APDCL লৈ ১৫০ কোটি, স্বাস্থ্য আন্তঃগাঁথনিৰ বাবে ২,৫২৯.১৭ কোটিত অনুমোদন..

APDCL লৈ ১৫০ কোটি, স্বাস্থ্য আন্তঃগাঁথনিৰ বাবে ২,৫২৯.১৭ কোটিত অনুমোদন..

author-image
Asomiya Pratidin
New Update
APDCL লৈ ১৫০ কোটি, স্বাস্থ্য আন্তঃগাঁথনিৰ বাবে ২,৫২৯.১৭ কোটিত অনুমোদন..

চৰকাৰী চাকৰিয়াল আৰু পেঞ্চনাৰে পাব কোভিড চিকিৎসা ব্যয়ৰ ধন ! কেবিনেটৰ সিদ্ধান্ত...

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ কেবিনেট বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্তসমূহৰ বিষয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিছে।

সেই অনুসৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাৰিকৰী শাখাত নিযুক্ত ব্যক্তিসকলৰ বাবে 'অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিষয়া (অভিযান্ত্ৰিক) সেৱা নীতি, ২০২৩' গ্ৰহণত অনুমোদন দিয়া হৈছে। প্ৰস্তাৱিত নতুন নিয়মে সামৰি ল'ব ৫ টা কাৰিকৰী কেডাৰ ।

সেই সমূহ হৈছে ক্ৰমে, কনিষ্ঠ অভিযন্ত্ৰা, সহকাৰী অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তা, কাৰ্যবাহী অভিযন্তা/সহকাৰী আয়ুক্ত আৰু যুটীয়া আয়ুক্ত। ইয়াৰ জৰিয়তে কনিষ্ঠ অভিযন্তা পৰ্যায়ৰ যুটীয়া আয়ুক্তলৈ পদোন্নতিৰ পথ বৃদ্ধিৰ লগতে পদোন্নতি প্ৰশিক্ষণ, নিশ্চিতকৰণ আদিৰ বাবে উপযুক্ত ব্যৱস্থা প্ৰৱৰ্তন কৰি ইতিবাচক প্ৰভাৱৰ দ্বাৰা কৰ্মচাৰীসকলক অনুপ্ৰাণিত কৰা হ'ব।

কেবিনেটৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত বজাৰ মূল্যত ভূমি অধিগ্ৰহণ। পৰ্যটন সম্ভাৱনীয়তা বৃদ্ধিৰ লক্ষ্যৰে পাণ্ডুঘাট আৰু কামাখ্যা মন্দিৰ সংযোগী বিকল্প পথৰ উন্নয়নৰ বাবে অধিগ্ৰহণ কৰিবলগীয়া মাটিৰ মূল্য প্ৰতি কঠাত ২৫ লাখ টকা নিৰ্ধাৰণত অনুমোদন।

বিনিয়োগ আকৰ্ষিতকৰণৰ নীতি সন্দৰ্ভতো কেবিনেটত লোৱা হৈছে সিদ্ধান্ত। সেই অনুসৰি অসমক বিশ্বব্যাপী প্ৰতিযোগিতামূলক বিনিয়োগৰ গন্তব্য স্থান হিচাপে গঢ়ি তোলাৰ বাবে 'অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি (সংশোধনী), ২০২৩' ত অনুমোদন দিয়া হৈছে।

প্ৰস্তাৱিত সংশোধনীয়ে মেগা প্ৰকল্প (১০০ কোটি প্ৰাৰম্ভিক বিনিয়োগ আৰু ২০০ গৰাকী স্থায়ী নিযুক্তি- সমূহ নন স্কিলড তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গ নিযুক্তি কেৱল ৰাজ্যৰ অন্তৱৰ্তী হ'ব) ৰূপায়ণৰ বাবে আগবঢ়াবৰ বাবে উদগনি যুগোৱাৰ ব্যৱস্থা কৰা হৈছে।

