-
সোমবাৰৰ ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়।
-
পথ যোগাযোগৰ ক্ষেত্রত বিশেষ সিদ্ধান্ত গ্রহণ কৰে ৰাজ্যিক কেবিনেটে।
-
হাই স্পীড ইক’ন’মিক কৰিডৰৰ অধীনত ১০০০ কিঃ মিঃ ৰাস্তা নিৰ্মাণ হ’ব।
-
৩ হাজাৰ কোটি টকা ব্যয় হ’ব অসম মালা-২ ৰূপে লোৱা এই আঁচনিত।
-
নৱেম্বৰত তিনিচুকীয়া, ডিচেম্বৰত উত্তৰ লখিমপুৰত হ’ব কেবিনেট।
-
জানুৱাৰী মাহত নগাঁৱত অনুষ্ঠিত হ’ব কেবিনেট।
-
কেবিনেট আয়োজনৰ বাবে জিলা আয়ুক্তক দিয়া হ’ব ৫ লাখ টকাকৈ।
-
কেবিনেটৰ বাবে বিশেষ মেৰামতিৰ বাবে ধন ব্যয় কৰিব নোৱাৰিব।
-
এখন কেবিনেটত ৫ লাখ টকাতকৈ অধিক খৰচ কৰিব নোৱাৰিব।
-
১১ অক্টোবৰৰ পৰা ভিন্ন জিলাত চৰকাৰী কাৰ্যসূচী।
-
১১, ১২ অক্টোবৰত অৰুণোদয় সভা অনুষ্ঠিত হ’ব বিভিন্ন জিলাত।
-
১৩ অক্টোবৰত চাইকেল দিয়া কাৰ্যসূচী বিভিন্ন জিলাত।
-
১৬ অক্টোবৰত মাইক্র’ ফাইনেন্সৰ পৰা ঋণ লোৱাৰ মহিলাৰ সভা বিভিন্ন জিলাত।
-
নাবাৰ্ড RIDF ২৯ৰ বাবে ৯০খন গাঁৱৰ পথ, ৪খন দলঙৰ বাবে ধনৰ অনুমোদন।
-
ইয়াৰ বাবে ৯৫০ কোটি টকাৰ অনুমোদন।
-
কাজিৰঙাত ৭ বিঘা ভূমিত ন্যায়িক অতিথিশালা নিৰ্মাণ কৰা হ’ব।
Also Read: মিজোৰামৰ ভাৰত–ম্যানমাৰ সীমান্তত বুজন পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