ডিডিটেল ডেস্ক : নিৰীক্ষণত থাকিব ৰাজ্যৰ সকলো থানা। এইবাৰ ৰাজ্যৰ ৩৩২খন থানাত CCTV সংস্থাপনৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। এই তথ্য আদালতক জনালে ৰাজ্য চৰকাৰে।
ৰাজ্যৰ আন আন চৰকাৰী বিভাগসমূহৰ দৰে প্ৰশাসনিক বিভাগটোও এইবাৰ বিভাগীয় কৰ্তৃপক্ষৰ নিৰীক্ষণত থাকিব। বিগত সময়তেই লোৱা এই সিদ্ধান্ত অনুসৰি ইতিমধ্যেই প্রথম পৰ্যায়ত ১০০খন থানাত আৰু দ্বিতীয় পৰ্যায়ত ২৭২খন থানাত সংস্থাপিত কৰা হৈছিল CCTV। আনহাতে বাকী ৫খন থানাত দুই এদিনতে সংস্থাপিত হ'ব CCTV।
সকলো থানাৰ ফুটেজ প্রত্যক্ষ কৰাৰ বাবে এই বিশেষ পদক্ষেপ। উল্লেখ্য আৰক্ষী সদৰত স্থাপন হ’ব মূল ছাৰ্ভাৰ। মূল ছাৰ্ভাৰৰ পৰাই নিৰীক্ষণ কৰা হ'ব এই CCTV সমূহ।
Also Read: সৰ্তকবাণী: ক্ৰমাৎ বৃদ্ধি কপিলী নদীৰ জলপৃষ্ঠ, বহু পৰিয়াললৈ ভাবুকি...