অসম লেখিকা সমাজ কামৰূপ জিলা সমিতিৰ বৰ্ষপূৰ্তি উদযাপন

অসম লেখিকা সমাজ কামৰূপ জিলা সমিতিৰ বৰ্ষপূৰ্তি উদযাপন

author-image
Asomiya Pratidin
New Update
অসম লেখিকা সমাজ কামৰূপ জিলা সমিতিৰ বৰ্ষপূৰ্তি উদযাপন

ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়াত সোমবাৰে অসম লেখিকা সমাজ কামৰূপ জিলা সমিতিৰ বৰ্ষপূৰ্তি উদযাপন কৰা হয়। ৰঙিয়াৰ চেপ্তিস্থিত জলসিঞ্চন বিভাগৰ পৰিদৰ্শন বঙলাত দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয়।

বৰ্ষপুৰ্তি অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক ভৱেশ কলিতাই। বিধায়কগৰাকীয়ে লেখিকা সমাজৰ এই গৌৰৱময় ইতিহাস আমি সকলোৱে ধৰি ৰাখিব লাগিব বুলি উল্লেখ কৰে।

উক্ত সভাতে স্মৃতি গ্ৰন্থ "জিকেৰি"ৰ লগতে "গল্পৰ আৰে আৰে" শীৰ্ষক দুখনি গ্ৰন্থ উন্মোচন কৰা হয়। উল্লেখ্য যে বিশিষ্ট অভিনেতা তথা সাংস্কৃতিক কৰ্মী পংকজ পল্লৱ শৰ্মাই উপস্থিত হৈ নাৰীৰ অধিকাৰ আৰু উত্তৰণ তথা লেখিকা সমাজে সমাজৰ প্ৰতি আগবঢ়ায় অহা অৱদানৰ বিষয়ে বহুমূলীয়া ভাষণ ৰাখে।

আজিৰ এই অনুষ্ঠানত প্ৰতিভাৱান শিল্পী আৰু সাহিত্য কৰ্মী মহিলাবৃন্দক এখন সুকীয়া মঞ্চৰ জড়িয়তে তথাকথিত চিন্তা চৰ্চাৰ বিপৰীতে সমিলমিলেৰে হাতে হাত ধৰি আগুৱাই লৈ যাবলৈ আমাৰ অকৃত্ৰিম প্ৰয়াস বুলি মহকুমাধিপতি দেৱাশীষ গোস্বামীয়ে ভাষণ প্ৰদান কৰে। অসম লেখিকা সমাজৰ কামৰূপ জিলা লেখিকা সমাজৰ প্ৰথম প্ৰতিষ্ঠা দিৱসত কেন্দ্ৰীয় সভাপতি পদূমী গগৈ, বিশিষ্ট চিকিৎসক ডাঃ চক্ৰধৰ বৰ্মন, দাপোনৰ মূখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থ, সমিতিৰ বিষয়ববীয়া, সদস্যা বৃন্দ উপস্থিত থাকে।

Also Read: শিৱসাগৰ সদৰ থানাত বিজেপি নেতাৰ বিৰুদ্ধে জিলা কংগ্ৰেছৰ এজাহাৰ

rangia