অসমত বাল্য বিবাহ হ্ৰাস পালে ৮১ শতাংশ পৰ্যন্ত...

''টুৱৰ্ডচ জাষ্টিছ:এণ্ডিং চাইল্ড মেৰেজ "শীৰ্ষক এক প্ৰতিবেদনত প্ৰকাশ এই তথ্য
অসমত বাল্য বিবাহ হ্ৰাস পালে ৮১ শতাংশ পৰ্যন্ত...
অসমত বাল্য বিবাহ হ্ৰাস পালে ৮১ শতাংশ পৰ্যন্ত...
Published on
Updated on

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ন্যায়ৰ বাবে বিশ্ব দিৱসত মুকলি কৰা ''টুৱৰ্ডচ জাষ্টিছ:এণ্ডিং চাইল্ড মেৰেজ "শীৰ্ষক এক প্ৰতিবেদন অনুসৰি অসম চৰকাৰে বাল্য বিবাহৰ ক্ষেত্ৰত আইনীভাৱে জড়িত হোৱাৰ ওপৰত দিয়া গুৰুত্ব এতিয়া দেশৰ বাকী অংশৰ বাবে অনুসৰণ কৰাৰ এক আদৰ্শ হিচাপে প্ৰমাণিত হৈছে। প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০২১-২২আৰু ২০২৩-২৪চনৰ ভিতৰত অসমৰ ২০খন জিলাত বাল্য বিবাহৰ ঘটনা ৮১ শতাংশ হ্ৰাস পাইছে, যি বাল্য বিবাহ সমাপ্ত কৰাৰ ক্ষেত্ৰত ন্যায়পালিকাৰ ভূমিকাৰ স্পষ্ট প্ৰমাণ।

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ প্ৰিয়াংক কানুনগো আৰু শিশু বিবাহ মুক্ত ভাৰত (চি.এম.এফ.আই) ৰ প্ৰতিষ্ঠাপক আৰু বিশিষ্ট শিশু অধিকাৰ কৰ্মী ভুৱান ৰিভুৰ উপস্থিতিত বাল্য বিবাহৰ পৰা উদ্ধাৰ হোৱা লোকসকলৰ দ্বাৰা ভাৰত শিশু সুৰক্ষা (আই.চি.পি) ৰ প্ৰতিবেদন মুকলি কৰা হৈছিল।

মুঠ ২১ লাখ জনসংখ্যা আৰু ৮ লাখ শিশু জনসংখ্যা থকা অসমৰ ২০ খন জিলাসমূহৰ ১১৩২খন গাঁও আৰু এন.চি,আৰ.বিৰ পৰা সংগ্ৰহ কৰা তথ্যত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত ৰাজ্যখনত ইয়াৰ ৩০ শতাংশ গাঁৱত বাল্য বিবাহ সম্পূৰ্ণৰূপে নিৰ্মূল হোৱা দেখা গৈছে। আনহাতে ৪০ শতাংশ পৰ্যন্ত এসময়ৰ বাল্য বিবাহৰ প্ৰথা উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে।

তদুপৰি, প্ৰতিবেদনখনত কোৱা হৈছে, "২০খন জিলাৰ ভিতৰত ১২ খন জিলাত, ৯০ শতাংশতকৈও অধিক লোকে বিশ্বাস কৰে যে বাল্য বিবাহ সম্পৰ্কীয় গোচৰত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰা আৰুএজাহাৰ দাখিল কৰাৰ দৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিলে এনে ঘটনাসমূহৰ কাৰ্যকৰীভাৱে সমাধান কৰিব পাৰি"।

তদুপৰি প্ৰতিবেদনত বাল্য বিবাহৰ অন্ত পেলোৱাৰ বাবে সমগ্ৰ দেশতে আইনী ব্যৱস্থাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰা হৈছে। ২০২২ চনত আদালতত বিচাৰৰ বাবে তালিকাভুক্ত মুঠ ৩৫৬৩টা বাল্য বিবাহৰ গোচৰৰ ভিতৰত মাত্ৰ ১৮১ টা গোচৰ সফলতাৰে সমাপ্ত হৈছিল। যাৰ ৯২ শতাংশ গোচৰ বিচাৰাধীনতাৰ হাৰ দেখুৱাইছিল। প্ৰতিবেদনত কোৱা হৈছে যে দেশখনে বৰ্তমানৰ বিচাৰ সম্পূৰ্ণ হোৱাৰ হাৰত ৩৩৬৫টা বিচাৰাধীন গোচৰৰ নিষ্পত্তি কৰিবলৈ ১৯বছৰ সময় লাগিব পাৰে।

