লামডিঙত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

লামডিঙত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

author-image
Asomiya Pratidin
New Update
লামডিঙত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

ডিজিটেল সংবাদ,লামডিঙঃ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ডিমাহাচাও জিলাৰ হাফলঙত শুকুৰবাৰে সাংগঠনিক অনুষ্ঠান শেষ কৰি শনিবাৰে লামডিঙত উপস্থিত হয়। সভাপতিগৰাকীয়ে আহিয়েই হোজাই জিলাৰ কংগ্ৰেছ কমিটিৰ বাসগৃহত উপস্থিত হয় ৷

জানিব পৰা মতে, ইয়াৰ পাছতেই জিলা কংগ্ৰেছ কমিটি সভাপতি বিশ্বজিৎ ৰায় চৌধুৰী ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে ৷ ইয়াৰোপৰি লামডিং কংগ্ৰেছকৰ্মীসকলকলৈ সাংগাঠনিক আলোচনা কৰে।

আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত সভাপতিগৰাকীয়ে মন্তব্য কৰে যে, ৩টা পৰ্যায়ত ৰণনীতি কৌশল অব্লম্বন কৰিব। দিল্লীৰ নিৰ্দেশ মতে বিজেপিক উৎখাত কৰা হ'ব।

ইয়াৰোপৰি অসমৰ মূল সমস্যা বানপানী,গৰাখহনীয়া,নিবনুৱা সমস্যা, দীৰ্ঘদিনীয়া ৬ জনজাতিৰ সমস্যা, সাধাৰণ জনতাৰ ওপৰচ মূল্যবৃদ্ধিৰ লগতে বিদ্যুৎ মাছুলক লৈ প্ৰতিক্ৰিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সভাপতি বৰাই ৷ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈ সন্দৰ্ভত কয় যে, আজি-কালি সাংসদগৰাকীক লামডিঙবাসী ৰাইজে নেদেখা হোৱাৰ পথত ৷

Also Read: শীতল পানীয় চুৰিৰ অপৰাধত শিশুক অত্যাচাৰ

Assam Pradesh Congress Commitee bhupen bora