অসম গেছ কোম্পানীৰ হঠকাৰী সিদ্ধান্তত সাৰ কাৰখানা লৈ নামি আহিছে অন্ধকাৰ !

বিধায়ক তৰংগ গগৈৰ হস্তক্ষেপত গেছ কোম্পানীয়ে সলনি কৰিলে সিদ্ধান্ত
ফাইল ফটো
ফাইল ফটো
Published on
Updated on

ডিজিটেল সংবাদ,নামৰূপ : দেশত ৰাসায়নিক সাৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি চকু ৰাখি   কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ অথবা ব্যক্তিগতখণ্ডৰ সকলো সাৰ কাৰখানা উৎপাদনক্ষম  কৰি ৰাখিবলৈ চৰকাৰে  নীতি নিৰ্দেশনা জাৰি কৰিছে। এনে সময়তে অসম গেছ কোম্পানীৰ হঠকাৰী সিদ্ধান্তত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৰাজহুৱা খণ্ডৰ সাৰ কাৰখানা নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰ্পৰেচন লিমিটেড লৈ নামিছে অন্ধকাৰ।

গুৰুত্বপূৰ্ণ বিষয় যে, লোকচান ভৰি থকা নামৰূপ সাৰ কাৰখানাৰ ইউৰীয়া উৎপাদনত ব্যৱহৃত  প্ৰাকৃতিক গেছৰ বাবদ অসম গেছ কোম্পানীত বৃহৎ পৰিমাণৰ ধন অনাদায়ৰ অভিযোগেৰে দেওবাৰে পুৱা ৫-০০ বজাত  গেছ কোম্পানীয়ে বিভিএফচিল লৈ গেছ যোগান কৰ্তন কৰে। গেছ যোগান বন্ধ হোৱাৰ লগে লগে উদ্যোগটোৰ ভিতৰে-বাহিৰে  হাহাকাৰ লাগে। 

গেছ কোম্পানীৰমতে বি ভি এফ চি এলে এ জি চি এলক  আজিৰ তাৰিখলৈ ৫৭ কোটি ৬৪ লাখ টকা গেছৰ বাবদ দিবলগীয়া আছে। এই সন্দৰ্ভত চলিত মাহৰ ৬ তাৰিখে বি ভি এফ চি এলক এ জি চি এল লৈ জননীও প্ৰেৰণ কৰিছিল ।

কিন্তু বি ভি এফ চি এল কৰ্তৃপক্ষই বিষয়টো গুৰুত্বসহকাৰে নোলোৱাত আজি পুৱাই হঠাতে এ জি চি এলে গেছৰ যোগান বন্ধ কৰে। অৱশ্যে এই সন্দৰ্ভত বি ভি এফ চি এলৰ উচ্চস্তৰীয়া  সূত্ৰৰ পৰা জানিব পৰামতে দীৰ্ঘদিন ধৰি এ জি চি এলে বি ভিএফ চি এলক  গেছৰ বিনিময়ত  দিয়া বিলসমূহত নীতি বৰ্হিভূতভাৱে বিভিন্ন আনুষংগিক শিতান সামৰি  অধিক পৰিমাণৰ বিল প্ৰদান কৰি আহিছিল। 

তাৰোপৰি ২০২০ চনৰ পৰা দুয়ো উদ্যোগৰ মাজত  গেছৰ মূল্য নিৰ্ধাৰণ হোৱা নাই।  এই সন্দৰ্ভত বি ভিএফচিএল কতৃপক্ষই বহুবাৰ এ জি চি এলক লিখিতভাৱে আহ্বান জনোৱাৰ লগতে  দুয়োপক্ষ আলোচনাত বহিবলৈ আহ্বান জনাই আহিছিল যদিও এজিচিএলে বিষয়টো এৰাই চলে। 

আনহাতে  বি ভি এফ চি এলে প্ৰদান কৰা কাৰ্যবিৱৰণীসমূহত এজিচিএলে স্বাক্ষৰ নকৰি এৰাই চলিবলৈ বিচাৰে বুলি সূত্ৰত প্ৰকাশ।  লক্ষণীয় যে,কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয়  নিৰীক্ষণ বিভাগৰ তথ্য অনুসৰিয়ো এ জি চি এলক বি ভি এফ চি এলে  গেছৰ বিনিময়ত অধিক ধন দি আহিছে ।

কেন্দ্ৰীয় বিত্তীয় নিৰীক্ষণ বিভাগৰ মতে এ জি চি এলৰ পৰা বি ভি এফ চি এল ৫৪ কোটি টকা ঘূৰাই পাব লাগে। সেয়ে দুয়ো পক্ষ বহি তথ্য সহকাৰে  বিষয়টো মীমাংসা কৰিবলৈ বি ভি এফ চি এল কতৃপক্ষই  আহ্বান জনাই আহিছিল। ইয়াৰোপৰি ৬ জানুৱাৰীৰ  এজিচিয়েলৰ পৰা  তাগিদা পত্ৰ পোৱাৰ পিছত বি ভি এফ চি এল  ৫ কোটি টকা এ জি চি এল ক প্ৰদান কৰিছিল। তৎসত্বেও  আজি হঠাৎ  গেছ সংযোগ বিছিন্ন কৰাৰ পিছত বি ভি এফ চি এলৰ ভিতৰচ'ৰাত হাহাকাৰ লাগে।

অৱশ্যে উক্ত বিষয় সন্দৰ্ভত বিধায়ক বিধায়ক তৰংগ গগৈয়ে অৱগত হোৱাত বি ভি এফ বিষয়টোত হস্তক্ষেপ কৰি  দুয়োপক্ষৰ লগত  যোগাযোগ কৰে।  বিধায়ক তৰংগ গগৈৰ  আহ্বান মৰ্মে তাৎক্ষণিকভাৱে  আজি  বিয়লি  ডিব্ৰুগড় জিলা উপায়ুক্ত বিক্ৰম কৈৰীৰ  মধ্যস্থতাত উপায়ুক্ত কাৰ্য্যালয়ত এজিছিয়েল আৰু বিভিএফচিল কৰ্তৃপক্ষৰ মাজত এক বৈঠক অনুষ্ঠিত হয়। 

বৈঠকত দুয়ো পক্ষই নিজ নিজ অভিযোগ উত্থাপন কৰে যদিও বিধায়কৰ হস্তক্ষেপত  এজিছিয়েলে তাৎক্ষণিকভাৱে সিদ্ধান্ত  বাতিল কৰে। লগতে আজিৰ বৈঠকত , সোমবাৰে  দুলিয়াজানস্থিত গেছ কোম্পানীৰ কাৰ্যালয়ত বি ভি এফ চি এল আৰু  এজিচিয়েল  কতৃপক্ষ আলোচনাত মিলিত  হৈ অমীমাংশীত বিষয়সমূহ সমাধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ফাইল ফটো
নলবাৰীৰ কৃষক তপন দত্ত বৰুৱাক বঁটা প্রদান কৃষিমন্ত্ৰী অতুল বৰাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in