ডিজিটেল সংবাদ, চিৰাং : অসম আৰক্ষীৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (ক্ৰীড়া) আনন্দ মিশ্ৰৰ নেতৃত্বত ৰবিবাৰে ধুবুৰীৰ জিলাৰ পৰা যাত্ৰা আৰম্ভ কৰি কোকৰাঝাৰ আৰু বঙাইগাঁও জিলা হৈ আজি প্ৰতিকূল বতৰৰ মাজতে "জাতীয় সংহতি মটৰচাইকেল ৰেলী" কাজলগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয়। তাৰ পিছত চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰানজিত বৰাই উষ্ম আঁদৰণি জনায় আৰু প্ৰট'কল অনুযায়ী অসম আৰক্ষীৰ পতাকা বিনিময় কৰে ।
আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সভাকক্ষত এখনি আঁদৰণি সভা অনুষ্ঠিত হয় । সোমবাৰে সভাত চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, ১৫৬ চিআৰপিএফ বেটেলিয়ানৰ কমান্ডেণ্ড ওমপ্ৰকাশ টকাচ, নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ নেতৃত্ববৰ্গ, জেষ্ঠ্য নাগৰিক সন্থা, গাওঁৰক্ষী বাহিনীৰ লগতে অন্যান্য দল সংগঠনৰ পৰা "জাতীয় সংহতি মটৰচাইকেল ৰেলী" ৰ নেতৃত্ব বহন কৰা আনন্দ মিশ্ৰৰ লগতে দলৰ সদস্য সকলক ফুলাম গামোছা আৰু আৰ'নাই ৰে আঁদৰণি জনায় ।
আজি প্ৰতিকূল বতৰৰ কাৰণে অসম আৰক্ষীৰ মটৰচাইকেল যাত্ৰাত প্ৰভাৱ পৰিব নেকি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত আনন্দ মিশ্ৰই কয় যে প্ৰতিকূল বতৰৰ কাৰণে অসম আৰক্ষীৰ কেতিয়াবা থমকিছে নেকি ! বতৰ যি হয় হব , আনকি ধুমুহা তুফান আহিলেও অসম আৰক্ষীৰ এই পতাকা উচ্চ স্থানতে থাকিব আৰু আমি এনেধৰেই অসম আৰক্ষীৰ পতাকা বহন কৰি গৈয়েই থাকিব বুলি মন্তব্য কৰে । পৰবৰ্তী সময়ত প্ৰতিকূল বতৰৰ মাজতে "জাতীয় সংহতি মটৰচাইকেল ৰেলী" খন চিৰাঙৰ পৰা বৰপেটা জিলা অভিমুখে পুনৰ যাত্ৰা আৰম্ভ কৰে ।
আৰু পঢ়ক: মূল্যবৃদ্ধি, কৰ্মসংস্থাপনৰ অভাৱ! দেশত বৃদ্ধি নিবনুৱাৰ সংখ্যা…