মুখ্যমন্ত্ৰীলৈ চিঠি লিখি বিজেপি নেতাৰ আত্মহত্যা: সম্পূৰ্ণ চিঠিখন

মুখ্যমন্ত্ৰীলৈ চিঠি লিখি বিজেপি নেতাৰ আত্মহত্যা: সম্পূৰ্ণ চিঠিখন

author-image
asomiyapratidin
New Update
মুখ্যমন্ত্ৰীলৈ চিঠি লিখি বিজেপি নেতাৰ আত্মহত্যা: সম্পূৰ্ণ চিঠিখন

এগৰাকী মহিলা আৰক্ষীকে ধৰি মুঠ ৬ গৰাকী লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আত্মহত্যা কৰে এগৰাকী বিজেপি নেতাই। অভিযোগ অনুসৰি, তেওঁৰ কোনো ফটো ভাইৰেল কৰাৰ ভাবুকি দি কেইবাবছৰ ধৰি ব্লেকমেইল কৰি আহিছিল আটাইকেইজনে। অৱশেষত আত্মহত্যাৰ পথ বাছি লয় বিজেপি নেতা গৰাকীয়ে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন…

" মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই শ্ৰী কাৰ্তিক চন্দ্ৰ কৰ্মকাৰ গোলকগঞ্জ টাউন মণ্ডলৰ কোষাধক্ষ্য।

মই আজি ৪ বছৰৰ পৰা মানসিক চাপত ভুগি আছো।গোলকগঞ্জ থানাৰ এজনী লেডিচ পুলিচ মোৰ দোকানত এদিন আহিলে আৰু মোক ক'লে দাদা মোক তিনি লাখ টকাৰ প্ৰয়োজন, মই আপোনাক বেংকৰ বহী আৰু এটিএম কাৰ্ডখন দিম। আপুনি মাহে মাহে মোৰ চেলাৰীৰ টকা খিনি উঠাই ল'ব।মই ক'লো মোৰ লগত টকা নাই মই দিব নোৱাৰিম।

 পিছত এদিন আহি মোক ক'লে ৰাক্কু তাতেৰ কৈছে আপুনি এটিএম ৰাখি টকা দিয়ে, মোকো দিয়ক মই আপোনাৰ টকা সময়মতে পৰিশোধ কৰিম।মই ক'লো মোৰ লগত এতিয়া টকা নাই। গোলকগঞ্জ থানাৰ পিছফালে এখন চাহৰ দোকান আছিল মই তাতে মাজে মাজে চাহ খাবলৈ যাঁও।কেইদিনমান পিছত,  তাতে পুলিত জনীক লগ পালো মোক ক'লে দাদা আহক মোৰ ৰুমত চাহ খাই আহিব। মই খাব খোজা নাছিলো বাৰে বাৰে কোৱাত মই ৰুমত গ'লো।চাহ খালো, হঠাতে পুলিচজনী সাবতি ধৰিলে আৰু শাৰীৰীক সম্পৰ্ক কৰিব জোৰ জবৰদস্তি কৰি আছে।মই অমান্তি হোৱাত তাই ক'লে যদি নকৰে মানুহ মাতি আনিম বুলি কোৱাত মই ভয় খালো।তেতিয়া তাই মোৰ চাৰ্ট পেন্ট খুলি ফটো এটা মাৰিলে। মই ক'লো এইটো কি কৰিলা, কয় যোৱা এতিয়া একো নহয়।

তাৰ কেইদিনমান পিছত মোক দুলাল ৰায় আৰু ৰাক্কু তাতেৰ ফোন কৰি কয় তোমাৰ এটা ফটো পোৱা গৈছে তুমি আমাক লগ কৰা। তেতিয়া মই লগ কৰিলো তেতিয়া মোক ক'লে তুমি ৫ লাখ টকা দিব লাগিব নহ'লে ফটো ফেচবুকত আপলোড কৰিম।বহু কাকূতি মিনতি কৰাৰ পিছত ৩ লাখ টকা দি মান্তি কৰালো।সেই টকা পুলিচ অঞ্জু নেওগ, দুলাল ৰায় আৰু ৰাজ্জু তাতেৰ ভগাই লয়।

