ৰাজ্যত ক্ৰমাৎ জটিল বান পৰিস্থিতিঃ ১৯ খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত

অসম চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষই জাৰি কৰিলে তথ্য
ৰাজ্যত ক্ৰমাৎ জটিল বান পৰিস্থিতিঃ ১৯ খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত
ৰাজ্যত ক্ৰমাৎ জটিল বান পৰিস্থিতিঃ ১৯ খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যত অপৰিবৰ্তিত বান পৰিস্থিতি। মাজুলী, ডিব্ৰুগড়কে ধৰি কেইবাখনো জিলাত ক্ৰমাৎ জটিল ৰূপহে ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। অসম চৰকাৰৰ ৰাজ্যিৰ দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষই জাৰি কৰা তথ্য অনুসৰি ১ জুলাইলৈকে ৰাজ্যৰ মুঠ ১৯ খন জিলা বানৰ কবলত আছে। এই ১৯ খন জিলাৰ মুঠ ১২৭৫ খন গাঁৱৰ ৬ লাখ ৪৪ হাজাৰ১২৮ গৰাকী লোক বানপানীৰ কবলত পৰিছে। ইয়াৰোপৰি বানৰ কবলত পৰিছে ২৬১৯৯.১৮ হেক্টৰ কৃষি ভূমি।

তথ্য অনুসৰি এই পৰ্যন্ত মুঠ ৭২ টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে। এই সাহায্য শিবিৰসমূহত এতিয়ালৈকে ৮১৪২ গৰাকী বান পীড়িতই আশ্ৰয় গ্ৰহণ কৰিছে। চৰকাৰী তথ্য অনুসৰিয়েই এই পৰ্যন্ত বান পানীৰ ফলত মৃত্যু হৈছে ৩৫ গৰাকী লোক।

উল্লেখ্য যে, অসমৰ উপৰিও চুবুৰীয়া অৰুণাচল প্ৰদেশত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ উপৰিও অন্যান্য নৈ, উপনৈসমূহ উফন্দি উঠিছে। কেইবাটাও স্থানত ছিগিছে মথাউৰি। ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই ৫ জুলাইৰ লৈকে ধাৰাসাৰ বৰষুণৰ আগজাননী জাৰি কৰাত আগন্তুক সময়ত বান পৰিস্থিতিয়ে অধিক জটিল হৈ পৰাৰ সম্ভাৱনা আছে।

ৰাজ্যত ক্ৰমাৎ জটিল বান পৰিস্থিতিঃ ১৯ খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত
শিৱসাগৰৰ বহু স্থানত বানৰ সংহাৰী ৰূপঃ উদ্ধাৰ অভিযানত নামিছে বিধায়ক গগৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in