কবিতা ১৪৬/ প্ৰেমৰ আঙুলি

ভীৰৰ মাজত হেৰাই যোৱাৰ ভয়ত/তোমাকেই সাৱটি ল'লো,/তুমি উমানেই নাপালা!

author-image
Asomiya Pratidin
New Update
কবিতা ১২৯/ অনুভৱী মন

কবিতা

দিপাংক শ‌ইকীয়া

ভীৰৰ মাজত হেৰাই যোৱাৰ ভয়ত

তোমাকেই সাৱটি ল'লো,

তুমি উমানেই নাপালা!

ভীৰৰ মাজত নিজৰ মাত

নিজে নুশুনা হ‌ওতে

তোমাকেই শুনাই থ'লো

ক'ব লগাবোৰ।

জানো তুমি কি বুজিলা?

সময় সলনিৰ সময়বোৰত

ভীৰৰ মাজত নিজক হেৰুৱাৰ ভয়ত

উভতি আহিছো আকৌ তোমালৈয়ে;

শব্দহীন বাকহীন বৰ্ণহীন আবেলিত

উভতি আহিছো তোমালৈয়ে;

ভীৰৰ মাজত হেৰুৱাৰ ভয়ত

বিচাৰি ফুৰিছো

তোমাৰ হাতখন

আঙুলি এটা,

উভতি যাবলৈ

উদঙ পথাৰৰ মাজলৈ

স্মৃতিৰ গাত খান্দিবলৈ।

কলপাতত জীৱন পোন কৰিবলৈ ৰাতিপুৱাটো আই

পিতায়ে উপহাৰ দিছিল

অকৰা মৈত উঠি দমৰাৰ নেজ পকালো;

একে কোবে ভীৰৰ মাজ পালোহি

ভীৰৰ মাজত নিজক হেৰুৱাৰ ভয়ত।

এই মাত্ৰ তোমাৰ আঙুলিত ধৰিছো;

লৈ যোৱা লৈ যোৱা মোক

জয়াল দুপৰীয়াৰ দ' পিতনিৰ পৰা,

পৰীক্ষাৰ সময়ত উত্তৰ বহী

জমা দিব নোৱাৰা,

কলম হেৰুওৱা,

সপোনে ঘোটে ঘোটে পানী খুওৱা,

ৰাতিত তিতি,

ৰ'দত শুকাই,

হেৰাব নোখোজা মই ইচকুলীয়া ল'ৰা।

মোক লৈ যোৱা লৈ যোৱা।

আৰু পঢ়ক: কবিতা ১৪৫/ সভ্যতাৰ সন্ত্ৰাস

assam poem