'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ ভিডিঅ' এডিটৰ সঞ্জীৱ চৌধুৰীৰ বিয়োগ

'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ ভিডিঅ' এডিটৰ সঞ্জীৱ চৌধুৰীৰ বিয়োগ
Published on
Updated on

ডিজিটেল ডেস্ক : অসমীয়া প্ৰতিদিন ডিজিটেলৰ ভিডিঅ' সম্পাদনা বিভাগৰ জ্যেষ্ঠ কৰ্মচাৰী সঞ্জীৱ চৌধুৰীৰ দেহাৱসান । শনিবাৰে সন্ধিয়া প্ৰায় ৮-৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

গীতানগৰৰ বাসিন্দা চৌধুৰীৰ মৃত্যুৰ সময়ত বয়স আছিল প্ৰায় ৩৫ বছৰ। বিগত কিছুদিন ধৰি যকৃতজনিত সমস্যাত ভুগি আছিল প্ৰয়াত চৌধুৰী। শুকুৰবাৰে গুৰুতৰভাৱে অসুস্থ হোৱাত পৰিয়ালৰলোকে তেওঁক শনিবাৰে পুৱাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায়।

কিন্তু জীৱন-মৃত্যুৰে যুঁজি শনিবাৰে সন্ধিয়া তেওঁ জীৱন সংসাৰৰ মায়া এৰি অজান দেশলৈ গুচি যায়। মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃ আৰু পত্নীৰ লগতে পৰিয়ালৰ আন সদস্যসকলক এৰি থৈ যায়।

সঞ্জীৱ চৌধুৰী অসমীয়া প্ৰতিদিনৰ লগত কেইবাবছৰ ধৰি জড়িত হৈ আছিল। কাৰ্যালয়ত সহকৰ্মীৰ লগত সহজে মিলি যাব পৰা অমায়িক সঞ্জীৱ চৌধুৰীৰ বিয়োগত অসমীয়া প্ৰতিদিনৰ কৰ্মচাৰীসকলে গভীৰ শোক প্ৰকাশ কৰে। অসমীয়া প্ৰতিদিনৰ তৰফৰ পৰা তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি।

'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ ভিডিঅ' এডিটৰ সঞ্জীৱ চৌধুৰীৰ বিয়োগ
ৰাষ্ট্ৰীয় চিৰিয়াখানাত যমজ চিতাৰ প্ৰথম সংখ্যক জন্মদিন উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in