আজি বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিন...

আজি বিধান সভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিন। প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হ'ব সদনৰ কাম-কাজ

author-image
Asomiya Pratidin
New Update
আজি বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিন...

ডিজিটেল ডেস্ক : আজি বিধান সভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিন। প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হ'ব সদনৰ কাম-কাজ। ৰাজ্যৰ বিভিন্ন সমস্যাক লৈ সদন উত্তপ্ত হোৱাৰ সম্ভাৱনা । আনাহতে, চৰকাৰক শলঠেকত পেলাবলৈও সাজু হৈছে বিৰোধী।

উল্লেখ্য যে ১২ ছেপ্টেম্বৰ, সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধান সভাৰ শৰৎকালীন অধিৱেশন। সোমবাৰেও বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় সদনত উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘৰুৱা সহায়কাৰিক লৈ অচিৰেই চৰকাৰে নতুন আইন আনিব বুলি মন্তব্য কৰে।

১২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ সামৰণি পৰিব ১৯ ছেপ্টেম্বৰত। ৭ দিনীয়াকৈ অনুষ্ঠিত হৈছে এই অধিৱেশন।

assam assembly assam govt