দেওবাৰ ৰাজ্য চৰকাৰৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। তলত সেই সিদ্ধান্ত সমূহ উল্লেখ কৰা হ'ল-
· দুগ্ধ উৎপাদন বৃদ্ধি আৰু ইয়াৰ সৈতে জড়িত লোকক সকাহ দিয়াৰ সিদ্ধান্ত।
· ডিব্রুগড় আৰু যোৰহাটত স্থাপন হ’ব দুগ্ধ প্রক্রিয়াকৰণৰ ইউনিট।
· ৰাজ্যত দুখন বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত।
· গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়, প্রাগজ্যোতিষ বিশ্ববিদ্যালয় স্থাপনত অনুমোদন।
· নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ বাবে অতিৰিক্ত ৩৯৭ কোটি টকাৰ অনুমোদন।
· সাধাৰণ গোচৰ নিষ্পত্তিৰ বাবে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
· ৰাজ্যৰ ৩৪খন পলিটেকনিক, ৪৩খন ITIত টাটাই শিক্ষা প্রদান কৰিব।
· ইয়াৰ আন্তগাঁথনি নিৰ্মাণৰ বাবে ৩৬৬ কোটি টকাৰ অনুমোদন