উঃমাঃ ফলাফলঃ যোৱা ১০ বছৰৰ তুলনাত এইবাৰেই সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ

যোৱা ১০ বছৰৰ ভিতৰত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল নিম্নগামী হৈছে

author-image
Asomiya Pratidin
New Update
উঃমাঃ ফলাফলঃ  যোৱা ১০ বছৰৰ তুলনাত এইবাৰেই সৰ্বনিম্ন  উত্তীৰ্ণৰ হাৰ

ডিজিটেল ডেস্কঃ যোৱা ১০ বছৰৰ ভিতৰত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল নিম্নগামী হৈছে। উত্তীৰ্ণৰ হাৰ এইবাৰে কম আটাইকেইটা শাখাতে। ২০১৪ বৰ্ষৰ পৰা যদি চোৱা যায় সেই বছৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৭৩.৯১ শতাংশ।

কিন্তু এইবাৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭০.১২ শতাংশহে। ২০১৪ত ৭২.১৯ শতাংশ, ২০১৫ ত কলা শাখাত ৭৪.০৭ শতাংশ, ২০১৬ ত ৭৯.৯২ শতাংশ, ২০১৭ ত ৭৩.১৬ শতাংশ, ২০১৮ত ৭৪.৬৮ শতাংশ, ২০১৯ত ৭৫.১৪ শতাংশ,২০২০ ত ৭৮.২৮ শতাংশ, ২০২১ ত ৯৮.৯০ শতাংশ, ২০২২ ত ৮৩.৪৮ শতাংশ আছিল।

বিজ্ঞান শাখাতো যোৱা ১০ টা বছৰৰ ভিতৰত এইবাৰেই উত্তীৰ্ণৰ হাৰ কম।এইবাৰ উত্তীৰ্ণৰ হাৰ বিজ্ঞান শাখাত ৮৪.৯৬ শতাংশ। ২০১৪ চনত ৮৫.৩১ শতাংশ ২০১৫ত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৮৬.৭৬ শতাংশ, ২০১৬ ত ৯০.৯৬ শতাংশ, ২০১৭ত ৮৬.২৪ শতাংশ, ২০১৮ ত ৮৫.৭৪ শতাংশ, ২০১৯ত ৮৬.৫৯ শতাংশ, ২০২০ ত ৮৮.০৬ শতাংশ,২০২১ত ৯৯.০৬ শতাংশ আৰু ২০২২ত ৯২.১৯ শতাংশ আছিল।

বাণিজ্য শাখাতো যোৱা ১০ বছৰৰ তুলনাত উত্তীৰ্ণৰ হাৰ এইবাৰেই কম। ২০১৪ ত বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৮২.৭০ শতাংশ, ২০১৫ ত ৮১.৮২ শতাংশ, ২০১৬ত ৮৬.০১ শতাংশ, ২০১৭ত ৮২.৭২ শতাংশ, ২০১৮ত ৮৪.৬৪ শতাংশ, ২০১৯ত ৮৭.৫৯ শতাংশ, ২০২০ত ৮৮.১৮ শতাংশ, ২০২১ ত ৯৯.৫৭ শতাংশ, ২০২২ত ৮৭.২৭ শতাংশ।

Also Read: বিজ্ঞান শাখাৰ তৃতীয় স্থানত প্ৰাৰ্থনা, উৎসৱ মুখৰ পৰিৱেশ বিশ্বনাথত

result higer secondary