থলুৱা কৃষকৰ পৰা পূৰ্বতকৈ অধিক পৰিমাণে ধান, সৰিয়হ ক্ৰয় কৰিব অসম চৰকাৰে...

অৰুণোদয় আঁচনিত নতুনকৈ সোমাব ২০ লাখ হিতাধিকাৰী
থলুৱা কৃষকৰ পৰা পূৰ্বতকৈ অধিক পৰিমাণে ধান, সৰিয়হ ক্ৰয় কৰিব অসম চৰকাৰে...
থলুৱা কৃষকৰ পৰা পূৰ্বতকৈ অধিক পৰিমাণে ধান, সৰিয়হ ক্ৰয় কৰিব অসম চৰকাৰে...
Published on
Updated on

ডিজিটেল ডেস্কঃ আজি অসম লোকসেৱা ভৱনত কেবিনেট বৈঠকৰ অন্তত সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট সিদ্ধান্ত সমূহ ঘোষণা কৰাৰ উপৰিও দুদিনীয়াকৈ অনুষ্ঠিত হোৱা জিলা আয়ুক্তৰ বৈঠকৰ সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰিছে। এই বৈঠকত আগন্তুক এ ডি আৰ ই পৰীক্ষাসমূহ সুকলমে অনুষ্ঠিত কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

উল্লেখ্য যে, অহা ছেপ্টেম্বৰৰ মাহৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া এ ডি আৰ ইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা স্বচ্ছতাৰে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সকলো ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ প্ৰদান কৰিছে।

এই সংবাদ মেলতে তেওঁ ছেপ্টেম্বৰ মাহৰ পৰা আত্ম নিৰ্ভৰশীল আঁচনিৰ অধীনত ৰাজ্যৰ ৩০ হাজাৰ নিবনুৱাক ২ লাখকৈ টকা দিয়াৰ বিষয়েও জানিবলৈ দিয়ে। ইয়াৰ বাবে বাঁচনি প্ৰক্ৰিয়া অহা ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰা হ’ব।

অৱশ্যে এই আঁচনিৰ অধীনত ১ লাখ নিবনুৱাক ক্ষুদ্ৰ উদ্যোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছিল। প্ৰথম পৰ্যায়ত ৩০ হাজাৰক এই সাহায্য দিয়াৰ পিছত দ্বিতীয় পৰ্যায়ত ৭০ হাজাৰ নিবনুৱাক পুনৰ এই আঁচনিৰ অধীনলৈ অনা হ’ব।

ইফালে ৰাজ্যৰ বহু চৰ্চিত অৰুণোদয় আঁচনিৰ সৈতে পুনৰ ২০ লাখ হিতাধিকাৰীক সংযুক্ত কৰাৰ কথাও ঘোষণা কৰা হৈছে। ইয়াৰ লগে লগে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৪৭ লাখলৈ বৃদ্ধি পাব।

ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া অৰুণোদয় ৩.০ ত এইবাৰ নতুন পদ্ধতিৰে হিতাধিকাৰী বাঁচনি কৰাৰ কথাও ড০ শৰ্মাই উল্লেখ কৰিছে। ইয়াৰ ফলত পূৰ্বৰ কিছু হিতাধিকাৰীৰ নাম এইবাৰ কৰ্তন হ’ব। অৰুণোদয় আঁচনি লাভৰ বাবে বাধ্যতামূলক কৰা হৈছে ৰেচন কাৰ্ড।  

আয়ুক্তৰ এই সন্মিলনতে অসম চৰকাৰে পূৰ্বতকৈ অধিক পৰিমাণৰ ধান আৰু সৰিয়হ ক্ৰয় কৰাৰো সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰিছে। এইবাৰ ধান আৰু সৰিয়হৰ সৈতে অসম চৰকাৰৰ উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি মাকৈয়ো ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই সম্বোধন কৰা এই সংবাদ মেলত ২০ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া অমৃত বৃক্ষ আন্দোলন ২.০ ৰ বিষয়েও উল্লেখ কৰিছে। এইবাৰ অমৃত বৃক্ষ আন্দোলনত ৩ কোটি গছপুলি ৰোপণ কৰাৰো লক্ষ্য লোৱা হৈছে।

ইফালে এইবাৰ ঝুমুৰ নৃত্যৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে ৰাজ্যৰ ৮০০ চাহ বাগিচাৰ পৰা ৮০০০ নাচনীৰে ঝুমুৰ নৃত্য প্ৰদৰ্শনৰো সিদ্ধান্ত লোৱা হৈছে। বিহুৰ দৰেই অতি আকৰ্ষণীয় কৈ নৱেম্বৰত সৰুসজাই ষ্টেডিয়ামত এই নৃত্য প্ৰদৰ্শন কৰা হ'ব।

ইয়াৰোপৰি ৰাজ্যত ১৩ খন মেডিকেল কলেজ আৰু হাস্পতালত নতুনকৈ আধাৰ কেন্দ্ৰ স্থাপন, চলিত বছৰৰ শেষত খেল মহাৰণ ২.০ ৰ আৰম্ভণি কৰাৰ কথাও আজিৰ সংবাদ মেলত ঘোষণা কৰা হৈছে।

থলুৱা কৃষকৰ পৰা পূৰ্বতকৈ অধিক পৰিমাণে ধান, সৰিয়হ ক্ৰয় কৰিব অসম চৰকাৰে...
৬ লাখ অসংগঠিত শ্ৰমিকে পাব ৰেচন কাৰ্ড, উত্তৰ গুৱাহাটী সংযোগী দলংৰ ব্যয় ৩,০৩০ কোটিলৈ বৃদ্ধি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in