তাৰ পিছত আৰু কোনো কথা নাই।১ বছৰ পিছত  আকৌ আৰম্ভ কৰিলে ব্লেকমেইল। মোক মাতি নি কয় তুমি আৰু টকা দিব লাগিব। মই ক'লো মোৰ লগত টকা নাই মই টকা দিব নোৱাৰিম। তেতিয়া দুলাল ৰায়ে কলে ৰাক্কুৰ পৰা ইন্টাৰেষ্ট লৈ দিয়া নহ'লে নহ'ব। মই মোৰ মান সন্মানৰ ফালে চাই কলো যে ঠিক আছে মই ২ লাখ টকা দিম, পিছত দিলো দুই লাখ টকা।

এইবাৰ জানুৱাৰী মাহত মোক মাতিলে ।দুলাল ৰায়ে মাতি ক'লে তুমি ইলেকচন খেলিবা নেকি, মই ক'লো খেলিম।তেতিয়া তেওঁ ক'লে ভালে হ'ব খেলা। তাৰ কেইদিনমান পিছত দেবানন ঠাকুৰ, কানু ভট্ট আৰু দুলাল ৰায় ৰাতি মই দোকান বন্ধ কৰি ঘৰ গৈ আছো তেতিয়া লগ পাই ক'লে ইলেকচন খেলিবা বুলি শুনা পালো।মই ক'লো ঠিকেই শুনিছে তেতিয়া মোক দেবানন ঠাকুৰে ক'লে আমাৰ লগত বহিব লাগিব। মই ক'লো কিয় তেতিয়া তিনিওজনে ক'লে  আমাক ২০ লাখ টকা দিবা নহ'লে তোমাৰ ফটো ভাইৰেল কৰা হ'ব।

তাৰ পিছত মই মানসিকভাৱে ভাগি পৰো।কিন্তু সিহঁতে এইটো নামানিলে, দিবই লাগিব।পিছত মই ৫ লাখ টকা দিলো আৰু হাত-ভৰি ধৰি ক'লো মই আৰু দিব নোৱাৰিম।ক'লে হ'ব ।কেইদিনমান পিছত ক'লে বাছি থকা টকা খিনি দিয়া, মই ক'লো দিব নোৱাৰিম। আজি ৩ দিন হ'ল মই খোৱা-বোৱা কৰা নাই। সেইবাবে মই এই সিদ্ধআন্ত বাছি ল'লো।নহ'লে এনেকৈ মই আৰু সিহঁতক কিমান দিম টকা দি থাকিম।সেয়ে মই বাছি থকাতকৈ মৰি যোৱা ভাল হ'ব বুলি ভাৱি ললো।

মোৰ মৃত্যুৰ বাবে দায়ী- ১ দুলাল ৰায়

২)ৰাক্কু তাতেৰ

৩) অঞ্জু নেওঁগ

৪) কানু ভট্ট

৫) দেবানন ঠাকুৰ

৬) সুশান্ত কুমাৰ মণ্ডল।

এই দোষী কেইজনক কঠোৰ শাস্তি দিলে মোৰ আত্মাই শান্তি পাব। এইখিনিয়ে মোৰ মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ প্ৰাৰ্থনা।"

এই চুইচাইড নোট লিখিয়েই আত্মহ্ত্যা কৰে বিজেপি নেতা তথা গোলকগঞ্জৰ ব্যৱসায়ী কাৰ্তিক কৰ্মকাৰে। মঙলবাৰে পুৱতি নিশা গোলকগঞ্জৰ এখন বিদ্যালয়ত চিপ লোৱা অৱস্থআত উদ্ধাৰ হয় বিজেপি নেতা গৰাকীৰ মৃতদেহ।আত্মহত্যাৰ পথ বাছি লোৱা কাৰ্তিক কৰ্মকাৰ গোলকগঞ্জ টাউন বিজেপিৰ কোষাধাক্ষ্য হিচাপে দায়িত্ব পালন কৰি আছিল।

এই ঘটনাৰ পিছতেই এতিয়া ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।নেতা গৰাকীৰ আত্মহত্যাক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে। পৰিয়ালে উচিত তদন্তৰ দাবী কৰিছে।

বিজেপি নেতা তথা আৰক্ষী বিষয়াক অভিযুক্ত সজাই আত্মহত্যা কৰাৰ ঘটনাৰ পিছত এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা হাতত ল'ব সেয়া হ'ব লক্ষ্যণীয়।

assam himanta biswa sarma bjp suicide case suicide note