰিয়েই বিৰোধীৰ প্ৰাৰ্থী হিচাপে চি পি আই এম এলৰ প্ৰাৰ্থী বিবেক দাসৰ নাম চৰ্চালৈ আহিছিল।

পাছত কংগ্ৰেছে অসম সন্মিলিত মৰ্চাক বিবেক দাসৰ পৰিৱৰ্তে আন শক্তিশালী প্ৰাৰ্থী নিৰ্বাচিত কৰিবলৈ আহ্বান জনোৱাত অসম সন্মিলিত মৰ্চাই সেই আহ্বানৰ প্ৰতিও সহাৰি জনাই আন প্ৰাৰ্থীৰ সন্ধানত বৈঠকত বহে। বিৰোধীৰ এনে বৈঠকৰ মাজতেই ৰাষ্ট্ৰীয় কংগ্ৰেছে বিহালী সমষ্টিৰ বাবে ঘোষণা কৰিলে সদ্য বিজেপি ত্যাগী জয়ন্ত বৰাৰ নাম।

তাৰ পাছতেই এতিয়া অসম সন্মিলিত মৰ্চাত ভাঙোন স্পষ্ট হৈছে। কংগ্ৰেছে তেওঁলোকক কৰা এই অসন্মানৰ বাবেই অসম সন্মিলিত মৰ্চাৰ পৰা ওলাই অহাৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে দিনৰ ১১-৩০ বজাত আহ্বান কৰা হৈছে দলৰ কৰ্ণধাৰ বৈঠক। এই বৈঠকতে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হ'ব।

অসন্মান সহ্য নকৰে অসম জাতীয় পৰিষদেঃ নাথাকে বিৰোধী ঐক্যত...
অসহায় ভূপেন বৰা! ক'লে- ৰাইজে সকলো দেখি আছে, মই কোৱাৰ প্ৰয়োজন নাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in