এনকাউন্টাৰঃ আলফা(স্বা)ত যোগদান কৰিবলৈ যোৱা ৩ যুৱকলৈ আৰক্ষীৰ গুলী...

এনকাউন্টাৰঃ আলফা(স্বা)ত যোগদান কৰিবলৈ যোৱা ৩ যুৱকলৈ আৰক্ষীৰ গুলী...

author-image
Asomiya Pratidin
New Update
এনকাউন্টাৰঃ আলফা(স্বা)ত যোগদান কৰিবলৈ যোৱা ৩ যুৱকলৈ আৰক্ষীৰ গুলী...

ডিজিটেল ডেস্কঃ পুনৰ ফুটিল আৰক্ষীৰ গুলী। তিনি যুৱকলৈ লক্ষ্য কৰি তিনিচুকীয়া আৰক্ষীৰ গুলীচালনা। দেওবাৰে কাকপথাৰ ডিৰাক অঞ্চলত ঘটনা সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত তিনিওজন যুৱকক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত।

আলফা (স্বাঃ)লৈ যোগদান কৰিবলৈ যোৱাৰ অভিযোগত যুৱককেইজনক গুলীয়াই আৰক্ষীয়ে। গুলীবিদ্ধ কেইজন শদিয়াৰ স্কুল চাৰিআলিৰ বিশ্বনাথ বুঢ়াগোহাঁই, নিজৰাপাৰাৰ মনোজ বুঢ়াগোহাঁই আৰু মিলন নগৰৰ নবীন নেওগ।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং আৰু আলফা স্বাধীনৰ মাজত হৈ থকা বাক্ যুদ্ধ মাজতে সংঘটিত হৈছে এই ঘটনা। বিগত কেইটামান দিনত জিপি সিঙক আলফা(স্বা)য়ে প্ৰত্যাহ্বান জনাই অহাৰ বিপৰীতে সঞ্চালক প্ৰধানগৰাকীও প্ৰত্যুত্তৰ দি আহিছিল। জিপি সিঙে কৈছিল যে কোনোলোকে যদি ছচিয়েল মিডিয়াত আলফা(স্বা)ৰ সমৰ্থনত পোষ্ট কৰে বা মন্তব্য কৰে তেন্তে তেনেলোককো গ্ৰেপ্তাৰ কৰা হ'ব। ইয়াৰ পাছতে গ্ৰেপ্তাৰো হৈছিল যুৱক।

আনহাতে আলফা(স্বা)ৰ সদস্য হোৱাৰ সন্দেহত অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বহু কেইজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল। পৰৱৰ্তী সময়ত তাৰ স্পষ্টীকৰণ দি আলফা(স্বা)য়ে কৈছিল যে সেই যুৱক কেইজনৰ সংগঠনৰ কোনো সম্পৰ্ক নাই। তাৰ পাছতে আজি পুনৰ সংঘটিত হৈছে এনকাউন্টাৰৰ ঘটনা।

Also Read: চলিত বৰ্ষত ২ কোটি পৰ্যটকে ভ্ৰমণ কৰিছে কাশ্মীৰ...

Assam police ulfa i