ইফালে বিদ্যুত গ্ৰাহকৰ বোজা লাঘৱৰ বাবেও লোৱা হৈছে সিদ্ধান্ত। গ্ৰাহকৰ বোজা লাঘৱ কৰাৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক ১৫০ কোটি টকা শক্তি ক্ৰয়ত ৰাজ সাহায্য অনুমোদন জনোৱা হৈছে। ইয়াৰ ফলত এ পি ডি চি এলে শুল্ক আৱেদনত দাবী কৰা ৰাজহৰ ব্যৱধান লাঘৱ কৰিব পাৰিব আৰু ২০২৩-২৩ বিত্তীয় বৰ্ষৰ খুচুৰা শুল্ক বৃদ্ধিৰ পৰা হাত সাৰিব পাৰিব।

বিজ্ঞান আৰু গণিত ফেচিলিটেটৰ সেৱাৰ ধাৰাবাহিকতা সন্দৰ্ভতো লোৱা হৈছে সিদ্ধান্ত। বিদ্যালয় সমূহত বিজ্ঞান আৰু গণিত শিক্ষাৰ মান শক্তিশালী কৰাৰ বাবে ফিক্সড পে' ৬০ বছৰ বয়সলৈকে অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিষদত নিয়োজিত বিজ্ঞান আৰু গণিত ফেচিলিটেটৰ সকলৰ সেৱা অব্যাহত ৰখাৰ অনুমোদন জনোৱা হৈছে।

আনহাতে কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত শক্তিশালীকৰণৰ বাবেও কেবিনেটত লোৱা হৈছে সিদ্ধান্ত। এছ চি আই গুৱাহাটী, ডিফু আৰু শিলচৰত বাকী থকা ৩ খন কেঞ্চাৰ কেয়াৰ হাস্পতালৰ নিৰ্মাণ ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনলৈ ১৫০ কোটি টকাৰ অনুমোদন জনোৱা হৈছে।

ইফালে কাৰখানা শ্ৰমিকৰ লাভালাভৰ ওপৰতো কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাৰখানাৰ শ্ৰমিকসকলৰ সুবিধাৰ বাবে অসম কাৰখানা সংশোধিত নীতি, ২০২৩ ত অনুমোদন জনোৱা হৈছে।

এই নীতিত উপ-নীতি ১৩ (গ) সংযোজন কৰা হৈছে। নীতিৰ নিয়ম ৪৭ বিলুপ্তিকৰণ কৰা হৈছে। আসাম ইষ্ট অফডুয়িং বিজনেজ এক্ট ২০১৬ আৰু ৰাইট টু পাবলিক চাৰ্ভিছ এক্ট ২০১২ ৰ অধীনত অনলাইন সেৱাৰ সময়সীমাৰ সন্দৰ্ভতো সংশোধিত অধিসূচনা।

বিদ্যামান ব্যৱস্থাসমূহত কিছুমান বাদ পৰি ৰোৱা আৰু ত্ৰুতিৰ প্ৰতি লক্ষ্য ৰাখি সংশোধনী সমূহৰ পৰামৰ্শ দিয়া হৈছে। শেহতীয়াকৈ চাহ আৰু অন্যান্য বিভিন্ন কাৰখানাত দুৰ্ঘটনা বৃদ্ধিয়েও এনে পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা প্ৰদান কৰিছে বুলি কেবিনেটে উল্লেখ কৰিছে।

অনলাইন সেৱা প্ৰদান কৰাত চৰকাৰক সহায় কৰিবলৈ আৰু আনুগত্যৰ বুজা হ্ৰাস কৰিবলৈ সংশোধিত সময় ৰেখা অধিসূচনাৰ বিষয়েও উল্লেখ কৰা হৈছে। কেবিনেটৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে, চৰকাৰী কৰ্মচাৰীৰ বাবে কোভিড সাহায্য। চৰকাৰী সেৱাধাৰী/ পেঞ্চনাৰ নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলে ননএমপেনেলড ব্যক্তিগত চিকিৎসালয়ত কোভিড-১৯ ৰ চিকিৎসা কৰা চিকিৎসা ব্যয়ৰ পৰিশোধত অনুমোদন জনোৱা হৈছে।

কেবিনেটৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল জিলা পৰ্যায়ত স্বাস্থ্য সেৱাৰ বিকাশৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত। জিলা পৰ্যাৰ স্বাস্থ্য সেৱা উন্নত কৰাৰ বাবে বিশ্ব বেংকৰ পুঁজিৰে আসাম টেষ্ট চেকেণ্ডেৰী হেল্থ কেয়াৰ ইনিচিয়েটিভ ফ চাৰ্ভিছ ডেলিভাৰী ট্ৰেঞ্চফৰমেচন প্ৰকল্পৰ বাবে ২,৫২৯.১৭ কোটি টকাত অনুমোদন জনোৱা হৈছে।

১০ খন জিলাত নতুন ১০০/২০০ বিচনাযুক্ত জিলা চিকিৎসালয় নিৰ্মাণৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিদ্যামান ২৫ খন জিলা চিকিৎসালয়ৰ স্বাস্থ্য আন্তঃগাঁথনিৰ কাৰ্যক্ষমতা উন্নিতকৰণৰ বাবেও পদক্ষেপ গ্ৰহণৰ বিষয়ে উল্লেখ কৰা হৈছে।

ইয়াৰ উপৰিও স্বাস্থ্য সেৱাৰ বাবে গ্ৰহণ কৰা আন আন সিদ্ধান্ত সমূহ ক্ৰমে বিশেষজ্ঞ সেৱা আৰু কাৰ্যভিত্তিক আৰু আনুসংগিক সেৱাৰ চুক্তিবদ্ধতাৰে গুণগত মান আৰু দক্ষতা উন্নত কৰিবলৈ স্বাস্থ্য খণ্ডত ৰাজহুৱা- ব্যক্তিগত অংশীদাৰিত্বৰ ব্যৱহাৰ, সামৰ্থ বিকাশ প্ৰতকল গঢ়ি তুলি চিকিৎসালয় পৰিচালনা কেডাৰ শক্তিশালীকৰণ, আন্তঃগাঁথনি, প্ৰক্ৰিয়া আৰু দক্ষতা উন্নয়নৰ বাবে ৪৪ খন নাৰ্চিং বিদ্যালয়ক লক্ষ্য কৰি নাৰ্চিং আৰু পেৰামেডিকেল শিক্ষাৰ ব্যৱস্থা উন্নত কৰা, জি এম এমক পৰ্যায়ক্ৰমে বি এইছ চি নাৰ্চিঙলৈ উন্নীতকৰণ, বিশেষ দক্ষতা প্ৰশিক্ষণ প্ৰদানেৰে বি এছ চি, এম এছ চি নাৰ্চিং কেন্দ্ৰক উৎকৰ্ষ কেন্দ্ৰলৈ উন্নীতকৰণ, গুণগত শিক্ষা আৰু পৰিচালনা ক্ষমতা প্ৰদানৰ বাবে কাৰ্যক্ষমতা উন্নীত কৰি দন্ত চিকিৎসা মহাবিদ্যালয়সমূহৰ উন্নয়ন, সংহত স্বাস্থ্য ব্যৱস্থাপনা, তথ্য ব্যৱস্থা, ইলেক্ট্ৰনিক চিকিৎসা অভিলেখ ব্যৱস্থাকে ধৰি ব্যাৱস্থাপনা আৰু তথ্য ব্যৱস্থা শক্তিশালী কৰণ আদি।

Also Read: আজিৰ পৰা সম্পূৰ্ণকৈ বন্ধ হ'ল বুঢ়াচাপৰিৰ ৭ খনকৈ বিদ্যালয়...

কেবিনেট