নামনি সোৱণশিৰি প্ৰকল্পৰ পৰিস্থিতিক লৈ উদ্বিগ্ন অসম জাতীয় পৰিষদ

নামনি সোৱণশিৰি প্ৰকল্পৰ পৰিস্থিতিক লৈ উদ্বিগ্ন অসম জাতীয় পৰিষদ

author-image
Asomiya Pratidin
New Update
নামনি সোৱণশিৰি প্ৰকল্পৰ পৰিস্থিতিক লৈ উদ্বিগ্ন অসম জাতীয় পৰিষদ

ডিজিটেল সংবাদ,গুৱাহাটী : বিজেপি দলৰ বিশ্বাসঘাতকতা, প্ৰতাৰণা আৰু মিথ্যাচাৰৰ পৰিণতিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত শেহতীয়া উগ্বেগজনক অঘটনটো সংঘটিত হ'বলৈ পালে ৷ এই অভিযোগ অসম জাতীয় পৰিষদৰ ৷

দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই শুকুৰবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে, বিজেপি দলে আৰম্ভণিৰে পৰা অসমত বৃহৎ নদীবান্ধ স্থাপনৰ বিৰোধিতা কৰি আহিছিল ৷ বিজেপিৰ চৰকাৰ আহিলে গেৰুকামুখ প্ৰকল্পটো ভাঙি দিয়া হ'ব বুলি বিজেপিৰ সেই সময়ৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিঙে গেৰুকামুখত উপস্থিত হৈ ঘোষণা কৰিছিল।

তেওঁৰ ঘোষণাৰ বাবেই ২০১৬ চনৰ নিৰ্বাচনত বিজেপি দলক অসমবাসী ৰাইজে ভোট দিছিল ৷ কিন্তু ক্ষমতাত বহিয়ে বিজেপি ওলোটা খৰ মাৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণত উদগণি যোগোৱাৰ লগতে প্ৰতিবাদী ৰাইজৰ কণ্ঠৰোধৰ ষড়যন্ত্ৰত লিপ্ত হয় ৷

তাৰেই পৰিণতিত এতিয়া সোৱণশিৰিপাৰৰ ৰাইজে এনে দুৰ্দিনৰ আশংকাত দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷ বৃহৎ নদীবান্ধে অসমৰ মানুহ,সম্পদ আৰু সভ্যতাৰ প্ৰতি ভাবুকি কঢ়িয়াইছে বুলি জনাৰ পিছতো বিজেপি দলে অসমবাসীক প্ৰতাৰণা কৰাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে ৷

উল্লেখযোগ্য যে গেৰুকামুখৰ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত শেহতীয়াভাৱে পাহাৰ খহি সৃষ্টি হোৱা দুৰ্যোগৰ পিছত নামনি অঞ্চলৰ ৰাইজৰ মাজত উদ্বিগ্নতা বৃদ্ধি পাইছে ৷ গগৈ আৰু ভূঞাই কয় যে, এফালে শুকান বতৰত বৰষুণ নোহোৱাকৈ পাহাৰ খহি প্ৰকল্পৰ ব্যাপক ক্ষতি সাধনৰ লগতে নৈৰ সুঁতিত প্ৰভাৱ পেলোৱা আৰু আনহাতে প্ৰকল্পৰ নামনিত সোৱণশিৰি নৈৰ পানী কমি তৰাং পৰিৱেশৰ সৃষ্টি কৰা দুয়োটাই মাৰাত্মকভাৱে উদ্বেগজনক ৷

কিয়নো এই দুয়োটা পৰিস্থিতিৰে আশংকা ৰাইজে আৰম্ভণিৰে পৰা কৰি আছে ৷ শেহতীয়া গৰাখহনীয়াৰ ফলত নৈৰ সুঁতি বন্ধ হৈ ১২ঘন্টাতকৈ অধিক সময়ৰে পৰা সোৱণশিৰি নৈত পানী ব'ব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে।

ফলত কাষৰীয়া অঞ্চলৰ ৰাইজ সংকটত পৰাৰ সমান্তৰালকৈ নৈৰ বুকুত থকা আপুৰুগীয়া শিহুকে ধৰি মাছ-কাছবোৰ মৰি যোৱাৰ দৰে গভীৰ দুৰ্যোগৰ সৃষ্টি হোৱাটো নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ অদূৰদৰ্শিতাৰ কুফল ৷ এনে মাৰাত্মক ক্ষতিৰ দায়-দায়িত্বৰ পৰা চৰকাৰ তথা নিৰ্মাণকাৰী প্ৰতিষ্ঠান এন এইচ পি চিয়ে দায় সাৰিব নোৱাৰে ৷

