ডিজিটেল সংবাদ চিৰাংঃ আগন্তুক জুন মাহত বিদ্যালয়খনত অনুষ্ঠিত হ'ব গুণোৎসৱ । কিন্তু যোৱা এমাহ ধৰি বিদ্যালয় খনত শিক্ষক শিক্ষয়ত্ৰী সকলে নিয়মিত পাঠদান কৰিব পৰা নাই । বিদ্যালয় খনৰ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীত ছাত্ৰ-ছাত্ৰী সকল শ্ৰেণীকোঠাত নেথাকে । তেওঁলোকে শ্ৰেণীকোঠাত পাঠগ্ৰহণ নকৰি অধিকাংশ সময়েই শ্ৰেণীকোঠাৰ বাহিৰত সময় অতিবাহিত কৰে ।
আশ্চৰ্য্যজনক কথা যে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়ত্ৰী সকলেও অনুৰূপ ভাৱে উপায়বিহীন হৈ জিৰণী কোঠালীৰ বাহিৰত বহি থাকিব লগা হৈছে । বিগত এমাহ ধৰি বিদ্যালয়খনৰ এই সমস্যাৰ কথা শিক্ষা বিভাগৰ উৰ্ধতন কতৃপক্ষক অৱগত কৰা হৈছে কিন্তু তাৰ পিছতো কোনো ফল দিয়া নাই ।
যাৰ ফলত এক জটিল সমস্যাৰ সন্মুখীন হৈছে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী । এই অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ ভিতৰত গুণগত শিক্ষাৰ দিশত পিছুৱাই থকা জিলা হিচাপে চিহ্নিত চিৰাং জিলাৰ বামুনগাঁও হাইস্কুলত ।
বিদ্যালয় খনৰ প্ৰধান শিক্ষক অনিল মুছাহাৰীয়ে জানিবলৈ দিয়া মতে, চলিত বৰ্ষৰ ১৬ এপ্ৰিল তাৰিখে প্ৰচণ্ড শিলাবৃষ্টিৰ হৈ এই বামুনগাঁও হাইস্কুলৰ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীকোঠাৰ লগতে প্ৰধান শিক্ষকৰ কোঠালী, শিক্ষকৰ জিৰণী কোঠাটিৰ টিনৰ মুধচ সম্পূৰ্ণ চালনিৰ দৰে হৈ পৰিছিল ।
ফলত এজাক বৰষুণ আহিলে শ্ৰেণীকোঠাৰ লগতে অন্যান্য কোঠালীত পানী সোমাই যায় । ছাত্ৰ-ছাত্ৰী সকলৰ কিতাপ পত্ৰ, বেগ আদি বৰষুণৰ পানীত তিতি যায় । পৰিস্থিতি এনেকুৱা হয় যে, শ্ৰেণীকোঠাৰ ভিতৰতে ছাত্ৰ-ছাত্ৰী সকলে ছাতি মেলি লৈ নিজৰ কিতাপপত্ৰ বৰষুণৰ পানীৰ পৰা ৰক্ষা কৰিব লগাত পৰে।
অনুৰূপ স্থিতি প্ৰধান শিক্ষকৰ কোঠালী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ জিৰণি কোঠালীৰ । আকৌ প্ৰখৰ ৰ'দ উঠিলে চালনিৰ দৰে হৈ পৰা মুধচেদি সূৰ্য্যৰ পোহৰ প্ৰৱেশ কৰে, ফলত গৰমত ছাত্ৰ-ছাত্ৰী সকলে শ্ৰেণীকোঠাত থাকিব নোৱাৰি বাধ্য হৈ শ্ৰেণীকোঠাৰ পৰা বাহিৰলৈ ওলাই আহে ।
এনেকৈয়ে বিগত এমাহ ধৰি এই বামুনগাঁও হাইস্কুলত পাঠদান প্ৰক্ৰিয়া চলি আছে । এই সন্দৰ্ভত বিভাগীয় কতৃপক্ষই কোনো ধৰনৰ পদক্ষেপ আজিলৈকে গ্ৰহণ কৰা নাই । যি বিষয়টো লৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক লগতে কৰ্মৰত শিক্ষক, শিক্ষয়ত্ৰী সকলেও অসন্তুষ্ট হৈ পৰিছে ।
কাৰণ শিলাবৃষ্টি হোৱাৰ পিছদিনাই স্কুল কৰ্তৃপক্ষই বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়, উপায়ুক্ত কাৰ্যালয়ত অৱগত কৰিছিল । বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা আজিলৈকে কোনো ব্যবস্থাই গ্ৰহণ নকৰিলে কিন্তু উপায়ুক্ত মহোদয়ে অস্থায়ী ভাবে হলেও সমস্যাৰ সমাধান কৰিবলৈ প্লাষ্টিকৰ ত্ৰিপাল যোগান ধৰাৰ কৰা কৈছিল কিন্তু আজিলৈকে সেই ত্ৰিপাল বিদ্যালয়ত আহি নেপালে ।
বিদ্যালয়ৰ এই দুৰবস্থাৰ কথা বিটিচিৰ স্থানীয় পাৰিষদ ছাউৰাইগ্ৰা বসুমতাৰীক লিখিত ভাৱে জনোৱা হৈছিল, সেই মৰ্মে পাৰিষদ গৰাকীয়ে বিষয়টো বিটিচি প্ৰধান প্ৰমোদ বড়োৰ দৃষ্টি আকৰ্ষণ কৰিছে কিন্তু বিটিচি প্ৰশাসনৰ পৰাও আজিলকৈ কোনো গুৰুত্ব আৰোপ কৰা নাই বুলি প্ৰধান শিক্ষকজনে জানিবলৈ দিয়ে ।
বিগত দুটা বছৰত কোভিড পৰিস্থিতিৰ কাৰণে গুণগত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী সকলৰ সন্মুখত পুনৰ নতুন এই সমস্যাৰ বাবে পাঠগ্ৰহণ কৰাৰ বঞ্চিত হ'ব লগা হৈছে । তেনেক্ষেত্ৰত আগন্তুক মাহত অনুষ্ঠিত হ'ব লগা গুণোৎসৱত কেনেকৈ অংশগ্ৰহণ কৰিব তাকে লৈ শিক্ষক, শিক্ষয়িত্ৰী সকলে চিন্তিত হৈ পৰিছে ।
যাৰ কাৰণে বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক সকলে শিক্ষা বিভাগৰ উৰ্দ্ধতন কতৃপক্ষ তথা বিটিচি প্ৰশাসনে যাতে বামুনগাঁও হাইস্কুলৰ এই ভুক্তভোগী ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা ভবিষ্যতৰ কথা চিন্তা কৰি অতি সোনকালে এই সমস্যা দুৰ কৰি উপকৃত কৰাৰ আহ্বান জনাইছে।