ডিজিটেল ডেস্ক: ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি হৈছে আত্মহত্যাৰ লগতে অপৰাধজনিত ঘটনা।সোমবাৰে বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰা তথ্য অনুসৰি ২০১২ চনৰ পৰা ২০২২ চনলৈ ২৮,০৫৬ টা আত্মহত্যাৰ ঘটনাৰ গোচৰ ৰুজু হৈছে।
এক লিখিত উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তদন্তৰ পৰা গ'ম পোৱা গৈছে যে পাৰিবাৰিক বিবাদ, বিত্তীয় সংকট বা সম্পৰ্ক জনিত কাৰণত বহুতে আত্মহত্যাৰ পথ বাছি লয়।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিগত ১০ বছৰত, ১২,৭০৩ টা হত্যাকাণ্ড, ১১১টা ধৰ্ষণ আৰু হত্যাকাণ্ড, ১৮,৫১৯ ধৰ্ষণ আৰু ৩১,৩৬০টা নিৰ্যাতনৰ ঘটনাৰ গোচৰ উত্থাপন হৈছে।
বিধানসভাত অন্য এক প্ৰশ্নৰ উত্তৰত শৰ্মাই কয় যে ২০১৭ চনৰ পৰা ২০২২ চনৰ ২৮ ফেব্ৰুৱাৰীলৈ ৰাজ্যত ৯ ধৰণৰ অপৰাধ যেনে চুৰি, ধৰ্ষণ, অপহৰণস হত্যা, ডকাইতিৰ ১,১৯,৮০০ টা গোচৰ ৰুজু হৈছে।
ইয়াৰোপৰি ২০৬ চনৰ পৰা ২০২২ চনৰ ২৮ ফেব্ৰুৱাৰীলৈ ১০,৬৫১ টা চাইবাৰ ক্ৰাইমৰ দোচৰ ৰুজু হৈছে আৰু ১,৩৭৪ জন গ্ৰেপ্তাৰ হৈছে।