৭৩ বছৰত ১৯ লাখৰ পৰা ১ কোটি ৭ লাখলৈ বৃদ্ধি পালে অসমৰ মুছলিম জনসংখ্যাঃ বিজেপিৰ সংবাদ মেল

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাৰ সংবাদ মেলৰ জৰিয়তে কংগ্ৰেছক সমালোচনা
৭৩ বছৰত ১৯ লাখৰ পৰা ১ কোটি ৭ লাখলৈ বৃদ্ধি পালে অসমৰ মুছলিম জনসংখ্যাঃ বিজেপিৰ সংবাদ মেল
৭৩ বছৰত ১৯ লাখৰ পৰা ১ কোটি ৭ লাখলৈ বৃদ্ধি পালে অসমৰ মুছলিম জনসংখ্যাঃ বিজেপিৰ সংবাদ মেল
Published on
Updated on

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত অস্বাভাৱিক হাৰত জনসংখ্যা বৃদ্ধি হোৱা বুলি কৰা মন্তব্যক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ আঁত ধৰি এইবাৰ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে। কংগ্ৰেছৰ সিদ্ধান্তক কা-পুৰুষৰ দৰে বুলি কটাক্ষ কৰি কংগ্ৰেছে গ্ৰহণ কৰা সিদ্ধান্তকো গৰিহণা দিছে।

প্ৰেছ বিজ্ঞপ্তিত বিজেপিয়ে উল্লেখ কৰিছে যে, ৭৩ বছৰত অসমত মুছলমান ধৰ্মীয় জনসংখ্যা ১৯ লাখৰ পৰা ১ কোটি ৭ লাখলৈ বৃদ্ধি পালে। দলটোৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হোৱা এক সংবাদ মেলত কয় যে, অপ্রাকৃতিকভাৱে বাংলাদেশী মূলৰ মুছলিম লোকৰ জনবিস্ফোৰণ হৈছে। এই জনবিস্ফোৰণে অসমৰ থলুৱা লোকৰ ৰাজনৈতিক আৰু অর্থনৈতিক ভৱিষ্যত অনিশ্চিত কৰি তোলাৰ লগতে সামাজিক, সাংস্কৃতিক ক্ষেত্রলৈয়ো ভাবুকি নমাই আনিছে। জনবিস্ফোৰণৰ ফলত বৃদ্ধি পোৱা বাংলাদেশী মূলৰ মুছলমান লোকসকলে অসমৰ সত্ৰ, দেৱালয় আদিৰ নামত থকা ভূমি বেদখল কৰাৰ লগতে ব্যাপক হাৰত বনাঞ্চলো ধ্বংস কৰা পৰিলক্ষিত হৈছে”।

কংগ্ৰেছ দলে আৰম্ভণিৰে পৰা বাংলাদেশীমূলৰ মুছলিম লোকৰ জনবিস্ফোৰণৰ বিষয়টো গাপ দি ৰখাৰ পৰিকল্পিত প্ৰয়াস কৰি আহিছে বুলিও ৰাজ্যিক বিজেপিৰ মুখপাত্ৰজনে অভিযোগ কৰে। সদায় মুছলমানৰ মাজত ভয় আৰু শংকাৰ পৰিৱেশ সৃষ্টি কৰি কংগ্ৰেছ দলে ৰাজনীতি কৰাৰ কথাও শৰ্মাই লগতে উল্লেখ কৰে।

তেওঁ এক তথ্য দাঙি ধৰি কয় যে, ভাৰতীয় লোকপিয়লৰ তথ্যমতে ১৯৫১ চনত বৰ্তমানৰ অসমত মুছলিম জনসংখ্যা আছিল ১৯ লাখ ৯৫ হাজাৰ কিন্তু ২০১১ চনত ই বৃদ্ধি পাই ১ কোটি ৭ লাখলৈ। এই হাৰত জনবিস্ফোৰণ হ'লে ২০৫০ চনত অসমৰ মুছলিম জনসংখ্যা কিমান হ'ব সেয়া সহজে অনুমেয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেইদিনমান পূৰ্বে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত দিয়া বক্তব্যৰ বৈজ্ঞানিক ভিত্তিক এই তথ্যই স্পষ্টভাৱে প্ৰমাণ কৰে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰজনে মতপোষণ কৰে।

