শুকুৰবাৰে শুভমুক্তি লাভ কৰিব এন কে প্ৰডাকচনৰ ‘দ্য শ্লেমবুক’য়ে...

বুধবাৰে মহানগৰীস্থিত অনুৰাধা চিত্ৰগৃহত নতুন অসমীয়া চলচ্চিত্ৰ ‘দ্য শ্লেমবুক’ৰ প্ৰিমিয়াৰ শ্ব' অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
শুকুৰবাৰে শুভমুক্তি লাভ কৰিব এন কে প্ৰডাকচনৰ ‘দ্য শ্লেমবুক’য়ে...

ডিজিটেল সংবাদ, গুৱাহাটী : বুধবাৰে মহানগৰীস্থিত অনুৰাধা চিত্ৰগৃহত নতুন অসমীয়া চলচ্চিত্ৰ ‘দ্য শ্লেমবুক’ৰ প্ৰিমিয়াৰ শ্ব' অনুষ্ঠিত হয়। শুকুৰবাৰে অসমৰ সকলো চিত্ৰগৃহতে মুক্তিলাভ কৰিব ছবিখনে ৷ এন কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত হৈছে ছবিখন।

আনহাতে ১৯৮৩ চনত জন্মলাভ কৰা অসমৰ প্ৰডাকচন হাউচ এন কে প্ৰডাকচনে গৰকিলে ৪০ টা বসন্ত ৷ চল্লিশবছৰীয়া এই মধুৰ ক্ষণত প্ৰডাকচন হাউচটোৱে প্ৰত্যেকবাৰৰ দৰেই এইবাৰো দুগৰাকী নৱাগত অভিনেতা-অভিনেত্ৰীৰে অসমৰ ৰাইজক উপহাৰ দিবলৈ ওলাইছে ‘দ্য শ্লেমবুক’ৰ জৰিয়তে ৷ অসমীয়া সাংস্কৃতিক জগতখনিত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থকা অসমৰ আগশাৰীৰ প্ৰডাকচন হাউচৰ স্বত্বাধীকাৰী তথা প্ৰযোজক দেৱ বৰকটকীয়ে প্ৰযোজনা কৰিছে ছবিখনি৷

ছবিখনৰ কাহিনী-পৰিচালনা প্ৰাঞ্জল গৈয়াৰীৰ ৷ আনহাতে চিত্ৰনাট্য-সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ ৷ ‘যৌৱনৰ জপনা খোলোঁতেই বুকুত যেতিয়া প্ৰেমে বুৰবুৰণি দিবলৈ আৰম্ভ কৰে, ঠিক তেতিয়াই এহাল যুৱক-যুৱতীৰ মিলন হয় ৷ প্ৰেমৰ পথাৰত তেতিয়াই যেন ফুলি উঠে হেজাৰ হেজাৰ ৰজনীগন্ধা ৷ চৌদিশে বিয়পি পৰে ভালপোৱাৰ সুবাস ৷ কিন্তু হেজাৰ চেষ্টা কৰিলেও আপেক্ষিক এই ভালপোৱাৰ মাজতেই আহি পৰে বিচ্চেদৰ বহুতো কেঁকুৰী ৷ দিশহাৰা হয় প্ৰেম ৷ অকালতে মৰহি পৰে প্ৰতিশ্ৰুতিৰ প্ৰতিটো গোলাপৰ কলি ৷ কিন্তু প্ৰথম প্ৰেমৰ হৃদয় কঁপোৱা সেই উন্মাদনাক জানো পাহৰিব পাৰে কোনোবাই? ভয় নাই, শংকা নাই, প্ৰেমৰ বাবে যাব পাৰো বাটকুৰি বাই ৷ তেজে তুমৰলি কোমল কলিজাটো লৈ হেজাৰ কাঁইটকো নেওচি যেন লৈ আনিব পাৰে প্ৰথম প্ৰেমৰ ৰাধাচূড়া ৷ প্ৰাপ্তিৰ হেজাৰ বসন্তৰ সুবাস বিলাই ভালপোৱা সোমাই পৰে দুবাহুত ৷ কিন্তু কেতিয়াবা নিৰাশ বৰষুণৰ টোপালবোৰ লগ হয় দুচকুত ৷ বিৰহৰ তপত চকুলোৱে কোনদিশে ধাৱিত কৰিব পাৰে জীৱন নদী?’ –ঠিক এনে এক কাহিনীৰ আধাৰতেই ৰচনা কৰা হৈছে চিত্ৰনাট্যভাগ ৷

ৰেড এপিক আৰু ৰেড এম এ’ কেমেৰাৰে ছবিখনিৰ দৃশ্যগ্ৰহণ কৰিছে জ্ঞান গৌতমে ৷ আনহাতে মুখ্য সহকাৰী পৰিচালক সপ্তঋষি গৌতম, ৰূপসজ্জা কাম্‌ছীৰ, কৰিঅ’গ্ৰাফাৰ– দীপক দে আৰু উদয় শংকৰৰ ৷ ‘দ্য শ্লেমবুক’ৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে– নিৰূপম শইকীয়া, বিভূতি ভূষণ হাজৰিকা, ৰূপম বৰুৱা, শ্ৰেষ্ঠা চৌধুৰী, পুনম লহকৰ, সীদ্ধাৰ্থ মূখাৰ্জী, কাকলি সন্দিকৈ, প্ৰিয়ংকা বৰুৱা, ৰাজ দত্ত, চিন্ময় বৰগোহাঁইৰ লগতে বহুতো ন-পুৰণি অভিনয় শিল্পীয়ে ৷ জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা ‘দ্য শ্লেমবুক’ত সন্নিৱিষ্ট হৈছে চাৰিটিকৈ গীত ৷ জুবিন গাৰ্গ, দিগন্ত ভৰতী, শশাংক সমীৰ আৰু ৰাহুল গৌতম শৰ্মাই ৰচনা কৰা গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, ৰুহিত সোণাৰ, প্ৰবীণ বৰা, অৰুন্ধতী ভানুপ্ৰিয়া আৰু মানস বৰাই৷ ইতিমধ্যে ছবিখনিৰ চাৰিওটি গীতে ব্যাপত সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে৷

Also Read: কৃত্ৰিম বানৰ কবলত মুম্বাই; গছ পৰি নিহত...

assamese movie