DSP লাভলীনাৰ বিশ্বজয়ত সুখী অসম আৰক্ষীঃ উপহাৰ হিচাপে আগবঢ়াব এটা ফ্লেট...

DSP লাভলীনাৰ বিশ্বজয়ত সুখী অসম আৰক্ষীঃ উপহাৰ হিচাপে আগবঢ়াব এটা ফ্লেট...
DSP লাভলীনাৰ বিশ্বজয়ত সুখী অসম আৰক্ষীঃ উপহাৰ হিচাপে আগবঢ়াব এটা ফ্লেট...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিশ্বচেম্পিয়ন, অলিম্পিক মেডেলিষ্ট লাভলীনা বৰগোহাঁইলৈ অসম আৰক্ষী উপহাৰ। বক্সাৰগৰাকীলৈ অসম আৰক্ষীৰ ফালৰ পৰা গুৱহাটীত এটা ফ্লেট উপহাৰ হিচাপে প্ৰদান কৰা হ’ব।

আজি অসম আৰক্ষীয়ে লাভলীনা বৰগোহাঁইক বিশ্বজয়ৰ বাবে অভিনন্দন জনোৱা এক কাৰ্যসূচীত এই কথা ঘোষণা কৰা হৈছে। উল্লেখ্য যে, লাভলীনা বৰগোহাঁইয়ে ইতিহাস সৃষ্টি অসমৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে অলিম্পিকত পদক জয়ৰ পিছতে অসম চৰকাৰে তেওঁক ৰাজ্যিক ক্ৰীড়া নীতি অনুসৰিয়েই ডি এছ পি পদত নিযুক্তি প্ৰদান কৰিছিল।

ডি এছ পি লাভলীনাই শেহতীয়াকৈ সদ্য সমাপ্ত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ৬৫ খন দেশৰ খেলুৱৈৰ ভিতৰত শ্ৰেষ্ঠত্ব অৰ্জন কৰি চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হোৱাৰ সুৱাদতে আজি অসম আৰক্ষীয়ে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে লাভলীনালৈ গুৱাহাটীত এটা ফ্লেট উপহাৰ হিচাপে আগবঢ়াব বুলিও প্ৰকাশ কৰে।

অনুষ্ঠানত লাভলীনা বৰগোহাঁয়ে অসম আৰক্ষীক তেওঁলোকৰ এই বদ্যনতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে লাভলীনাই খেলৰ বাবেই অসম আৰক্ষীক সময় দিব পৰা নাই বুলিও উল্লেখ কৰে।

খুব কম সময়তে অসম আৰক্ষীয়ে তেওঁক বহুখিনি কথাই শিকাইছে বুলিও কয়। অসম আৰক্ষীৰ দেৰগাঁওস্থিত প্ৰশিক্ষণ কেন্দ্ৰত তেওঁ লোৱা প্ৰশিক্ষণে সময়ৰ সৈতে খোজ দিবলৈ শিকাইছে বুলিও উল্লেখ কৰিছে।

DSP লাভলীনাৰ বিশ্বজয়ত সুখী অসম আৰক্ষীঃ উপহাৰ হিচাপে আগবঢ়াব এটা ফ্লেট...
আঘাতৰ সমস্যাত ভূগি আছে ধোনীঃ বেন ষ্টোকছ হ'ব নেকি CSK ৰ অধিনায়ক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in