ডিজিটেল ডেস্কঃ অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণ আৰু ইয়াৰ বাবে অসম চৰকাৰে গঠন কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগক লৈ আজি উত্তপ্ত হৈ পৰে অসম বিধানসভা। কংগ্ৰেছৰ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে এই সন্দৰ্ভত উত্থাপন কৰা এক প্ৰশ্নৰ কোনো সঠিক উত্তৰ নিদি মন্ত্ৰী অতুল বৰাই চালে বেৰে কোবোৱা এক উত্তৰ প্ৰদান কৰি কংগ্ৰেছক সমালোচনা লক্ষ্য কৰি লয়। ইয়াকে লৈ উত্তপ্ত হৈ পৰে সদন।
মন কৰিবলগীয়া যে, 'কা' আন্দোলনৰ মাজতে ২০১৯ চনৰ ১৫ জুলাইত অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে অসমত ১৩ জনীয়া এক উচ্চস্তৰীয় কমিটী গঠন কৰি দিছিল। এই কমিটীৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক।
এই কমিটীয়ে ৰাজ্যৰ আটাইবোৰ ৰাজনৈতিক দল-সংগঠন আৰু বিশিষ্ট ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰি ২০২০ ৰ ১০ ফেব্ৰুৱাৰীত এক প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছিল। উচ্চস্তৰীয় কমিটী গঠন সন্দৰ্ভত সংসদত উল্লেখ কৰি অমিত শ্বাহে এই প্ৰতিবেদন সংসদত আখৰে আখৰে পালন কৰিব বুলি কৈছিল যদিও প্ৰতিবেদন প্ৰস্তুত হৈ উঠাৰ পাছত কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰহস্যজনকভাৱে ইয়াক গ্ৰহণ নকৰিলে।
উপায়ন্তৰ হৈ সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাততে এই প্ৰতিবেদন দাখিল কৰিলে বিপ্লৱ শৰ্মা আয়োগে। যদিও চুক্তি ৰূপায়নৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ তথাপিও কেন্দ্ৰীয় চৰকাৰে এই চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ দায়িত্ব অসম চৰকাৰৰ বুলিহে উল্লেখ কৰি বিষয়টোৰ পৰা ফালৰি কাতিলে।
এই সন্দৰ্ভত দাখিল হোৱা এক আৰ টি আইৰ আবেদনত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে স্পষ্টকৈ জনাইছিল যে, ছয় নং দফা কাৰ্যকৰী সন্দৰ্ভত গঠন কৰা উচ্চস্তৰীয় কমিটীয়ে তেওঁলোকৰ প্ৰতিবেদন ৰাজ্য চৰকাৰক জমা দিছে ৷ এই প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দায়িত্ব প্ৰধানতঃ ৰাজ্য চৰকাৰৰ ৷
অথচ অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে প্ৰয়োজন আছে কেন্দ্ৰীয় আইন সংশোধনৰ। এয়া ৰাজ্য চৰকাৰৰ বাবে সম্ভৱ নহয়। এয়া সম্ভৱ কেৱল কেন্দ্ৰীয় চৰকাৰৰ বাবেহে। অসম চৰকাৰে আইন সংশোধন কৰিব নোৱাৰে। ইয়াতেই স্পষ্ট হয় কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিমান গুৰুত্ব প্ৰদান কৰিছে।
ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদন সংসদৰ মজিয়াতে আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো ২০২১ চনত পুনৰ অসম চৰকাৰে এই প্ৰতিবেদনখন পৰীক্ষা কৰিবলৈ আন এক উপ-সমিতি গঠন কৰিছিল। এই কমিটীৰ সদস্য আছিল মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, পীযুষ হাজৰীকা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব।
৩ মাহৰ ভিতৰতে এই কমিটীয়ে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন পৰীক্ষা কৰি এই সন্দৰ্ভত প্ৰতিদেবন দাখিল কৰাৰ কথা আছিল যদিও এই পৰ্যন্ত সেই সমিতিৰ কোনো প্ৰতিবেদন প্ৰস্তুতেই নহ'ল। অসম চৰকাৰৰ তিনি মন্ত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰে গঠিত এই কমিটীয়ে এতিয়াও প্ৰতিবেদন প্ৰস্তুত কৰিব নোৱাৰা বিষয়টো আজি অসম বিধানসভাৰ মজিয়াতে স্পষ্ট হৈছে।
