অসম গ্ৰন্থমেলা,হাফলঙত লেখক-পাঠকৰ আশানুৰূপ সঁহাৰি

অসম গ্ৰন্থমেলা,হাফলঙত লেখক-পাঠকৰ আশানুৰূপ সঁহাৰি

author-image
Asomiya Pratidin
New Update
অসম গ্ৰন্থমেলা,হাফলঙত লেখক-পাঠকৰ আশানুৰূপ সঁহাৰি

ডিজিটেল সংবাদ,হাফলং: অপৰূপ প্ৰকৃতিৰে শুশোভিত হাফলঙত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰিছে অসম গ্ৰন্থমেলা। হাফলঙত আয়োজন কৰা অসম গ্ৰন্থমেলালৈ লেখক-পাঠকৰ সঁহাৰিয়ে উৎসাহিত কৰিছে উদ্যোক্তাসকলক ৷

ইপিনে বৃহস্পতিবাৰে দ্বিতীয় দিনাৰ বাবে আয়োজিত “শিশুৰ দিন”ত উছৱমুখৰ হৈ পৰে সাংস্কৃতিক প্ৰতিষ্ঠান প্ৰেক্ষাগৃহৰ প্ৰাংগণ ৷ পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা মুকলি কুইজত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷

সুচাৰুৰূপে কুইজ পৰিচালনা কৰে ৰোনিত দে’ই ৷ দুপৰীয়া ১ বজাৰ পৰা অনুষ্ঠিত হয় কবিতা আবৃত্তি প্ৰতিযোগিতা ৷ ইয়াৰ “ক” আৰু “খ” দুটা শাখাত মুঠতে ১০০ গৰাকী প্ৰতিযোগীয়ে যোগদান কৰে ৷

কবিতা আবৃত্তি প্ৰতিযোগিতাত বিচাৰকৰ আসন শুৱনি কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ৰেণু গুপ্তা আৰু শিক্ষয়িত্ৰী শ্যামলী চক্ৰৱৰ্তীয়ে ৷ বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাৰো “ক” আৰু “খ” শাখাত মুঠতে অৰ্ধশতাধিক প্ৰতিযোগীয়ে যোগদান কৰে ৷

ইয়াতো বিচাৰকৰূপে উপস্থিত থাকে ৰেণু গুপ্তা, ৰোনিত দে’ আৰু শ্যামলী চক্ৰৱৰ্তী ৷ প্ৰতিযোগিতাৰ ফলাফলসমূহ অহা ৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া সামৰণি সভাত ঘোষণা কৰি বঁটা বিতৰণ কৰা হ’ব ৷ আনহাতে শুকুৰবাৰে বিশিষ্ট কবি-সমালোচক ড° প্ৰাণজিৎ বৰাৰ সঞ্চালনাত অসম গ্ৰন্থমেলা, হাফলঙত অনুষ্ঠিত হ’ব বহুভাষিক কবি সন্মিলন ৷

Also Read: অসম চাহ মজদুৰ সংঘৰ উপ সভাপতিসহ কংগ্ৰেছৰ কেইবাগৰাকী কৰ্মীৰ বিজেপিত যোগদান

assam book fair haflong