ৰাজ্যত বানৰ সংহাৰঃ প্ৰভাৱিত জিলাৰ প্ৰথম স্থানত বজালী, দ্বিতীয়তে নলবাৰী, সৱিশেষ...

ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ। কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে অসমত।

author-image
Asomiya Pratidin
New Update
ৰাজ্যত বানৰ সংহাৰঃ প্ৰভাৱিত জিলাৰ প্ৰথম স্থানত বজালী, দ্বিতীয়তে নলবাৰী, সৱিশেষ...

ডিজিটেল ডেস্কঃ ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ। কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে অসমত। বৰ্তমান পৰ্যন্ত (বৃহস্পতিবাৰ) ২২ খন জিলাৰ প্ৰায় ৪.৯৬ লাখ লোক প্ৰভাৱিত হৈছে বানৰ দ্বাৰা।

এই বানৰ ফলত প্ৰাণো হেৰুৱাইছে এজনে। তথ্য অনুসৰি তামুলপুৰত বাঢ়নী পানীত উটি গৈ মৃত্যু হৈছে এজনৰ। ইয়াৰোপৰি অন্য জিলাৰ পৰাও এনে তথ্য আহিছে যদিও কোনো নিশ্চিয়তা নাই।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ) প্ৰতিবেদন অনুসৰি বজালীত সৰ্বাধিকলোক প্ৰভাৱিত হৈছে বানৰ দ্বাৰা। বজালীত প্ৰায় ২.৬০ লাখলোক বানৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সমান্তৰালভাৱে নলবাৰীত ৭৭,৭০২ গৰাকী, বৰপেটাত ৬৫২২১ গৰাকী, লখিমপুৰত ২৫৬১৩ গৰাকী, বাক্সাত ২৪০২৩ গৰাকী, তামুলপুৰত ১৯২০৮ গৰাকী, দৰঙত ১৩৭০৪ গৰাকী আৰু কোকৰাঝাৰত প্ৰায় ৬৫৩৮ গৰাকীলোক বানৰ কবলত পৰিছে।

তথ্য অনুসৰি এই বানৰ ফলত বৰ্তমান পৰ্যন্ত ৩,৪৬,৩৬৯ টা ঘৰচীয়া জন্তু প্ৰভাৱিত হৈছে।

 বানপানীৰ ফলত বানপীড়িত জিলাসমূহৰ ১৪০৯১.৯০ হেক্টৰ শস্যভূমি জলমগ্ন হৈ পৰিছে। ৫৮ টা ৰাজহচক্ৰৰ ১৩৬৬ খন গাওঁও জলমগ্ন হৈ পৰিছে।ধাৰাবাহিক বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰতকে ধৰি প্ৰায়ভাগ নদীৰে জলস্তৰ বৃদ্ধি পায়।

 আনহাতে ১১ খন জিলাত ৮৩ টা আশ্ৰয় শিবিৰ ৭৯ টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই আশ্ৰয় শিবিৰ সমূহত ১৪,০৩৫ গৰাকী লোকে আশ্ৰয় লৈ আছে। ইয়াৰোপৰি আন বহুতে মথাউৰি বা আন উচ্চ স্থান সমূহত আশ্ৰয় লৈ আছে।

জলমগ্ন অঞ্চল সমূহত এছ ডি আৰ এফ, এন ডি আৰ এফে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। যোৱা ২৪ ঘন্টাত ৫০০ ৰো অধিকলোকক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ লৈ আনিছে এই উদ্ধাৰকাৰী দলসমূহে।

বিগত ২৪ন ঘন্টাত ৰাজ্যত প্ৰায় ১০ টাতকৈ অধিক মথাউৰি ক্ষতিগ্ৰস্ত হয়। ইয়াৰ লগতে ৯২ টা পছ, ৩ খনকৈ দলঙৰ লগতে বহু কালভাৰ্টো ক্ষতিগ্ৰস্ত হয়।

Also Read: ভক্তৰ বাবে বন্ধ হ'ল কামাখ্যা মন্দিৰৰ দুৱাৰ, আৰম্ভ অম্বুবাচী মেলা...

flood assam flood