সংৰক্ষণ কৰা হ'ব নগৰাঞ্চলৰ জলাশয়, পুখুৰীঃ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

পেঞ্চন সেৱা কেন্দ্ৰ আহিব বিদ্যালয় শিক্ষা বিভাগৰ অধীনলৈ
সংৰক্ষণ কৰা হ'ব নগৰাঞ্চলৰ জলাশয়, পুখুৰীঃ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত...
সংৰক্ষণ কৰা হ'ব নগৰাঞ্চলৰ জলাশয়, পুখুৰীঃ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত...
Published on
Updated on

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ লগতে ৰাজ্যৰ নগৰাঞ্চলত সঘনে হোৱা বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। সেই অনুসৰি সংৰক্ষণ কৰা হ’ব অসমৰ সকলো নগৰ অঞ্চলৰ জলাশয়সমূহ সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব।

এই সন্দৰ্ভত অসম বিধানসভাৰ আগন্তক অধিবেশনত উত্থাপন কৰা হ’ব এখন বিধেয়ক। এই বিধেয়কখনৰ নাম হ’ব 'অসম নগৰ এলেকা জলাশয় সংবৰ্ধন আৰু সংৰক্ষণ বিধেয়ক-২০২৪'।

এই সন্দৰ্ভত আজি অনুষ্ঠিত হোৱা অসম চৰকাৰৰ সপ্তাহিক কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই বিষয়ে সংবাদ মেলৰ আগত অৱগত কৰিছে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই। এই আইনখন বিধানসভাত গৃহীত হ’লে ই আইনত পৰিণত হ’ব। এই আইনে অসমৰ সকলো নগৰ অঞ্চলৰ জলাশয় সামৰি ল’ব। তাৰোপৰি এই আইনত ৱাটাৰ চেনেলো সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে এই আইনে সকলো জান-জুৰি, বিল আদিৰ উপৰিও দুই একৰৰ ওপৰৰ ব্যক্তিগত জলাশয়ো সামৰি লব। যদিহে মহানগৰ, নগৰ অঞ্চলত কোনো ব্যক্তিৰ ৬ বিঘাতকৈ ডাঙৰ পুখুৰী আছে সেয়া পুখুৰী পুতিব নোৱাৰিব। এই আইনৰ অধীনতে সেই পুখুৰী সংৰক্ষণ হ’ব। 

এই আইন গৃহীত হোৱাৰ পূৰ্বে অৱশ্যে ৰাজ্যিক আৰু জিলা পৰ্যায়ত দুখনকৈ কমিটী গঠন কৰা হ’ব। এই কমিটীয়ে ৩ মাহৰ ভিতৰত জৰীপ কৰিব। আইনখনৰ সন্দৰ্ভত কাৰোবাৰ কিবা আপত্তি থাকিলে এই আপত্তি দাখিলৰ বাবে ৩ মাহ সময় লাভ কৰিব। এই সমগ্ৰ প্ৰক্ৰিয়া অন্ত পৰাৰ পাছত ৰাজ্যিক কমিটীয়ে সকলো সিদ্ধান্ত গ্ৰহণ কৰিব। 

সকলো চূড়ান্ত হোৱাৰ পিছত যদি সংৰক্ষিত এই বিল, জলাশয়, জাল-জুৰি আদি কোনোবাই দখল কৰিবলৈ চেষ্টা কৰে তেন্তে ৩ বছৰ পৰ্যন্ত জে’ল হোৱাৰ লগতে ১ লাখ টকা পৰ্যন্ত জৰিমণা আদায় দিব লাগিব। এই বিল কাৰ্যকৰী হৈ আইনত পৰিণত হ’লে ৰাজ্যৰ নগৰাঞ্চলৰ বানপানীৰ সমস্যা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলি আশা কৰা হৈছে।

আনহাতে আজিৰ কেবিনেটে পেঞ্চন সেৱা কেন্দ্ৰৰ সন্দৰ্ভতো গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত লৈছে। সেই অনুসৰি পূৰ্বে এই কেন্দ্ৰসমূহ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক প্ৰিভেনচনছ বিভাগৰ অধীনত পৰিচালিত হৈ আহিছিল। আজিৰ কেবিনেটে এই বিভাগক শিক্ষা বিভাগৰ অধীনলৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিয়নো এই বিভাগৰ সৰহ সংখ্যক পেঞ্চনাৰে হৈছে শিক্ষকসকল।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা এই বিভাগৰ সকলো কাম বিদ্যালয় শিক্ষা বিভাগে কৰিব। ইয়াৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব আৰু পেঞ্চন সেৱা কেন্দ্ৰ পৰিচালনাৰ দায়িত্ব দিয়া হ’ব। অহা ১ ছেপ্টম্বৰৰ পৰা পেঞ্চন সেৱা কেন্দ্ৰ বিদ্যালয় শিক্ষা বিভাগৰ অধীনলৈ আহিব।

সংৰক্ষণ কৰা হ'ব নগৰাঞ্চলৰ জলাশয়, পুখুৰীঃ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত...
১৫ আগষ্টত কোন মন্ত্ৰীয়ে ক'ত কৰিব পতাকা উত্তোলন?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in