সাৰ কাৰখানা বন্ধ কৰাৰ বিৰোধ কৰি অসমীয়া যুৱ মঞ্চৰ আন্দোলন ঘোষণা

শত সহস্ৰ জনৰ আৱেগ বিজড়িত এই জাতীয় উদ্যোগতোক চিৰদিন চিৰকাললৈ বন্ধ কৰাৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

author-image
Asomiya Pratidin
New Update
সাৰ কাৰখানা বন্ধ কৰাৰ বিৰোধ কৰি অসমীয়া যুৱ মঞ্চৰ আন্দোলন ঘোষণা

ডিজিটেল সংবাদ,ঢকুৱাখনা: অসম আৰু অসমীয়াৰ জাতীয় উদ্যোগ স্বৰূপ নামৰূপ সাৰ কাৰাখানা । শত সহস্ৰ জনৰ আৱেগ বিজড়িত এই জাতীয় উদ্যোগতোক চিৰদিন চিৰকাললৈ বন্ধ কৰাৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

১৯৬৬ চনৰ ১ জানুৱাৰীত কৰ্মক্ষম হোৱা এই কাৰখানাতো বন্ধ কৰি এটা ঐতিহ্য বিড়জিত উদ্যোগক নিশ্চিহ্ন কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ সবল বিৰোধীতা ৰাজ্যজুৰি ইতিমধ্যে আৰম্ভ হৈছে । ৰাজ্যখনৰ বিভিন্ন স্বাভিমানী ব্যক্তি, সংগঠনে এই অবিবেচকী সিদ্ধান্তৰ সবল প্ৰতিবাদ কৰাৰ সমান্তৰাল ভাৱে এই ঐতিহ্য ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে এক ধাৰাবাহিক গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে অসমীয়া যুৱ মঞ্চই ।

মঞ্চৰ কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈয়ে নামৰূপৰ সাৰ কাৰাখানা বন্ধ কৰাৰ তথ্য লোকসভাৰ অধিবেশনত ব্যক্ত কৰাত সবল বিৰোধিতা কৰি এয়া অসমীয়াৰ স্বাভিমানত প্ৰচণ্ড কুঠাৰাঘাট বুলি অভিহিত কৰিছে । কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি গগৈয়ে এয়া গেৰুৱা চৰকাৰৰ এক অবিবেচকী আৰু হঠকাৰী সিদ্ধান্ত বুলি মন্তব্য কৰি যুৱ মঞ্চৰ উদ্যোগত ৰাজ্যজুৰি এলানি ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে ।

সেই অনুক্ৰমে পহিলা আগষ্টত লখিমপুৰ জিলা সদৰত কেন্দ্ৰীয় ভিত্তিত ৪ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি এনে স্বাভিমান আঘাতকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা , অহা ৫ আগষ্টত শিৱসাগৰ জিলা সদৰত কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালনেৰে প্ৰতিবাদ সাব্যস্ত , অহা ৭ আগষ্টত যোৰহাট জিলাৰ সদৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ন ,অহা ৮আগষ্টত গোলাঘাটত অৱস্থান কাৰ্যসূচী ৰূপায়ন , ৯ আগষ্টত তিনিচুকীয়া জিলাত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন, ১০ আগষ্টত ডিব্ৰুগড়ৰ সাৰ নগৰী নামৰূপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন,১১ আগষ্টত বৰপেটা জিলাত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিব।

লগতে পৰৱৰ্তী সময়ত বাকী সমূহ জিলাত মঞ্চৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে কেন্দ্ৰীয় ভিত্তিত গুৱাহাটীতো গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলি জনাইছে। মঞ্চৰ সভাপতি যাদৱ গগৈ,কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈ,মুখ্য সচিব অনুপম শইকীয়াই এই সদৰ্ভত এক বিবৃত্তি প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰক এনে অসমবিৰোধী ভূমিকা লোৱাৰ পৰা বিৰত থাকিবলৈ কঠোৰ ভাবে সকীয়াই দিছে ।

Also Read: কাজিৰঙাৰ বিধ্বস্ত ৩৭ নং ৰাষ্ট্ৰীয় পথ, বিভাগীয় কৰ্তৃপক্ষৰ নাই কাণসাৰ