ডিজিটেল ডেস্কঃ অসম পৰ্যটন উন্নয়ন নিগম (এ টি ডি চি) আৰু ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেডে (আই এইচ চি এল) মানস ৰাষ্ট্ৰীয় উদ্যানত আতিথ্য প্ৰকল্প স্থাপনৰ বাবে আজি এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে।৫ ছেপ্তেম্বৰ, সোমবাৰে জনতা ভৱনত পৰ্যটন মন্ত্ৰী জয়ন্ত মাল্লা বৰুৱা, বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু হোটেল কোম্পানীৰ কৰ্তৃপক্ষৰ উপস্থিতিত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।
বুজাবুজি চুক্তিত স্বাক্ষৰ কৰি মন্ত্ৰী জয়ন্ত মাল্লা বৰুৱাই কয় যে- “আগতে মানসলৈ যোৱাৰ আশংকা কৰিছিল কিন্তু এতিয়া পৰ্যটকৰ আগমণ বৃদ্ধি পাইছে। প্ৰমোদ বড়োৱে বহুত কঠোৰ পৰিশ্ৰম কৰিছে। আমি সন্ত্ৰাসবাদক পৰ্যটনলৈ ৰূপান্তৰ কৰাত সফল হৈছো। আজি আমি টাটা গোটৰ সৈতে চুক্তি কৰি হোটেল নিৰ্মাণৰ পৰিকল্পনা কৰিছো। আমি আন্তঃগাঁথনি উন্নত কৰাৰ চেষ্টা কৰিছো যাতে অধিক পৰ্যটক মানসৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে।”
তেওঁ আৰু কৈছিল যে, হোটেলখন ৩.২৫ একৰ ভূমিত নিৰ্মাণ কৰা হ’ব। তাজ গ্ৰুপৰ কোম্পানীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানত এই জিঞ্জাৰ ব্ৰেণ্ডৰ হোটেলখন নিৰ্মাণ কৰিব। হোটেলখন ৭০-৮০ টা কোঠাৰ হ’ব বুলিও তেওঁ কয়। এই হোটেলখনে দেশী আৰু বিদেশী পৰ্যটক দুয়োকে বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।