সীমা বিবাদক লৈ অৰুণাচলৰ মন্ত্ৰীৰে বৈঠক মন্ত্ৰী পীযুষ হাজৰিকাৰ...

এই সীমা বিবাদক লৈ ইয়াৰ পূৰ্বেও কেইবাখনো বৈঠক অনুষ্ঠিত হৈছিল

author-image
Asomiya Pratidin
New Update
সীমা বিবাদক লৈ অৰুণাচলৰ মন্ত্ৰীৰে বৈঠক মন্ত্ৰী পীযুষ হাজৰিকাৰ...

Assam-Arunachal Border Issue

ডিজিটেল ডেস্ক : অসম-অৰুণাচলৰ সীমা বিবাদক লৈ সোমাবাৰে গুৱাহাটীৰ অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা আৰু অৰুণাচলৰ মন্ত্ৰী মামা নাটুং।

এই সীমা বিবাদক লৈ ইয়াৰ পূৰ্বেও কেইবাখনো বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকৰ অন্তত মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে যোৱা ছেপ্টেম্বৰ মাহত অসমৰ বিশ্বনাথ আৰু অৰুণাচল প্ৰদেশৰ পাক্কে কেচাং জিলাৰ সীমান্তৰ চাৰিখন গাঁৱৰ পৰিদৰ্শন ওপৰত ভিত্তি কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে।

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন ৰাজ্যৰ বুজাবুজিৰ মাজেৰে এই সীমা বিবাদৰ সমাধানৰ সিদ্ধান্তত উপনীত হ'ব চৰকাৰ। আনহাতে, অসম আৰু অৰুণাচলৰ দুয়োগৰাকী মন্ত্ৰীয়ে নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিব প্ৰতিবেদন। তাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।

assam arunachal border