শীৰ্ষ পদাধিকাৰীৰ দুই লগুৱা ভাতৃক নিযুক্তিৰে স্বাৰ্থ পূৰণত ব্যস্ত আৰক্ষী নিযুক্তি ব'ৰ্ডৰ সচিবৰ...

শীৰ্ষ পদাধিকাৰীৰ দুই লগুৱা ভাতৃক নিযুক্তিৰে স্বাৰ্থ পূৰণত ব্যস্ত আৰক্ষী নিযুক্তি বৰ্ডৰ সচিবৰ...
শীৰ্ষ পদাধিকাৰীৰ দুই লগুৱা ভাতৃক নিযুক্তিৰে স্বাৰ্থ পূৰণত ব্যস্ত আৰক্ষী নিযুক্তি বৰ্ডৰ সচিবৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ ভিতৰচৰাত সংঘটিত হৈ থকা কিছু কৰ্মকাণ্ডই আৰক্ষী বিভাগৰে সচেতন লোকৰ চকু কপালত তুলিছে। বহিঃ ৰাজ্যৰ পৰা অহা একাংশ আই পি এছ বিষয়াই ক্ষমতাৰ অপব্যৱহাৰেৰে তেওঁলোকৰ লিগিৰা লিকছৌক নিযুক্তি দিছে আৰক্ষী বিভাগত।

অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান পৰ্যায়ৰ এগৰাকী শীৰ্ষ বিষয়াৰ ব্যক্তিগত গাড়ী চালক আৰু সহায়কাৰী হিচাপে আছিল দুই যুৱক। গোবিন্দ কুমাৰ সিং আৰু গৌৰৱ কুমাৰ সিং।

এই ভাতৃদ্বয়ক শেহতীয়াকৈ অসম আৰক্ষীত ৰান্ধনীৰ চাকৰিত মকৰল কৰাই দুয়োকে নিজৰ ঘৰত কৰ্তব্যত ৰাখিছে এই শীৰ্ষ বিষয়াগৰাকীয়ে। উল্লেখযোগ্য যে, অসম আৰক্ষীৰ ৰাজ্যিক নিযুক্তি ব'ৰ্ডৰ সচিব হিচাপে আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া প্ৰতীক থুবেয়ে শীৰ্ষ বিষয়াগৰাকীক সন্তুষ্ট কৰি নিজৰ স্বাৰ্থসিদ্ধি কৰাৰ উদ্দেশ্যে এই দুই যুৱকক নিযুক্তি প্ৰদান কৰিছে ৰান্ধনীৰ পদত।

ইয়াৰ ফলত উক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে পুৰস্কাৰ স্বৰূপে লাভ কৰিছে মহানগৰীৰ ভাৰপ্ৰাপ্ত যুটীয়া আৰক্ষী আয়ুক্তৰ দায়িত্ব। নিয়মমতে এই পদবীত ডি আই জি পৰ্যায়ৰ বিষয়াহে নিযুক্তি দিব লাগে যদিও শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ আশীৰ্বাদৰ বাবে সেই অসম্ভৱো সম্ভৱ হৈ পৰিছে।

বৰ্তমান থুবে উপাধিৰ এই বিষয়াগৰাকী দুয়োটা পদতে কাৰ্যনিৰ্বাহ কৰি আছে। অসম আৰক্ষীৰ ভিতৰচৰাত এচাম উচ্চ পদস্থ বিষয়াৰ ইচ্ছাই এতিয়া নিয়ম হৈ পৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেলে ইতিমধ্যে তথ্যসহকাৰে দাঙি ধৰিছিল কেনেদৰে খোদ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ বদলিৰ নিৰ্দেশো অতি কৌশলেৰে কাৰ্যকৰী কৰাৰ পৰা এচাম বিষয়া বিৰত আছে।

উচ্চপদস্থ বিষয়াসকলৰ কৃপাধন্য হৈ ৭ বছৰ একে ঠাইতে একেপদতে কাৰ্যনিৰ্বাহ কৰা পৰিদৰ্শক পৰ্যায়ৰ কেইবাজনো বিষয়াই মনা নাই আৰক্ষী সঞ্চালক প্ৰধনৰে নিৰ্দেশ। এতিয়া অসম আৰক্ষীত এনে পৰিস্থিতি বিৰাজ কৰিছে যে, বিভাগটোৰ উচ্চ পদস্থ বিষয়াসকলক কেন্দ্ৰ কৰি গঢ়লৈ উঠিছে কেইবাটাও সমান্তৰাল প্ৰশাসন।

গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ অধীনস্থ অসম আৰক্ষী এতিয়া একাংশ শীৰ্ষ পদাধিকাৰীৰ ক্ষমতাৰ যুঁজৰ বাবে নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱাৰ উপক্ৰম ঘটিছে। আৰক্ষী বাহিনীটো উচ্চ পদাধিকাৰীৰ পৰা তলৰ পৰ্যায়লৈকে বিভাজিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিক ভাৱে হস্তক্ষেপ নকৰিলে পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকাই দেখা দিছে।

শীৰ্ষ পদাধিকাৰীৰ দুই লগুৱা ভাতৃক নিযুক্তিৰে স্বাৰ্থ পূৰণত ব্যস্ত আৰক্ষী নিযুক্তি বৰ্ডৰ সচিবৰ...
প্ৰায় ২ কোটি টকাৰ চোৰাং কাঠ জব্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in