অসম আৰক্ষীৰ বিৰুদ্ধে ৩ হমাৰক ন্যায় বৰ্হিভূত হত্যাৰ অভিযোগঃ নিৰপেক্ষ তদন্তৰ আহ্বান...

কাছাৰৰ ভূৱন পাহাৰত সংঘটিত হোৱা এনকাউণ্টাৰক ন্যায় বৰ্হিভূত হত্যাকাণ্ড আখ্যা
অসম আৰক্ষীৰ বিৰুদ্ধে ৩ হমাৰক ন্যায় বৰ্হিভূত হত্যাৰ অভিযোগঃ নিৰপেক্ষ তদন্তৰ আহ্বান...
অসম আৰক্ষীৰ বিৰুদ্ধে ৩ হমাৰক ন্যায় বৰ্হিভূত হত্যাৰ অভিযোগঃ নিৰপেক্ষ তদন্তৰ আহ্বান...
Published on
Updated on

ডিজিটেল ডেস্কঃ অসম-মিজোৰাম সীমান্তৰ ভূৱন পাহাৰত সংঘটিত হোৱা কাছাৰ আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত তিনি সন্ত্ৰাসবাদী নিহত হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি বিতৰ্কৰ সূচনা হৈছে। মণিপুৰৰ Hmar Inpui নামৰ সংগঠনটোৱে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে বুধবাৰে নিশা সংঘটিত হোৱা এই এনকাউণ্টাৰৰ ঘটনাক ভুৱা আখ্যা দিছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত সংগঠনটোৱে লিখিছে "হামাৰ ইনপুই অসম আৰক্ষীৰ তিনিজন হমাৰ্ছ লাললুঙ্গাৱী হমাৰ, লালবিককুং হমাৰ আৰু যিহোচুৱা লালৰিংচানক ১৬ জুলাই, ২০২৪ ত ন্যায়িক-বহিৰ্ভূত হত্যাকাণ্ডৰ সন্দৰ্ভত আশ্চৰ্য আৰু বিস্মিত হৈছে। অসম আৰক্ষীয়ে কাছাৰৰ কাচুধৰম আৰক্ষী থানাৰ অন্তৰ্গত কাবুগঞ্জ-আমজুৰ ৰোডত তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ আছিল।(গ্ৰেপ্তাৰৰ ভিডিঅ' বিভিন্ন সামাজিক মাধ্যমত প্ৰকাশ পাইছে)। গ্ৰেপ্তাৰ হোৱাৰ ২৪ ঘণ্টা অতিক্ৰম কৰাৰ পাছত, তেওঁলোকক শীতল মস্তিষ্কৰে গুলীয়াই তাক অসম আৰক্ষীয়ে এনকাউণ্টাৰ আখ্যা দিছে।''

সংগঠনটোৱে এই ঘটনাক মানৱ অধিকাৰৰ ঘোৰ উলংঘন আখ্যা দিয়াৰ লগতে এয়া অসমত অপৰাধীৰ ন্যায় ব্যৱস্থাৰ কৰুণ প্ৰতিফলন বুলি অভিহিত কৰিছে। বিবৃতিটোত তেওঁলোকে এই ঘটনাক ন্যায়িক-বহিৰ্ভূত বেআইনী হত্যা কাণ্ড বুলি কোৱাৰ লগতে  অমানৱীয়, অপ্ৰয়োজনীয় আৰু অবৈধ বুলি আখ্যা দিছে। এয়া সম্পূৰ্ণৰূপে ৰাজ্যৰ পৃষ্ঠপোষকতাত হোৱা সন্ত্ৰাসবাদ আখ্যা দিছে। বিবৃতিত তেওঁলোকে উদাৰ আৰু অধিকাৰ সন্মানীয় গণতন্ত্ৰত ন্যায় বহিৰ্ভূত হত্যাকাণ্ডৰ কোনো স্থান থাকিব নালাগে বুলিও কৈছে।

