মাঘৰ বিহুত ঘোষণা হ'ব অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা...

মাঘৰ বিহুত ঘোষণা হ'ব অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা...
মাঘৰ বিহুত ঘোষণা হ'ব অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা...
Published on
Updated on

ডিজিটেল ডেস্কঃ সমাগত মাঘৰ বিহু। মাঘৰ বিহুতেই এইবাৰ ৰাজ্য চৰকাৰে ঘোষণা কৰিব অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভৰ বঁটা। ইতিমধ্যে এই বঁটাৰ বাবে তালিকা প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে।

দেওবাৰে নিশা এক সংবাদ মেল সম্বোধন কৰি ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিবলৈ গৈ এই কথা সদৰি কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ইয়াৰোপৰি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত, ২২ জানুৱাৰীত অসমত ড্ৰাই ডে' ঘোষণা কৰা হৈছে। অসম কেবিনেটত এই সন্দৰ্ভত গ্ৰহণ কৰা হৈছে সিদ্ধান্ত।

ইয়াৰোপৰি কেবিনেটত লোৱা সিদ্ধান্তসমূহৰ ভিতৰত আছে মিছিং, ৰাভা, তিৱা জনগোষ্ঠীৰ পাৰিষদক সাংবিধানিক মৰ্যাদাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ অনুমোদন পঠিওৱাৰ প্ৰস্তাৱ। মুখ্যমন্ত্ৰীৰ ‘উদ্যমিতা’ নামৰ এখন আঁচনি ৰূপায়ণৰো সিদ্ধান্ত।

এই আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাক প্ৰাৰম্ভিকভাৱে ১০ হাজাৰ, দ্বিতীয় পৰ্য্যায়ত ২৫ হাজাৰ টকা প্ৰদান কৰা হ’ব। পৰৱৰ্তী সময়ত তৃতীয় পৰ্যায়ত ৫০ হাজাৰ টকাৰ ঋণ প্ৰদান কৰা হ’ব।

এই আঁচনিৰ জৰিয়তে ২৫ হাজাৰ টকাত ১২ হাজাৰ টকা ৰাজ সাহাৰ্য্য লাভ কৰিব আৰু ৫০ হাজাৰ টকাৰ ঋণৰ সকলো সুত ৰাজ্য চৰকাৰে বহন কৰিব। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৩৯ লাখ মহিলা লাভাম্বিত হ’ব বুলি সদৰি কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।আগন্তুক ১৬ জানুৱাৰীৰ পৰা এই আঁচনিৰ প্ৰ-পত্ৰ প্ৰদান কৰা হ’ব। এমাহৰ ভিতৰত প্ৰ-পত্ৰ সংগ্ৰহ কৰি জমা দিব লাগিব মহিলা আত্মসহায়ক গোটসমূহে।

মাঘৰ বিহুত ঘোষণা হ'ব অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা...
কাজিৰঙাৰ এনিমেল কৰিডৰত হোটেল, ৰিজ'ৰ্ট নিৰ্মাণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in