অসমৰ মুখ্যমন্ত্ৰী,সংযুক্ত বড়ো গণমঞ্চ আৰু বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ বৈঠক

author-image
Asomiya Pratidin
New Update
অসমৰ মুখ্যমন্ত্ৰী,সংযুক্ত বড়ো গণমঞ্চ আৰু বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ বৈঠক

ডিজিটেল সংবাদ, চিলাপথাৰ : যোৱা ২১ মাৰ্চত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সংযুক্ত বড়ো গনমঞ্চ (UBPO) বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ(BKWAC) ৰ মাজত বি টি আৰৰ বাহিৰৰ বড়ো সকলৰ বিভিন্ন সমস্যাক লৈ এক আলোচনাত মিলিত হয়। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ ঊপস্থিতিত অনুষ্ঠিত হয় এই আলোচনা।

উক্ত আলোচনাত বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ (BKWAC) গাওঁ চিনাক্ত কৰন, সমষ্টি নিৰ্ধাৰণ,আৰু নিৰ্বাচনী অনুষ্ঠিত কৰা বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ পুঁজি বৃদ্ধি কৰা, বি টি আৰ চুক্তিৰ ৬.৩ দফা অনুসৰি বি টি আৰ এলেকাৰ বাহিৰৰ সকলো বড়ো মাধ্যমৰ বিদ্যালয় সমুহ চৰকাৰী কৰন কৰাৰ সন্দৰ্ভত আলোচনা কৰে।

একেদৰে ২০০৬ চনৰ বন অধিকাৰ আইন অনুসৰি ২০০৫ চনৰ আগত বনাঞ্চলত বাস কৰা জনজাতি সকলক ভূমি স্বত্ব প্ৰদান কৰা আদি বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হয়।

এই আলোচনাত সংযুক্ত বড়ো গনমঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, উপ-সভাপতি ললিত চন্দ্ৰ ব্ৰহ্ম,সাধাৰণ সম্পাদক পিতাম্বৰ ব্ৰহ্ম, সহকাৰী সাধাৰন সম্পাদক অবিৰাম বড়ো। বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য ৰোমিঅ নাৰ্জাৰী, কাৰ্য্যবাহী সদস্য অনিল বসুমতাৰী, কাৰ্য্যবাহী সদস্য মহিপাল বড়ো,কাৰ্য্যবাহী সদস্য প্ৰনৱ বড়োয়ে অংশ গ্ৰহণ কৰে।

himanta biswa sarma