ডিজিটেল ডেস্কঃ বুধবাৰে জনতা ভৱনত অনুষ্ঠিক হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। বৈঠকৰ পিছত মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্ত সমূহৰ বিষয়ে জনায়। তলত সৱিশেষ উল্লেখ কৰা হ'ল-
-
চাহ বাগিচাৰ ৪১৯ খন বিদ্যালয় প্রাদেশীকৰণৰ সিদ্ধান্ত।
-
শিক্ষকতা কৰি থকা শিক্ষকসকলৰ পদ প্রদেশিকৃত নহয়।
-
বিদ্যালয়সমূহ বাগানৰ কৰ্তৃত্বতে থাকিব।
-
প্রাথমিক বিদ্যালয়ত দুজনকৈ শিক্ষক নিযুক্তি দিয়া হ’ব।
-
হাইস্কুলত এজন প্রধান শিক্ষক, ৫জন সহকাৰী শিক্ষকক নিযুক্তি দিয়া হ’ব।
-
মধ্যমিক বিদ্যালয়ত ৩ পদ সৃষ্টি কৰা হ’ব।
-
মিড দে মিল ইউনিফৰ্ম, কিতাপ চৰকাৰে বহন কৰিব।
-
ইয়াৰ বাবে চৰকাৰে বছৰি বহন কৰিব ৩৩ কোটি টকা।
মুখ্যমন্ত্রীৰ স্ব-নিয়োজন আঁচনিক লৈ কেবিনেটৰ সিদ্ধান্ত
-
২ লাখ আত্ম সংস্থাপনৰ কথা কোৱা হৈছিল ।এই সিদ্ধান্ত অনুযায়ী এহাজাৰ কোটি টকা কেবিনেটে অনুমোদন দিয়ে।
-
মহিলাসকলক সংস্থাপনৰ বাবে ১০০০ টকাকৈ দিয়াৰ সিদ্ধান্ত।
-
প্রজেক্ট বনাই চৰকাৰক দিলে পিছৰ বছৰত ১০ হাজাৰকৈ দিয়া হ’ব।
-
PMAYৰ গৃহ সন্দৰ্ভতো কেবিনেটত নতুন সিদ্ধান্ত।
-
নিজা মাটি নথকা লোকক ভূমি আবণ্টনৰ দায়িত্ব জিলা উপায়ুক্তক।
-
তেনে লোকক ৩ৰ পৰা ৫ লেচা মাটি আবণ্টন দিব পাৰিব।