২০৪০ টকা বৰ্ধিত নূন্যতম সমৰ্থন মূল্যৰে ১০ লাখ মেট্ৰিকটন ধন সংগ্ৰহৰ লক্ষ্য...,

২০৪০ টকা বৰ্ধিত নূন্যতম সমৰ্থন মূল্যৰে ১০ লাখ মেট্ৰিকটন ধন সংগ্ৰহৰ লক্ষ্য...,

author-image
Asomiya Pratidin
New Update
২০৪০ টকা বৰ্ধিত নূন্যতম সমৰ্থন মূল্যৰে ১০ লাখ মেট্ৰিকটন ধন সংগ্ৰহৰ লক্ষ্য...,

২০৪০ টকা বৰ্ধিত নূন্যতম সমৰ্থন মূল্যৰে ১০ লাখ মেট্ৰিকটন ধন সংগ্ৰহৰ লক্ষ্য...,

ডিজিটেল ডেস্কঃ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি অসম বিধানসভাত উত্থাপন কৰা বাজেটখনক একত্ৰীকৰণ তথা সম্প্ৰসাৰণ বিষয়ক বাজেট আখ্যা দিছে। তেওঁ একত্ৰিত বা সুদৃঢ় শব্দটোৰ দ্বাৰা গুৰুত্বপূৰ্ণ আঁচনিসমূহ একত্ৰিত কৰাকে বুজাইছে।

বিত্তমন্ত্ৰীগৰাকীয়ে কয়, ৰাজ্যৰ বিত্তীয় অৱস্থাৰ উল্লেখযোগ্য উন্নতি ঘটিছে। মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনে ৫.৫০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰি ২০২৩-২৪ ত ইতিহাস ৰচনা কৰিব বুলি চৰকাৰ বিশ্বাসী। ২০২১-২২ ত এই জি এছ ডি পিৰ পৰিমাণ আছিল ৩.৯৩ লাখ।

বিত্তীয় একত্ৰীকৰণ সন্দৰ্ভত তেওঁ কয়, জি ডি পি বৃদ্ধিয়ে অৰ্থনৈতিক আৰু বিত্তীয় বিকাশক প্ৰতিফলিত কৰে। বিগত বৰ্ষত ব্যয়ৰ ক্ষেত্ৰত অসমে ১ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। এই বৰ্ষত ব্যয়ৰ পৰিমাণ ১.২০ লাখ কোটি টকাত উপনীত হোৱাৰ আশা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে।

আনহাতে ৰাজ্য চৰকাৰে ধান ক্ৰয় অভিযানৰ পৰা ৰাজ্যখনৰ ৪৩,৯৭৮ গৰাকী কৃষক উপকৃত হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয়, এই কৃষকসকলে প্ৰায় ১,০৯৭ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ২০৪০ টকা বৰ্ধিত নূন্যতম সমৰ্থন মূল্যৰে চৰকাৰে এইবাৰ খাৰিফ বতৰৰ শেষলৈকে ১০ লাখ মেট্ৰিকটন ধন সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

ৰাজ্য চৰকাৰে বহুদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা বিভিন্ন নথিৰ নিষ্পত্তিৰ বাবে সদ্ভাৱনা অভিযান আৰম্ভ কৰিছে। ইয়াৰ উপৰিও কাগজবিহীন প্ৰশাসনৰ আৰম্ভণিৰূপে সচিবালয়ত ই-অফিচ ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে।

Also Read: কাজিৰঙাত উৰণীয়া সেতু নিৰ্মাণৰ বাবে ধন মঞ্জুৰীত যাৱতীয় অনুমোদন...

অজন্তা নেওগ বাজেট-২০২৩