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ প্ৰিয়াংক কানুনগোৱে কয়, "ভাৰত প্ৰতিটো অৰ্থত এক প্ৰকৃত বিশ্ব নেতা হোৱাৰ পথত আগবাঢ়িছে। এই মহান ৰাষ্ট্ৰৰ ভৱিষ্যত ধৰি ৰখা শিশুসকলক সমৃদ্ধ, সংৰক্ষণ আৰু সুৰক্ষিত কৰাৰ প্ৰয়োজন আৰু এই চৰকাৰে এই লক্ষ্যত উপনীত হ 'বলৈ কোনো প্ৰয়াস এৰি দিয়া নাই। নিশ্চিতভাৱে বিচাৰ প্ৰক্ৰিয়া হৈছে শিশুৰ বিৰুদ্ধে এই অপৰাধ বন্ধ কৰাৰ মূল চাবিকাঠি, বাল্য বিবাহ সমাপ্ত কৰাৰ অসম আৰ্হিয়ে দেশক আগবাঢ়ি যোৱাৰ পথ দেখুৱাইছে। এই প্ৰতিবেদন এক গুৰুত্বপূৰ্ণ সময়ত আহিছে আৰু আমি ইয়াক ভালদৰে আৰু সাৱধানে পঢ়িম যে ইয়াৰ অনুসন্ধানবোৰে আমাক কেনেদৰে কাম কৰাত আৰু বাল্য বিবাহৰ বিষয়টো বুজাত সহায় কৰিব পাৰে”।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিশিষ্ট শিশু অধিকাৰ কৰ্মী তথা বাল্য বিবাহ মুক্ত ভাৰতৰ প্ৰতিষ্ঠাপক ভুৱন ৰিভুৱে মন্তব্য কৰে, " অসমে দেখুৱাইছে যে বাল্য বিবাহ প্ৰতিৰোধ সৃষ্টি কৰাৰ বাবে আইনী ব্যৱস্থা গ্ৰহণ কৰাটোৱেই হৈছে সৰ্বশ্ৰেষ্ঠ জনসচেতনতা বাৰ্তা, আজি ৯৮ শতাংশ লোকে বিশ্বাস কৰে যে বিচাৰ প্ৰক্ৰিয়া হৈছে বাল্য বিবাহৰ সমাপ্তিৰ মূল চাবিকাঠি। এই বাৰ্তা অসমৰ পৰা গৈ সমগ্ৰ ভাৰত বৰ্ষত পৰিসৰত বিয়পিব লাগিব যাতে এখন বাল্য বিবাহমুক্ত ভাৰত গঢ়িব পাৰে।

প্ৰতিবেদনখনত উল্লেখ কৰা দুটা গুৰুত্বপূৰ্ণ পৰামৰ্শ হ’ল বিচাৰাধীন গোচৰসমূহ নিষ্পত্তি কৰিবলৈ ফাষ্ট ট্ৰেক আদালত গঠন কৰা আৰু দ্বিতীয়তে এই অপৰাধত জড়িত যিকোনো ব্যক্তি, পিতৃ-মাতৃ, অভিভাৱক বা পঞ্চায়তসমূহক ধৰ্ষণৰ অপৰাধমূলক ষড়যন্ত্ৰৰ সমতুল্য হিচাপে গণ্য কৰা উচিত আৰু শাস্তি দুগুণ কৰা উচিত।

বাল্য বিবাহ মুক্ত ভাৰত, যাৰ আই. চি. পি. এটা অংশ, ২০২২চনত আৰম্ভ হোৱা এখন দেশজোৰা প্ৰচাৰ অভিযান আৰু বৰ্তমান ভুৱন ৰিভুৰ সৰ্বাধিক বিক্ৰী হোৱা ৱেন চিল্ড্ৰেন হেভ চিল্ড্ৰেন: টিপিং পইণ্ট টু ইণ্ড মেৰেজ' ত উল্লেখ কৰা কাৰ্য্য পৰিকল্পনা অনুসৰি সমগ্ৰ দেশতে প্ৰায় ২০০ টা বেচৰকাৰী সংস্থাই কাম কৰি আছে। চি. এম. এফ. আই.-ৰ দ্বাৰা ব্যৱহৃত প্ৰাথমিক সঁজুলিসমূহৰ ভিতৰত আছে পৰিয়াল আৰু সম্প্ৰদায়ৰ আইনী হস্তক্ষেপ আৰু পৰামৰ্শ।

চি. এম. এফ. আই.-ৰ অংশীদাৰসকলে আইনী পদক্ষেপ প্ৰয়োগ কৰি ২০২৩-২৪চনত ১৪১৩৭টা বাল্য বিবাহ সফলতাৰে প্ৰতিহত কৰিছিল আৰু পঞ্চায়তৰ সহায়ত ৫৯৩৬৪টা বাল্য বিবাহ প্ৰতিহতকৰিছিল। প্ৰতিবেদনখনে শিশু সুৰক্ষা পদক্ষেপৰ সৈতে জড়িত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ কাৰ্যকৰী আৰু বেচৰকাৰী সংগঠনৰ কৰ্মীকে ধৰি মুখ্য অংশীদাৰসকলৰ সৈতে জড়িত হৈ গাওঁ পৰ্যায়ত প্ৰাথমিক তথ্য সংগ্ৰহ কৰিছিলআৰু ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য Survey-Vআৰু ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ডছ ব্যুৰোৰ দৰে চৰকাৰী উৎসৰ পৰা গৌণ তথ্য সংগ্ৰহ কৰা হৈছিল।

অসমত বাল্য বিবাহ হ্ৰাস পালে ৮১ শতাংশ পৰ্যন্ত...
পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি মাজুলীৰ পুৰণিবাৰীত উত্তপ্ত পৰিস্থিতিঃ ৰাইজৰ পথ অৱৰোধ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in