সভাপতি গগৈ আৰু সম্পাদক ভূঞাই লগতে কয় যে, ঠুনুকা পাহাৰ কাটি প্ৰকল্প নিৰ্মাণ আৰু বান্ধ দি নদীৰ সুঁতি সলনিৰ পিছত নামনি অঞ্চলত জলসংকটৰ সৃষ্টিৰ আশংকা আৰম্ভণিৰে পৰা কৰি প্ৰতিবাদকাৰী ৰাইজ তথা দল-সংগঠনে চৰকাৰ তথা এন এইচ পি চিক সকীয়নি দি আহিছিল ৷ আনকি বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনতো এনে কুপৰিণতিৰ আশংকা কৰা হৈছিল ৷

কিন্তু কাৰো কথা নুশুনাকৈ এন এইচ পি চিয়ে নিৰ্মাণ কাৰ্য্য অব্যাহত ৰখাৰ পৰিণতিত উক্ত নেতিবাচক ছবিখন লাহে লাহে উদ্ভাসিত হ'বলৈ লৈছে ৷ ভৱিষ্যতৰ দিনত পৰিস্থিতি অধিক ভয়ৱহ হৈ পৰাৰ আশংকাও নুই কৰিব নোৱাৰি ৷

'ডাউনষ্ট্ৰীম ইমপেক্ট ষ্টাডী' (নামনিত হ'ব পৰা ক্ষয়-ক্ষতি অধ্যয়ন) নকৰাকৈয়ে প্ৰকল্প নিৰ্মাণৰ এয়া অৱধাৰিত পৰিণতি বুলি ভৱাৰ থল আছে বুলি মত প্ৰকাশ কৰে।নেতৃদ্বয়ে লগতে কয় যে, বৃহৎ নদীবান্ধৰ সলনি ক্ষুদ্ৰ জলবিদ্যুত প্ৰকল্প স্থাপনৰ জৰিয়তে বিজুলী উৎপাদনক অসম জাতীয় পৰিষদে সমৰ্থন কৰে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহৎ নদীবান্ধৰ সলনি ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ পোষকতা কৰি আহিছে ৷ তেনেস্থলত বিজেপি চৰকাৰে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প স্থাপনক উৎসাহিত কৰাটো ৰহস্যজনক তথা দুৰ্ভাগ্যজনক ৷

শেহতীয়া দুৰ্যোগৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি কি কাৰণত তেনে পৰিস্থিতি হ'বলৈ পালে সেয়া নিশ্চিত কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাই জাতীয় পৰিষদৰ নেতাদ্বয়ে। বিবৃতিত কয় যে, 'ডাউনষ্ট্ৰীম ইমপেক্ট ষ্টাডী'ৰ জৰিয়তে ৰাইজৰ মনৰ আশংকা-উদ্বিগ্নতা দূৰ নকৰাকৈ প্ৰকল্প নিৰ্মাণৰ কাম ১ ইঞ্চিও আগবঢ়োৱাটো উচিত নহ'ব ৷

কিয়নো শেহতীয়া পৰিস্থিতিৰ পিছত ৰাইজৰ উদ্বিগ্নতা এতিয়া দুগুণে বাঢ়িছে ৷ 'ডাউনষ্ট্ৰীম ইমপেক্ট ষ্টাডী' সম্পাদন নোহোৱালৈকে নিৰ্মাণ কাৰ্য্য বন্ধ ৰখাৰ দাবী দোহাৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে, বিজুলীৰ চাহিদা পূৰণতকৈ ৰাইজৰ জীৱন-জীৱিকা আৰু ৰাজ্যৰ জৈৱ বৈচিত্ৰৰ ভাৰসাম্যতা ৰক্ষা কৰাটো অধিক জৰুৰী - এই কথাটো উপলব্ধি কৰাটো চৰকাৰৰ দায়িত্ব ৷

আনহাতে শেহতীয়া দুৰ্যোগে নৈৰ পানী শুকুৱাই দিয়াৰ দৰে পৰিৱেশ সৃষ্টিৰ পিছত সোৱণশিৰি নৈত থকা আপুৰুগীয়া শিহুকেইটা আৰু মাছ-কাছ আদি জীৱবোৰ কি অৱস্থাত আছে, তাৰো এক সুকীয়া অধ্যয়ন কৰি প্ৰতিবেদন শীঘ্ৰে ৰাজহুৱা কৰিবলৈ জাতীয় পৰিষদৰ সভাপতি-সম্পাদকে চৰকাৰৰ ওচৰত দাবী জনায় ৷

Also Read: নীলা জাৰ্চী লৈ আৰু কিমান দূৰ...

lurinjyoti gogoi assam jatiya parishad Jagadish Bhuyan Sowansiri project