আজি অসম বিধানসভাত বিধায়ক ৰেকিবুদ্দিন আহমেদে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰালৈ এক প্ৰশ্ন উত্থাপন কৰি অধ্যক্ষৰ জৰিয়তে কয়, অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত অধিবক্তা বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত যি উচ্চস্তৰীয় কমিটী গঠন কৰা হৈছিল সেই কমিটীৰ পৰামৰ্শৰ ভিত্তিত ছয় নম্বৰ দফা কাৰ্যকৰী কৰা হৈছেনে নাই, উচ্চস্তৰীয় কমিটীৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰা হ'ল নে নাই, এই বিষয়ে জানিবলৈ বিচাৰিছিলো যদিও তাৰ কোনো উক্তৰ স্পষ্টকৈ নাপালোঁ।
তেওঁ পুনৰ কয়, দিল্লীলৈ উচ্চস্তৰীয় কমিটীৰ প্ৰতিবেদন গ'ল নে নগ'ল সেই বিষয়ে স্পষ্টকৈ জানিবলৈ বিচাৰিছো। মন্ত্ৰী মহোদয়ে ইয়াৰ ঘূৰাই-পকাই উত্তৰ নিদি এই পবিত্ৰ বিধানসভাত স্পষ্টকৈ জনোৱা উচিত ছয় নং দফা চৰকাৰে কাৰ্যকৰী কৰিব নে নকৰে?ছয় নং দফা কেতিয়া কাৰ্যকৰী কৰা হ'ব তাৰ নিশ্চিত সীমাৰেখাৰ বিষয়ে জনাওক।
ৰেকিবুদ্দিন আহেমেদৰ এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ অতুল বৰাই কয়, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক আৰু বিধিগত দিশসমূহৰ ওপৰত যাতে কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া নহয়, সেই প্ৰতিবেদন কাৰ্যকৰী কৰাৰ বিষয়ে চোৱাচিতা কৰিবলৈ এখন উপ-কমিটী গঠন কৰি দিছিল। এই উপ-কমিটীত আমাৰ লগতে আন দুগৰাকী মন্ত্ৰী অজন্তা নেওগ আৰু পীযুষ হাজৰীকা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা, সম্পাদকদ্বয় আছিল। যোৱা দিন বোৰত আমি ৫ বাৰ বৈঠকত মিলিত হৈছো। প্ৰতিটো দফা সন্দৰ্ভত আলোচনা কৰিছো। আমি অচিৰেই আৰু এলানি আলোচনাত বহিম। আমি আশা কৰিছো যে অহা ৩ মাহৰ ভিতৰত আমি স্পষ্টভাৱে ইয়াৰ এটা ৰূপৰেখা প্ৰস্তুত কৰিব পাৰিম আৰু আমি দাখিল কৰিব পাৰিম।
ইয়াৰ পিছতে তেওঁ কংগ্ৰেছৰ শাসনকালৰ কথা উল্লেখ কৰি কংগ্ৰেছৰ সদিচ্ছা থাকিলে তেওঁলোকে তেতিয়াই অসম চুক্তি ৰূপায়ণ কৰিলেহেতেন বুলি ক'বলৈ যোৱাৰ সময়তে বিধানসভা উত্তপ্ত হৈ পৰে। বিৰোধী কংগ্ৰেছে সোঁৱাৰাই দিয়ে অসমত বিজেপিৰ চৰকাৰে ৯ বছৰত ভৰি দিছে। কেন্দ্ৰত ১০ বছৰ অতিক্ৰম কৰিছে। তেওঁলোকে কিয় ইয়াক কাৰ্যকৰী কৰা নাই বুলিও প্ৰশ্ন কৰে।
ইফালে বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত অসমৰ সংসদীয় আসনৰ ৮০ শতাংশ আসন সংৰক্ষণৰ প্ৰস্তাৱৰ বিষয়টোও উত্থাপন হয়। এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে কয়, বিপ্লৱ শৰ্মাৰ দৰে এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশে আইন সন্দৰ্ভত কোনো নথকা নজনাকৈ প্ৰতিবেদন প্ৰস্তুত কৰিছে নেকি? যিহেতু ইয়াত ৮০ শতাংশ আসন খিলঞ্জীয়াৰ বাবে সংৰক্ষিত কৰাৰ কথা আছে। এই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ।
কংগ্ৰেছেও এই দিশটোক উনুকিয়াই দিয়াত পীযুষ হাজৰীকাই বিৰোধিক উভতি ধৰি কয়, আপোনালোকে খিলঞ্জীয়াৰ ৮০ শতাংশ আসন সংৰক্ষণৰ বিষয়টোক মানি লৈছে। অৱশ্যে কংগ্ৰেছৰ দেবব্ৰত শইকীয়াই এই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিষয় বুলিহে ক'বলৈ বিচৰা বুলি উল্লেখ কৰে।
Also Read: এণ্ড্ৰিউ উইলৰ চাহ বাগিচা বিক্ৰীৰ সিদ্ধান্তক সমৰ্থন তেৰছ গোৱালাৰ...