কাজীৰ পৰিৱৰ্তে এতিয়াৰে পৰা উপ পঞ্জীয়কেহে সম্পন্ন কৰিব বিবাহ কাৰ্য

সোণাল মান সিঙক প্ৰদান কৰা হ’ব ২০২৩ বৰ্ষৰ 'শংকৰদেৱ বঁটা'

author-image
Asomiya Pratidin
New Update
কাজীৰ পৰিৱৰ্তে এতিয়াৰে পৰা উপ পঞ্জীয়কেহে সম্পন্ন কৰিব বিবাহ কাৰ্য

ডিজিটেল ডেস্ক : আঢ়ৈশ বছৰ পুৰণি সাংস্কৃতিক ক্ষেত্ৰসমূহক ধৰা হ’ব ঐতিহ্য ক্ষেত্ৰ হিচাপে। ঐতিহ্য ক্ষেত্ৰসমূহৰ ৫ কিঃমিঃ ভিতৰত থকা লোকসকলেহে সেই স্থানৰ মাটি ক্ৰয় কৰিব পাৰিব। কিন্তু, তাৰ বাবে সেই নিৰ্দিষ্ট স্থানৰ ভিতৰত তিনিটা প্ৰজন্মই একেলগে বাস কৰিব লাগিব।

অৱশ্যে মাজুলীৰ ক্ষেত্ৰত সম্পূৰ্ণ জিলাখনকে সামৰি লোৱা হৈছে। বৰপেটা, বটদ্ৰৱাত এই নিয়ম এতিয়াৰে পৰা প্ৰযোজ্য হ’ব। ৰাজ্যিক কেবিনেটৰ বৈঠকৰ অন্তত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

বুধবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। এই বৈঠকত গ্ৰহণ কৰা কেইবাটাও সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

কেবিনেট বৈঠক সম্পন্ন কৰি সংবাদমেলত ভাগ লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এতিয়াৰে পৰা ইছলাম লোকসকলে ইমামসকলৰ উপস্থিতিতে বিবাহ সম্পন্ন কৰিব পাৰিব। পূৰ্বতে কাজীয়ে বিবাহ সম্পন্ন কৰিছিল, কিন্তু এতিয়া উপ-পঞ্জীয়কেহে বিবাহ সম্পন্ন কৰিব।

তাৰোপৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- ৫৪২ গৰাকী জীৱিকা সখীক শীঘ্ৰেই প্ৰদান কৰা হ’ব স্কুটী। আজিৰ দিনত ২৭ লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰি আছে। অৰুণোদয়-৩ আঁচনিত ১২ লাখ ৬০ হাজাৰ হিতাধিকাৰীক পুনৰ সামৰি লোৱা হ’ব বুলি সংবাদমেলত উল্লেখ কৰে।

আনহাতে অৰুণোদয় আঁচনি সন্দৰ্ভত কয় যে এতিয়াৰে পৰা ৰেচন কাৰ্ড থকা লোকসকলেহে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। অন্যথা অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ’ব।

অসম ভূমি ৰাজহ আইন, ১৯৮৬ আইন সংশোধন কৰাৰ কথাও জানিবলৈ দিয়ে। অৱশ্যে জনজাতীয় ভূমি সংৰক্ষণৰ বাবে ১২ নং অধ্যায়ৰ সংযোজন হ’ব বুলি ড০ শৰ্মাই উল্লেখ কৰে। ইফালে এছ চি আৰু এছ টি অধ্যুষিত গাঁৱক ট্ৰাইবেল বেল্ট আৰু ব্ল’ক হিচাপে ঘোষণা কৰা হ’ব বুলি তেঁও উল্লেখ কৰে।

আজিৰ কেবিনেটত এই বৰ্ষত মাধৱদেৱৰ তিথিৰ চৰকাৰী বন্ধ ২৪ আগষ্টত দিয়াৰ কথা উল্লেখ কৰে। আনহাতে শংকৰদেৱ বঁটা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২০২৩ বৰ্ষৰ শংকৰদেৱ বঁটা সোণাল মান সিঙক প্ৰদান কৰা হ’ব বুলি আজিৰ কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, পীযুষ হাজৰীকা, কেশৱ মহন্ত, যোগেন মহন, ডাঃ ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱা আৰু অজন্তা নেওগ।

Also Read: আৰ জি কৰ কাণ্ড : গোগামুখত বীৰ লাচিত সেনাৰ মৌন প্ৰাৰ্থনা, বন্তি প্ৰজ্বলন

himanta biswa sarma ASSAM CABINET