বেআইনীভাৱে যান বাহনৰ জৰিমণা সংগ্ৰহঃ ৰাজ্য চৰকাৰলৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...

দুসপ্তাহৰ পাছত পৰৱৰ্তী শুনানি
বেআইনীভাৱে যান বাহনৰ জৰিমণা সংগ্ৰহঃ ৰাজ্য চৰকাৰলৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...
বেআইনীভাৱে যান বাহনৰ জৰিমণা সংগ্ৰহঃ ৰাজ্য চৰকাৰলৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ যান-বাহন আইন উলংঘনৰ নামত সৰ্বসাধাৰণক বেআইনী ভাৱে আৰক্ষীয়ে জৰিমণা বিহাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ সোমবাৰে শুনানি অনুষ্ঠিত হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰে।

ৰাজ্যৰ জ্যেষ্ঠ অধিবক্তা বেণুধৰ দাসে দাখিল কৰা এই ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনত উল্লেখ কৰা অভিযোগৰ সন্দৰ্ভত চৰকাৰী পক্ষলৈ উত্তৰ দিবলৈ উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিছে। দুসপ্তাহৰ পিছত এই আবেদনৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে, আবেদনকাৰী পক্ষই আদালতলৈ চালান প্ৰেৰণ কৰাৰ অবিহনেই কিদৰে আৰক্ষী আৰু পৰিবহণ বিভাগে জৰিমণা সংগ্ৰহ কৰিব পাৰে তাক লৈ প্ৰশ্ন উত্থাপন কৰে। সাধাৰণ নাগাৰিকক কোনো সুবিধা প্ৰদান নকৰাকৈ কেৱল ধনৰ বাবে এই প্ৰক্ৰিয়াৰে জৰিমণা সংগ্ৰহ বেআইনী।

জৰিমণা জমা নিদিয়া লোকসকলক প্ৰদূষণৰ প্ৰমাণ পত্ৰ, গাড়ীৰ মালিকিস্বত্ব স্থানান্তৰ, আৰ চি নবীকৰণ, পঞ্জীয়ন পত্ৰ নৱীকৰণ, ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণ আদিত বাধা দিয়া হয়।

মন কৰিবলগীয়া যে, যান বাহন আইন-১৯৮৮ ৰ ধাৰা ১৭৯(১) আৰু ১৮৩(১) অনুসৰি যান বাহন আইন ভংগকাৰীৰ গোচৰ ন্যায়ালয়ত দাখিল কৰিব লাগে যদিও অসম চৰকাৰ আৰু অসম চৰকাৰৰ পৰিবহণ বিভাগে এই আইন উলংঘনেৰে ৰাজ্যবাসীৰ পৰা জৰিমণা সংগ্ৰহ কৰি ৰাজহ সংগ্ৰহেৰে ৰেকৰ্ড গঢ়াতহে নামি পৰিছে।

যান-বাহন আইন ১৯৮৮ৰ ধাৰা ১৭৯(১) আৰু ১৮৩(১) অনুসৰি কোনো ব্যক্তিয়ে যদি যান-বাহন আইন ভংগ কৰে তেন্তে এই আইন ভংগৰ গোচৰ প্ৰথমে ন্যায়ালয়ৰ মজিয়ালৈ পঠিয়াব লাগে। কিন্তু অসম চৰকাৰ তথা অসম চৰকাৰৰ পৰিবহণ বিভাগে এই নিয়ম উলংঘন কৰি আহিছে।

বিভাগে যান-বাহন আইন ভংগকাৰীৰ গোচৰ ন্যায়ালয়ৰ মজিয়ালৈ নিনিয়াকৈয়ে কেৱল তেওঁলোকলৈ এছ এম এছ প্ৰেৰণ কৰি ই-চালানৰ জৰিয়তে জৰিমণা সংগ্ৰহ কৰাটো সাধাৰণ ঘটনাত পৰিণত হৈছে। অসম চৰকাৰে কৰি অসমৰ জনসাধাৰণক এইদৰেই যান-বাহন আইন ভংগৰ ক্ষেত্ৰত নিজেই আইন ভংগৰে জৰিমণা ভৰিবলৈ হেঁচা প্ৰয়োগেৰে কৰি অহা হাৰাশাস্তিৰ পৰা পৰিত্ৰাণ বিচাৰি আৰু যান-বাহন আইন অটুত ৰাখিবলৈ ন্যায়ালয়ৰ কাষ চাপিছিল জ্যেষ্ঠ অধিবক্তা বেণুধৰ দাস।

বেআইনীভাৱে যান বাহনৰ জৰিমণা সংগ্ৰহঃ ৰাজ্য চৰকাৰলৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...
বিজেপি চৰকাৰৰ ৮টা বছৰ বনাম ১৮,২৬২টা নাৰীজনিত ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in