হমাৰ ইনপুইৰ মতে, গ্ৰেপ্তাৰ কৰা ব্যক্তি তিনিজনক নিৰপেক্ষ বিচাৰৰ সুযোগ দিয়া হোৱা নাছিল। তেওঁলোকৰ অপৰাধমূলক ৰেকৰ্ডো প্ৰতিষ্ঠা কৰা হোৱা নাছিল। সংগঠনটোৰ মতে অসম আৰক্ষীয়ে তেওঁলোকৰ অমানৱীয় ফাষ্টট্ৰেক আদালতৰ আশ্ৰয় লৈছে আৰু এই ঘটনাই প্ৰমাণ কৰিছে যে অপৰাধীৰ ন্যায় ব্যৱস্থাৰ মৌলিক নীতিৰ প্ৰতি তেওঁলোকৰ কোনো সন্মান নাই।

সংগঠনটোৱে এই বিবৃতিৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰি কয় যে, ''হত্যাকাৰীৰো মৌলিক সাংবিধানিক অধিকাৰ হৈছে জীৱন, জীৱনৰ সুৰক্ষা আৰু ব্যক্তিগত অধিকাৰ। তাৰ পাছতো কোনে অসম আৰক্ষীক এনকাউণ্টাৰৰ দ্বাৰা তাৎক্ষণিক ন্যায় প্ৰদান কৰাৰ ক্ষমতা প্ৰদান কৰিলে? কেতিয়া অসম আৰক্ষীক ন্যায়িক মঞ্চত অভিযুক্তৰ শুনানিৰ উপযুক্ত সুযোগ নিদিয়াকৈ ন্যায়াধীশৰ ভূমিকা গ্ৰহণ কৰাৰ ক্ষমতা দিয়া হৈছিল?''

সংগঠনটোৱে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বিবৃতিৰ জৰিয়তে কেইবাটাও দাবী উত্থাপন কৰিছে। সংগঠনটোৱে এই এনকাউণ্টাৰক ন্যায়বহিৰ্ভূত হত্যাকাণ্ড আখ্যাৰে এই গোচৰৰ তদন্ত কোনো পক্ষপাতিত্ব অবিহনে স্বতন্ত্ৰ দণ্ডাধীশৰ জৰিয়তে কৰোৱাৰ দাবী কৰিছে। যাতে এই নিৰপেক্ষতাই অসমত বাস কৰা অসমৰ থলুৱা হমাৰ লোকসকলৰ বিশ্বাসক সুৰক্ষিত কৰে।

কথিত এনকাউণ্টাৰত জড়িত আৰক্ষী বিষয়াসকলক তাৎক্ষণিকভাৱে পদোন্নতি বা পুৰস্কৃত কৰাৰ পৰা বিৰত থাকিবলৈও চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে। ইয়াৰ পৰিৱৰ্তে এই ঘটনাত জড়িত আৰক্ষী জোৱান আৰু বিষয়াসকলৰ বিৰুদ্ধে তৎক্ষণাৎ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰি নিলম্বন কৰিব লাগে বুলি কৈছে।

ইয়াৰোপৰি তেওঁলোকৰ দাবী অসম আৰক্ষীৰ দ্বাৰা ক্ষমতাৰ অপব্যৱহাৰ তৎক্ষণাৎ বন্ধ কৰিব লাগে আৰু অসম চৰকাৰে ন্যায়বহিৰ্ভূত হত্যাকাণ্ডৰ ভুক্তভোগীসকলৰ নিকটাত্মীয়ক ন্যায়সঙ্গতভাৱে ক্ষতিপূৰণ প্ৰদান কৰিব লাগে।

অসম আৰক্ষীৰ বিৰুদ্ধে ৩ হমাৰক ন্যায় বৰ্হিভূত হত্যাৰ অভিযোগঃ নিৰপেক্ষ তদন্তৰ আহ্বান...
BTR লৈ ৪০১.৫০ কোটি, কৰ্কট হাস্পতালৰ বাবে ২০০ কোটি টকা মোকলাই দিলে কেবিনেটে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in