ডিজিটেল সংবাদ, চিৰাং: বুধবাৰে চিৰাং জিলাৰ ঢালিগাঁৱৰ বৰতালোৱাৰ পৰা তিনিজন যুৱকে চাইকেল লৈ জম্মু কাশ্মীৰৰ লাডাখ লৈ এক দুঃসাহসিক চাইকেল যাত্ৰা আৰম্ভ কৰে ।
যুৱক তিনিজন ক্ৰমে চিৰাঙৰ ছাতিপুৰৰ পৰা আব্দুল মান্নান, বৰপেটা জিলাৰ বালাপাৰাৰ মিনহাজ আলী আৰু ৰকিবুল ইচলাম । তিনিওজন চাইকেল আৰোহীয়ে পৃথক পৃথক সজাগতামূলক বাৰ্তা লৈ এই চাইকেল যাত্ৰা আৰম্ভ কৰিছে ।
"শ্লো ড্ৰাইভ লং লাইফ", ছেভ নেচাৰ – ছেভ ৱাটাৰ আৰু চেভ নেচাৰ – চেভ লাইফ" । এক বিশেষ বাৰ্তা লৈ চিৰাঙৰ পৰা লাডাখলৈ লৈ বিপদসংকুল তথা দুঃসাহসিক চাইকেল যাত্ৰা প্ৰাৰম্ভ কৰাৰ প্ৰাকমুহূৰ্তত তিনিওজন যুৱকক ঢালিগাঁও বৰতালোৱাৰ স্থানীয় লোক সকলে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নিৰাপদ যাত্ৰাৰ কামনা কৰে ।