ৰাজ্যত বৃদ্ধি পালে ১, ৯০,৭১৭ গৰাকী ভোটাৰ...

ৰাজ্যত বৃদ্ধি পালে ১, ৯০,৭১৭ গৰাকী ভোটাৰ...

author-image
Asomiya Pratidin
New Update
ৰাজ্যত বৃদ্ধি পালে ১, ৯০,৭১৭ গৰাকী ভোটাৰ...

ৰাজ্যত বৃদ্ধি পালে ১, ৯০,৭১৭ গৰাকী ভোটাৰ...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আজি ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে অসমৰ খচৰা ভোটাৰ তালিকা। প্ৰকাশিত এই ফটোযুক্ত খচৰা ভোটাৰ তালিকাত পূৰ্বতকৈ ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে।

বৃদ্ধি পালে ১, ৯০,৭১৭ গৰাকী ভোটাৰ

ৰাজ্যিক নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এই খচৰা তালিকা প্ৰকাশ কৰি কয়, আয়োগে প্রস্তুত কৰা খচৰা তালিকাত ভোটাৰ এক লাখ ৯০ হাজাৰ ৭১৭ গৰাকী বৃদ্ধি হৈছে।

পূর্বে ৰাজ্যত ভোটদাতাৰ সংখ্যা আছিল ২ কোটি ৪১ লাখ ১১ হাজাৰ ৭৪৩ গৰাকী। আজি প্রকাশ পোৱা খচৰা তালিকাত ভোটাৰৰ সংখ্যা দুই কোটি ৪৩ লাখ ২ হাজাৰ ৪৬০ গৰাকীলৈ বৃদ্ধি পাইছে।

ইয়াৰ ভিতৰত ১ কোটি ২২ লাখ ১২ হাজাৰ ৪৮৩ গৰাকী পুৰুষ ভোটাৰ।

বৃদ্ধি কৰা হৈছে ভোটকেন্দ্ৰ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত ৰাজ্যত সমষ্টিৰ সংখ্যাত কোনো পৰিৱৰ্তন হোৱা নাই যদিও কেইবাটাও সমষ্টি বিলুপ্ত হোৱাৰ লগতে নতুন সমষ্টি গঠন কৰা হৈছে। ফলত ভোটকেন্দ্ৰৰো সংখ্যা বৃদ্ধি কৰিবলগীয়া হৈছে।

মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে জনোৱা অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে অসমত ভোটকেন্দ্র আছিল ২৮ হাজাৰ ২০৫টা। কিন্তু এইবাৰ ভোটকেন্দ্ৰ সংখ্যা বৃদ্ধি কৰা হৈছে।

৮ জানুৱাৰীলৈ দাখিল কৰিব পাৰিব ওজৰ-আপত্তি

আজি প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাক লৈ কাৰোবাৰ ওজৰ-আপত্তি থাকিলে বা কাৰোবাৰ নাম নতনুকৈ সংযোজন কৰিব বিচাৰিলে ২০২৪ বৰ্ষৰ জানুৱাৰীৰ ৮ তাৰিখৰ ভিতৰত আৱেদন কৰিব পাৰিব।

এই সন্দর্ভত অহা ১৬, ১৭ ডিচেম্বৰ আৰু ২৩, ২৪ ডিচেম্বৰত বিশেষ অভিযান হাতত ল'ব ৰাজ্যিক নিৰ্বাচন আয়োগে। ইয়াৰ পাছত ৮ ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা।

কামৰূপ মহানগৰ জিলাৰো খচৰা ভোটাৰ তালিকা প্ৰকাশ

আজি কামৰূপ মহানগৰ জিলাৰ দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী মধ্য আৰু জালুকবাৰী বিধানসভা সমষ্টিৰ বাবেও ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। জিলা নির্বাচন বিষয়া সুমিত চাট্টাৱানে এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে এই তালিকাৰ সংক্ষিপ্ত সংশোধনী, নিৰীক্ষণ আদিৰ বাবে উপলব্ধ স্থানসমূহৰ বিষয়ে অৱগত কৰিছে।

তেওঁ জনাইছে, ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী, ২০২৪ৰ লগত সংগতি ৰাখি প্রকাশ কৰা ফটোযুক্ত ভোটাৰ তালিকাখন নিৰীক্ষণৰ বাবে জিলা নির্বাচন বিষয়া, প্রতিটো সমষ্টিৰ ভোটাৰ পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় আৰু ৪২২টা নির্দিষ্ট ভোট কেন্দ্র স্থানত উপলব্ধ হ'ব।

আন আন জিলাতো প্ৰকাশ পাইছে খচৰা ভোটাৰ তালিকা

মৰিগাঁও নির্বাচন জিলাৰ অন্তৰ্গত জাগীৰোড, লাহৰীঘাট আৰু মৰিগাঁও বিধানসভা সমষ্টিৰ বাবে ২০২৪ ৰ ১ জানুৱাৰী ভিত্তি বর্ষ হিচাপে লৈ খচৰা ভোটাৰ তালিকা প্রকাশ কৰা হৈছে। এই খচৰা ভোটাৰ তালিকাখন বিধানসভা সমষ্টি অনুযায়ী সংশ্লিষ্ট নির্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় আৰু বুথ পৰ্যায়ৰ কাৰ্যালয়ত উপলব্ধ হ'ব।

প্ৰকাশিত দৰং জিলাৰ ফটো যুক্ত খচৰা ভোটাৰ তালিকা অনুসৰি জিলাখনত ৭ লাখ ৯ হাজাৰ ২৮৭ গৰাকী ভোটাৰ আছে। বঙাইগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকাও প্ৰকাশ পাইছে।

জিলাখনত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াৰ অংশ হিচাপে অভয়াপুৰী, সৃজনগ্রাম আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ সকলো ভোটগ্রহণ কেন্দ্রত তালিকাখন প্রকাশ কৰা হয়। এই বিশেষ সংক্ষিপ্ত সংশোধনী প্রক্রিয়া অনুসৰি ৯ ডিচেম্বৰৰ পৰা ৮ জানুৱাৰীলৈ নাগৰিকে খচৰা ভোটাৰ তালিকা সন্দৰ্ভত আপত্তি, অভিযোগ দাখিল কৰিব পাৰিব।

Also Read: মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে একালৰ আই পি এছ বিষয়াই...

লোকসভা নিৰ্বাচন নিৰ্বাচন আয়োগ