সংবাদ মেলত প্রদেশ কংগ্ৰেছৰ সিদ্ধান্ত কা-পুৰুষৰ নিচিনা বুলি উল্লেখ কৰি ৰঞ্জীৱ শৰ্মাই কয় "বাল্য বিবাহ, বহু বিবাহ, প্রবজন আৰু লাভ জেহাদৰ ফলত অসমত ভাৰতীয় লোকপিয়লৰ তথ্য মতে শতিকাৰ প্ৰথমটো দশকত অসমত হিন্দুৰ জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ মুছলমিৰ জনসংখ্যা বৃদ্ধিৰ হাৰ দুগুণ আছিল যদিও চলিত দশকত এই হাৰ অস্বাভাৱিকভাৱে তিনিগুনলৈ বৃদ্ধি পায়। ১৯৯১-২০০১ চনৰ সময়ছোৱাত অসমত হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ ১৪.৯ শতাংশ হোৱাৰ বিপৰীতে মুছলিম জনসংখ্যা বৃদ্ধিৰ হাৰ ২৯.৩ শতাংশ হোৱাৰ বিষয়ে লোকপিয়লৰ তথ্যত উল্লেখ আছে।

অর্থ্যাৎ চলিত দশকত হিন্দু জনসংখ্যাতকৈ তিনিগুণ হাৰত মুছলিম জনসংখ্যা বৃদ্ধি পাইছে। ২০০১-১১ চনৰ সময়ছোৱাত অসমত হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ ১০.৯ শতাংশলৈ হ্রাস পোৱাৰ বিপৰীতে মুছলিম জনসংখ্যা বৃদ্ধিৰ হাৰ ২৯.৬ শতাংশলৈ বৃদ্ধি হৈছে। লোকপিয়লৰ এই তথ্যই স্পষ্ট কৰে যে ১০ বছৰত হিন্দু জনসংখ্যাতকৈ তিনিগুণ অধিক হাৰত অসমত মুছলিম জনসংখ্যাৰ বৃদ্ধি ঘটে।

লোকপিয়লৰ তথ্য মতে ১৯৭১ চনত অসমৰ মুঠ জনসংখ্যাৰ ৭২.৫১ শতাংশ হিন্দু হোৱাৰ বিপৰীতে মুছলিম জনসংখ্যাৰ আছিল ২৪.৫৬ শতাংশ। কিন্তু ২০১১ চনত ৰাজ্যৰ হিন্দু জনসংখ্যা ৬১.৪৬ শতাংশলৈ হ্রাস পোৱাৰ বিপৰীতে মুছলিম জনসংখ্যা বৃদ্ধি পায় ৩৪.২২ শতাংশলৈ। ১৯৭১ চনত অসমত মুছলিম সংখ্যা গৰিষ্ঠ জিলা দুখন হোৱাৰ বিপৰীতে ২০১১ চনত মুছলিম সংখ্যাগৰিষ্ঠ জিলাৰ সংখ্যা ১০ খনলৈ বৃদ্ধি পায়।

২০১৬ চনৰ বিধানসভা নির্বাচন, ২০১৯ চনৰ লোকসভা নির্বাচন আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ ভোটাৰৰ সংখ্যা বৃদ্ধিৰ তথ্য বিশ্লেষণ কৰিলেও ৰাজ্যৰ জনগাঁথনিৰ পৰিবৰ্তনৰ ভয়াৱহ ছবিখন স্পষ্ট হৈ পৰে। নির্বাচন আয়োগৰ তথ্যই স্পষ্টভাৱে প্রতিপন্ন কৰে যে, ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত ভোটাৰৰ সংখ্যাৰ অস্বাভাবিক বৃদ্ধি ঘটাৰ বিপৰীতে থলুৱা অধ্যুষিত সমষ্টিসমূহত বৃদ্ধিৰ হাৰ তেনেই নগণ্য।

ফলত অসমৰ খিলঞ্জীয়া জনসাধাৰণে বিভিন্ন সমষ্টিত ক্ৰমাৎ ৰাজনৈতিক নিয়ন্ত্রণ হেৰুৱাই অহাৰ ছবিখনো পোনপটীয়াকৈ প্রতিফলিত কৰে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র শর্মাই মতপোষণ কৰি লগতে কয় যে, ৰাজ্যৰ বিভিন্ন মন্দিৰ, বনাঞ্চল আৰু চৰকাৰী মাটিত হোৱা বেদখলৰ প্ৰধান কাৰণ এই অস্বাভাৱিক জনবিস্ফোৰণ বুলি অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সঘনাই কোৱা কথা যে সম্পূর্ণ যুক্তিসংগত এই তথ্যসমূহেই স্পষ্টৰূপত প্ৰমাণ কৰে।

এই বাস্তৱ সত্যক ঢাকি ৰাখি বিৰোধী দল কংগ্ৰেছ আৰু বিভিন্ন ইছলামিক সংগঠনে কুটিল ৰাজনীতি কৰি ৰাজ্যৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশ বিনষ্ট কৰিব বিচৰাটো সচাকৈ নিশ্চিতভাৱে নিন্দনীয় বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীব কুমাৰ শৰ্মাই কয়।

ইয়াৰোপৰি শৰ্মাই কয়, 'স্বাধীনোত্তৰ ভাৰতৰ অধিকাংশ সময় ক্ষমতাত থকা কংগ্রেছ দলে উন্নয়ন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ মূল বিষয়সমূহকলৈ কেতিয়াও মুকলি বিতৰ্ক কৰিবলৈ সাহস নকৰে। কিয়নো এই দলৰ অপ শাসন আৰু দুর্নীতিৰ বাবেই আমাৰ দেশৰ উন্নয়ন স্থবিৰ হৈ পৰিছিল। সেয়েহে কংগ্ৰেছে সদায় ব্যক্তি আক্রমণ আৰু সম্ভীয়া কথাৰে ৰাজনৈতিক বৈতৰণী পাৰ হোৱাৰ নিকৃষ্ট প্রয়াস কৰে'।

শৰ্মাৰ মতে প্রতিপক্ষৰ নেতাক ব্যক্তিগতভাৱে আক্রমণ কৰি জনসাধাৰণক বিভ্রান্ত কৰি কংগ্ৰেছে সদায় ৰাজনৈতিক মুনাফা লুটাৰ চেষ্টা কৰে। কংগ্ৰেছৰ এনে প্রয়াসৰ এক দীঘলীয়া ইতিহাস আছে। এই ইতিহাসৰ ধাৰাবাহিকতা ৰক্ষা কৰিয়েই অসম প্রদেশ কংগ্ৰেছ সমিতিয়েও মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ লোকক ব্যক্তিগতভাবে আক্ৰমণ কৰা লক্ষ্য কৰি লৈছে।

প্রধান বিৰোধী দলৰ এনে সিদ্ধান্তই ৰাজ্যৰ ৰাজনীতিত এক ৰুচিহীন পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে মানুহৰ মাজত ভয় আৰু শংকাৰ বাতাৰণ গঢ়ি উঠিব। সেয়েহে এনে সিদ্ধান্ত নিশ্চিতভাবে তীব্ৰ গৰিহণাৰ যোগ্য বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰজনে মতপোষণ কৰে। মুখ্যমন্ত্রী শ্রী শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ সৰ্বব্যাপী আৰু সৰ্বস্পর্শী উন্নয়ন সম্পৰ্কত বিতৰ্ক কৰাৰ সাহস গোটাব নোৱাৰি কংগ্ৰেছে ব্যক্তিগত আক্ৰমণৰ বাবে লোৱা সিদ্ধান্ত এক প্ৰকাৰৰ কাপুৰুষালি বুলি ক'ব পৰা যায়।

উল্লেখযোগ্য যে ছোনীয়া গান্ধীয়ে গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্রী নৰেন্দ্ৰ মোদীক 'মৌত কা সৌদাগৰ' বুলি কৈ ব্যক্তি আক্ৰমণৰ এক নতুন অধ্যায় ভাৰতীয় ৰাজনীতিত আৰম্ভ কৰিছিল। ইয়াৰে ধাৰাবাহিকতা কংগ্ৰেছে অসমত বৰ্তাই ৰখাৰ প্ৰয়াস কৰা বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই মতপোষণ কৰে।

৭৩ বছৰত ১৯ লাখৰ পৰা ১ কোটি ৭ লাখলৈ বৃদ্ধি পালে অসমৰ মুছলিম জনসংখ্যাঃ বিজেপিৰ সংবাদ মেল
২০১৯ বিশ্বকাপত কিয় দলৰ পৰা 'ড্ৰপ' কৰিছিল আজিও বুজি পোৱা নাই ছামিয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in